আজি ৮ মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস। এই দিৱসটোৰ অন্তৰালতে আছে নাৰীয়ে বিশেষ কিবা এটা নথকা-নোপোৱাৰ দাবীক লৈ কৰা সংকল্প। কিয়নো আজিলৈকে আন্তৰ্জাতিক পুৰুষ দিৱস বুলি দিন এটাৰ কথা আজিলৈকে শুনা নাই। তেখেতসকল সভ্যতা আৰম্ভণিৰে পৰা সকলো দিশতে সমৃদ্ধ। সেয়ে প্ৰাপ্য, অধিকাৰ, ন্যায্যতা এই বোৰৰ শ্ল’গান দিয়াৰো প্ৰয়োজন নাই। কথা হল সমগ্ৰ পৃথিৱীবাসীৰ নাৰী বাবে কিয় প্ৰয়োজন হ’ল এই দিনটো! জীৱনৰ নিৰাপত্তা, স্বাধীনতা সংকটত নাৰী।চাবলৈ গলে পুৰুষ নাৰী পৰস্পৰে পৰিপূৰক, প্ৰকৃতিগতভাৱে একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। তেন্তে কিয় নাৰীসকল শোষিত হ’ল বা নাৰী অৱহেলিত লিংগ বুলি কেতিয়াৰ পৰা বিবেচনা কৰা হ’ল?
এই বিষয়ে জানিবলৈ হ’লে আমি মাৰ্ক্স এঙ্গেলছৰ লিখনি পঢ়িলে বুজিব পাব পাৰো।
আদিপ্ৰস্তৰ যুগত যেতিয়া খাদ্যৰ সন্ধানত নাৰী-পুৰুষ উভয়ে ঘূৰি ফুৰিছিল, তেতিয়া তেওঁ লোকৰ মাজত কোনো লিঙ্গ বৈষম্য নাছিল। মহিলাসকল যেতিয়া ঘৰুৱা কামত, শিশু পালন কৰা কামত গৃহবন্দী হৈছিল তেতিয়া পুৰুষসকলে কৃষি কৰ্মত, চিকাৰৰ কামত, সমাজ আৰু ৰাষ্ট্ৰ গঠনৰ কামত অৰ্থাৎ সমাজ বিকশিত কামত জড়িত হৈছিল। পুৰুষসকলৰ এই কাৰ্যক উচ্চ পৰ্যায়ৰ কাম আৰু নাৰীসকলৰ গৃহস্থালি চম্ভালা কামক নিম্ন পয্যায়ৰ বুলি বৈষম্যমূলকভাৱে মূল্যায়ন কৰা হ’ল।
নাৰীসকল ঘৰুৱা কামত ইমানেই ব্যস্ত থাকিবলগীয়া হল যে বাহিৰৰ জগতৰ লগত সম্পৰ্ক ৰাখিবলৈ সময় নাইকিয়া হল। গতিকে বাহিৰৰ জ্ঞান, আলোচনা, অভিজ্ঞতা সকলো দিশতে ভাগ নোলোৱা এটা পৰিবেশ হল।পুৰুষ সকলেও বাহিৰৰ কামকাজত নাৰীৰ মতামত লবলগীয়া আছে বুলি প্ৰয়োজন এৰাই চলিলে।তেতিয়াৰ পৰাই নাৰী সকলক পুৰুষৰ পদানত ৰাখিলে।নাৰীৰ মন মগজু দেহ একাকাৰ হল।এককথাত কবলৈ গলে পুৰুষৰ চকুত নাৰীৰ কেৱল যৌন সত্তা(sexsual beings)টোহে জী থাকিল অন্তনিৰ্হিত মানৱীয় সত্তাটোৰ(human beings)অন্ধকাৰ পোতাশালত প্ৰক্ষেপিত হল।যাৰবাবে আজি ৮ মাৰ্চ তাৰিখ টো পৃথিৱীৰ সমগ্ৰ নাৰীয়ে সংকল্প লবলগীয়া হল অন্ধকাৰ পোতাশালৰ পৰা মুক্তি পাবলে।
নাৰীক যুগ যুগ ধৰি পুৰুষ তান্ত্ৰিক সমাজে অবজ্ঞা কৰি আহিছে।ধৰ্ম গ্ৰন্থ বোৰত নাৰীক জ্ঞান শূন্য, কামাতুৰ শব্দৰে তুচ্চ-তাচ্ছিল্য কৰিছে।উদাহৰণ স্বৰূপে অসমৰ নৱবৈষ্ণৱ সাহিত্যৰ অনন্ত কন্দলিয়ে “দুৰ্গতিৰ মন্দিৰ জানিবা নাৰী সঙ্গ। হেন জানি তেজিয়ো ইহাৰ যত ৰঙ্গ।” ইত্যাদি ৰে কটুক্তি কৰিছে।মোল্লাবাদ,মনুবাদে নাৰীক সদায় অৱজ্ঞাৰে কায়দা প্ৰস্তুত কৰি আহিছে।যাৰ ফলস্বৰূপে আজিও হিন্দুৰ বহু মন্দিৰ, সত্ৰ আৰু মছজিদত নাৰীৰ প্ৰবেশ নিষিদ্ধ।
বহু তেনেধৰ্মীয় বাদ পুৰুষ সমাজে সৃষ্টি কৰি নাৰীক চাৰিবেৰৰ মাজত পোহনীয়া জন্তুৰ দৰে শিকলি পিন্ধাই ৰাখিছে। পুৰুষ প্ৰধান সমাজত পুৰুষৰ চিন্তাৰ মূল্যবোধকহে আগস্থান দিয়া হয়।পুৰুষ সৃষ্ট নাৰীৰ যি সুন্দৰ ৰূপ অংকন কৰিছে আমাৰ নাৰী সকলেও নিজকে সেই সাঁচত দেখুওৱা বলৈ নিজৰ অস্তিত্বকে বিসৰ্জন দিয়ে সময়ে সময়ে।সীতাই যেনেকৈ নিজৰ সতীত্ব প্ৰমাণ কৰবলৈ জুইত প্ৰবেশ কৰিছিল।আজিও এনে মানসিকতাক আগস্থান দিয়া নাৰী বহুতো আছে।
এতিয়া কথা হল একবিংশ শতিকাত নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়।জ্ঞান, বিজ্ঞান, সাহিত্য, শিল্প, চিকিৎসা, বাণিজ্য, সাংবাদিক, ক্ৰিয়া আনকি ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্ৰতো পুৰুষৰ তুলনাত কোনো গুণে কম নহয়।প্ৰকৃতাৰ্থত মহিলাৰশিক্ষিত হাৰ বাঢ়িছেনে!আমি যদি ভাল দৰে চাওঁ মুষ্টীমেয় নাৰী যদি ও পুৰুষৰ সমানে ফেৰ মাৰিব পৰা হৈছে সৰহ ভাগ মহিলাই অন্ধকাৰত সোমাই আছে।২0১১চনৰ লোকপিয়ল মতে ৰাজ্যত মহিলাৰ সাক্ষৰতা হাৰ .৬৬.২৭%।চহীটো কোনো মতে কৰিব পাৰিলেই সাক্ষৰতা বোলা হয়।
সাক্ষৰ আৰু শিক্ষিতৰ মাজত বিৰাট পাৰ্থক্য আছে।ৰুছ বিপ্লৱৰ মহানায়ক লেনিনে নাৰীক অৰ্ধ আকাশ বুলি কৈছিল।তেখেতৰ মন্তব্যৰ আওতাত এখন দেশৰ মহিলা সকলক মুঠ জনসংখ্যাৰ আধাবুলি ধৰিলওঁ(৫০%)সেই আধা সংখ্যক মনে কামে শিক্ষিত নহয়,সেই দেশ কেনেকৈ প্ৰগতিৰ পথত বুলি কব পাৰিম!(ঘৰৰ চাৰিবেৰত ৰান্ধনী কৰি সন্তান পালন কৰোতে আবদ্ধ, একপ্ৰকাৰ চাবলৈ গলে গৃহবন্দী)।এই আধা জনসংখ্যাৰ অংকৰ মহিলাক দেশৰ অৰ্থনীতি দিশত অৱদান আগবঢ়োৱাত উপযুক্ত নকৰিলে দেশ নিশ্চিত ভাৱে অনগ্ৰসৰ হব।
অন্যহাতে জাতীয় অৰ্থনীতিত নাৰীৰ অংশগ্ৰহণ এটা গুৰুত্বপূৰ্ণ বিষয়।আজিৰ তাৰিখত মহিলা সবলিকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা চৰকাৰী কিছুমান হিতাধিকাৰি আঁচনিৰ তালিকাভুক্ত হলে স্থায়ী উপাৰ্জন ৰ।পথ নুসূচায়।সেয়ে মহিলা সবলিকৰণৰ ক্ষেত্ৰত উপযুক্ত শিক্ষাৰে নিজকে আত্মনিয়োগ কৰিব পৰাকৈ শিক্ষাগত অৰ্হতাৰে পূৰ্ণতা দিব পাৰিলেহে নিজৰ লগতে জাতীয় আয়ৰ কোষলৈ বৰঙণি দিব পাৰিব।
অৰ্থনৈতিক স্বাধীনতা অবিহনে সামাজিক আৰু ৰাজনৈতিক স্বাধীনতা অৰ্থহীন।কাৰণ স্বাধীনতাৰ প্ৰথম খোজটোৱে হল সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা।এই ক্ষমতা কেইগৰাকী মহিলাই আৰ্জিছে নিজৰ ঘৰখনতে?
ঘৰুৱা কামত অৰ্থ উপাৰ্জন নহয় কাৰণে সেই কাম মূল্যহীন বুলি বিবেচিত।সেয়েআজিৰ তাৰিখত আমি গৃহিণী সকলৰ উচিত পাৰিশ্ৰমিক মূল্য নিৰূপন কৰাটো বিচাৰো।মাইকেল এইচ মিল্টন আৰু জিন লিবমেন ব্লক লেখক দ্বয়ে What is a wife Worth নামৰ গ্ৰন্থ খনত উল্লেখ কৰিছে যে “শ্ৰমজীৱি পুৰুষৰ উপাৰ্জন ক্ষমতা পোনপটীয়াকৈ নিৰ্ভৰ কৰে পত্নীৰ অৱদানৰ ওপৰত। ঘৰুৱা কামৰ ভাৰ পত্নীৰ ওপৰত যিমানে বৰ্তায় স্বামী জনে বাহিৰত সিমানে অধিক শ্ৰম কৰি অৰ্থ উপাৰ্জন কৰিব পাৰে।(ভাত পানী ৰন্ধা, খৰি-খেৰ, পানী সংগ্ৰহ কৰা, কাপোৰ কানি ধোৱা, পৰিয়ালৰ সদস্য সকলৰ আৰু ঘৰ দুৱাৰ পৰিচৰ্যা কৰা ইত্যাদি) গতিকে স্বামীৰ উপাৰ্জনৰ এটা অংশ গৃহিণী গৰাকীকো সংগঠিতভাৱে নিজকৈ পাৰিশ্ৰমিক মূল্য দিব লাগে। লিঙ্গভেদে মহিলা শ্ৰমিকক শোষণ কৰি আহিছে। বিশেষভাৱে চাহ-বনুৱা সমাজত মহিলা সকলে পুৰুষৰ আধাহে পাৰিশ্ৰমিক পায়।এই সকল নাৰী বৃটিছ যুগৰ পৰা আজিৰ তাৰিখলৈকে কেউদিশে চূড়ান্ত শোষিত হৈ আহিছে। স্বাভাৱিকতে বাগিচাৰ বনুৱা সকল৫%হে সাক্ষৰ তাতে মহিলাৰ শিক্ষিত হাৰ পুতৌ লগা।ইয়াৰ দুই এক ব্যতিক্ৰম নোহোৱা নহয়।
কিন্তু ব্যতিক্ৰমটোৱে আমাৰ উন্নতি গড় হিচাপ নবঢ়ায়।কাৰণ সামগ্ৰিক উন্নতিহে দেশৰ প্ৰগতি।উদাহৰণ স্বৰূপে১৯৬৬ চনত ইন্দিৰা গান্ধী প্ৰথম বাৰৰ বাবে দেশৰ সৰ্বোচ্চ ক্ষমতাৰ পদবীত অধিষ্ঠিত হৈছিল , কিন্তু আজিৰ তাৰিখতো মহিলাই ৰাজনৈতিক অধিকাৰৰ বাবে(৩৩%আসন বিচাৰি)সংসদত বিধেয় উত্থাপন কৰা দৰে উলমি আছে।যদি ৰাজনৈতিক ক্ষেত্ৰত পুৰুষ সকলৰ দৰে মহিলা সকলৰো সমস্থান থাকিল হেতেন তেতিয়া কোনো সংৰক্ষণ আসন বিচৰা যুক্তি নাথাকিলহেঁতেন।
ৰক্ষণশীল সমাজ খন পিতৃতান্ত্ৰিক সমাজৰ স্বাৰ্থতে নিয়ম নীতি ৰচনা কৰা হয় ।যাৰ ফলশ্ৰুতিত এমুঠি সচেতন নাৰীয়ে নাৰী মুক্তিৰ বাবে ভূমিকা লওতে পদে পদে তথাকথিত প্ৰগতিশীল সমাজ ব্যৱস্থাত লাঞ্চিত হব লগীয়া হৈছে। বিশেষ ভাৱে গাৱঁৰ চুবুৰী বোৰত সৰহসংখ্যক মহিলা প্ৰগতিশীল চিন্তা চৰ্চাত ভোটা হৈ থাকিল।কেইগৰাকীমান মহিলা গোট খালে দেশৰ পৰিস্থিতি(ৰাজনৈতিক/অৰ্থনৈতিক)আলোচনা বা চৰ্চা অন্যহাতে জানিবলৈ ইচ্ছা এইবোৰ কল্পনা অতীত।
কাষৰ ঘৰৰ অপ্ৰীতি, অসূয়া বোৰতে গোটেই জীৱনৰ সময় চোৱা মগজুত ভৰাই শেষ কৰে।অৱশ্যে প্ৰগতিশীল চৰ্চা বোৰৰ পৰিবেশ আমি সচেতন নাৰী সকলে লৈ যাব লাগিব চুবুৰীয়ে চুবুৰীয়ে।বৰ্তমান সময়ত আমাৰ উঠি অহা শিক্ষিত ছোৱালী সকলৰো এই ক্ষেত্ৰত দায়িত্ব যথেষ্ট।কাৰণ ছোৱালী বোৰে(ব্যতিক্ৰম বাদ দি)লগ হলে দেশৰ কথা সমাজৰ পৰিবেশ পৰিস্থিতিৰ কথাবোৰৰ পৰা দূৰৈত অৱস্থান কৰে আৰু ৰঙীন কল্পনা বিলাসী বিষয়বোৰতহে আগস্থান দিয়া দেখা যায়।সেয়ে নাৰী স্বাধীনতা ক্ষেত্ৰত বাস্তৱ যুক্তিৰ থল নথকাকৈ স্বাধীনতাৰ আস্ফালন কৰা যুক্তিকো আমি মানি নলও।নিজৰ স্বাধীনতা, অধিকাৰ কিছু ক্ষেত্ৰত নিজেও খৰ্ব কৰাত অৰিহণা যোগাইছে সেই সকল কল্পণা বিলাসী উচ্চশিক্ষিতাইও।
কাৰণ সামন্তীয় ধ্যান ধাৰণাৰে আবৃত্ত সমাজ খনত সুখী হৈ থকা মানসিকতাক ৰোধ কৰিব নোৱাৰিলে যুগে যুগে পুৰুষৰ পদানত হৈ থকাটো ধ্ৰুৱসত্য। ইয়াত পুৰুষৰ দ্বাৰা নিৰ্যাতিত হোৱা ঘটনাক লৈ আইন আদালত গৈ বা ৰাজপথত চিঞৰিলে সমাধান নহয়।
নাৰী জীৱনৰ আতঙ্ক মাতৃগৰ্ভ ভ্ৰূণ অৱস্থাতে আৰম্ভ হয়,শিশু অৱস্থাত অৱহেলিত হয়, শিক্ষা ক্ষেত্ৰত বঞ্চিত হয়,পুতলা খেলা বয়সতে এতিয়া বিয়া দিয়া পৰম্পৰা নাই যদিও বিয়াৰ বাবেহে কন্যাক ডাঙৰ কৰা হয় বুলি এতিয়াও মানসিকতা আছে, তাৰপাছত যৌতুকৰ বাবে বলি হয় নিতৌ, পদে পদে চোকা খোৰত ভৰি দি খোজ কঢ়াৰ তেজৰ তুমৰুলি পথ এটাত আগবাঢ়ে জীৱন।ধৰ্ষণৰ নিচিনা জঘন্য কামে কেৱল যৌনক্ষুধাকে নিবৃত্ত নকৰে, নাৰীৰ ওপৰত আধিপত্য বিস্তাৰৰ এক আসুৰিক কাৰবাৰ চলে।
এই সকলো বোৰ চালে দেখা যায় পুৰুষ ওপৰহতীয়া সমাজে নাৰীক আত্মসন্মান লৈ পৃথিৱীত বাস কৰিবলৈ অধিকাৰ দিয়া নাই।ম্যানমাৰৰ স্বাধীনমনা গণতান্ত্ৰিক নেত্ৰী আং ছান ছ্যু কীয়ে স্বাধীনতাৰ বিষয়ে লিখিছে ” Freedom From Fear”ত “মোৰ কাৰণে প্ৰকৃত স্বাধীনতা হল ভয়ৰ পৰা স্বাধীনতা আৰু আপুনি যদি ভয়ৰ পৰা মুক্ত হব নোৱাৰে তেনেহলে আপুনি এটা মৰ্যাদা সম্পন্ন জীৱন যাপন কৰিব নোৱাৰে।(For me, real freedom is freedom from fear and unless you can live free from fear you can not live a diginified human life”) নাৰীৰ এই অব্যৱস্থাৰ বাবে সন্মুখত পৰি আছে অনেক আন্দোলন আৰু সংগ্ৰামৰ পথ।