বোকাখাতত ট্ৰেভেলাৰৰ যাত্ৰীৰ পৰা পিষ্টল উদ্ধাৰ : ধৃত দুজন

a doca

এক গোপন সুত্ৰৰ আধাৰত বোকাখাতআৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত এখন ট্ৰেভেলাৰৰ পৰা পিষ্টলসহ দুজন লোকক আটক কৰে ৷

ডিমাপুৰৰ পৰা নগাওঁৰ মৈৰাবাৰীলৈ বুলি অহা এএছ২৫ ডি চি ১৭৯১ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ খনত তালাচী চলাই বোকাখাত আৰক্ষীয়ে মহমদ আলীহোছেইন আৰু চামচুল খান নামৰ দুজন ব্যক্তিক আটক কৰে৷

ধৃত ব্যক্তি দুজনৰ পৰা এটা পিষ্টলআৰু সজীৱ গুলীসহ দুটা কাৰ্টিজৰ লগতে চাৰিটা ম’বাইল ফোন উদ্ধাৰ কৰে৷

বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত চলা এই অভিযানত ধৃত মহমদ আলী হোছেইন নামৰ ব্যক্তিজনৰ নামত ধিং থানাত ডকাইতিৰ ভালেমান গোচৰ থকা বুলি মহকুমা আৰক্ষীবিষয়া গৰাকীয়ে জনাইছে৷

বিষয়া গৰাকীয়ে জনোৱা মতে ধৃত ব্যক্তি দুজন অহা ট্ৰেভেলাৰখনৰ ভিতৰ ফালে বহি থকা চিটৰ কাষতে গাড়ীখনৰ বডিফালি পিষ্টলটো সোমোৱাই আনিছিল ব্যক্তি দুজনে ৷

পিষ্টলটো ২৫ হেজাৰ টকা দি ডিমাপুৰৰ পৰা কিনি অনা বুলি স্বীকাৰ কৰে মুল অভিযুক্ত মহমদ আলী হোছেইনে ৷

সম্প্ৰতি দুয়োজনকে বোকাখাত আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷

ঘটনা সংক্ৰান্তত এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে অভিযান চলায় আছে বোকাখাত আৰক্ষীয়ে৷