আই পি এলৰ জুৱা : ডিব্ৰুগড়ত বিজেপি নেতাকে ধৰি পাঁচজন আটক

IMG-20190506-WA0003

আৰক্ষীৰ হাতত আটক হোৱা পাঁচজন জুৱাৰী

বিজেপিৰ ডিব্ৰুগড় নগৰ মণ্ডলৰ উপ সভাপতি মিথুন দাসকে ধৰি আন চাৰিগৰাকী লোকক বৰিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে আই পি এলৰ  জুৱাৰ বাবে আটক কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিজেপি নেতা মিথুন দাস জুৱাৰ সমগ্ৰ চক্ৰটোৰ মূল নায়ক। দাসে নলিয়াপুলত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জুৱাৰ চক্ৰটো নিয়ন্ত্ৰণ কৰে।

ডিব্ৰুগড় আৰক্ষী থানাৰ এগৰাকী বিষয়াই এনেদৰে কয় ‘‘আমি মিথুন দাসৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অনলাইন আই পি এলৰ জুৱাৰ চক্ৰটোৰ বিষয়ে জানিব পাৰি দাসৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলাইছিলো আৰু পাঁচগৰাকী লোকক আটক কৰিবলৈ সক্ষম হও’’। আৰক্ষীয়ে লোককেইগৰাকীৰ পৰা পাঁচটা মোবাইল ফোন জব্দ কৰে।

ডিব্ৰুগড় মণ্ডল বিজেপিৰ উপসভাপতি মিথুন দাসক তেওঁৰ চাৰিগৰাকী সহযোগী ত্ৰিদিপ দাস, বাপন ভৌমিক, সুদীপ সৰকাৰ আৰু ৰমেন তালুকদাৰক আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু ডিব্ৰুগড় আৰক্ষী থানাত অসম খেল আৰু জুৱা আইনৰ ১৪ নং ধাৰাৰ আওতাত ভাৰতীয় দণ্ডবিধি ৩৮৪ ধাৰৰ অধীনত এটা গোচৰ পঞ্জীয়ণ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে জুৱাৰ চক্ৰটোৱে উজনি অসমৰ বিভিন্ন ঠাইত অনলাইন যোগে এনেধৰণৰ জুৱা চলাই আছিল আৰু বহু সময়ত এজনে এবাৰত ১ লাখ টকা পৰ্যন্ত জুৱাত বাজি লগাইছিল। আটক কৰা লোককেইগৰাকীক আজি আদালতত হাজিৰ কৰা হয়।

উল্লেখযোগ্য যে, প্ৰতিবছৰ আই পি এলৰ সময়ত উজনি অসমৰ বিভিন্ন হোটেল, ৰেষ্টুৰেণ্টত এনেধৰণৰ জুৱাৰ চক্ৰই লাখ, লাখ টকা উপাৰ্জন কৰি আহিছে।

বৰ্তমান আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অনুসন্ধান চলাই আছে। অবৈধ জুৱাৰ ঘাটিত কোটি কোটি টকাৰ ব্যৱাসায় চলাই আছে যদিও আমাৰ অনুসন্ধান শেষ নোহোৱালৈ আমি ইয়াৰ বিষয়ে বিতংকৈ একো ক’ব নোৱাৰিম বুলি আন এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰে।