• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

সৰ্বনাশী পাম অইল খেতিক বহনক্ষম অইল খেতি বুলি প্ৰলেপ সনা কাণ্ডৰ তীব্ৰ বিৰোধিতা জীপালৰ

ভাতৃঘাতী সংঘৰ্ষ নমাবলৈও কুন্ঠাবোধ নকৰে মন্ত্ৰী অতুল বৰাই : সোনেশ্বৰ নৰহ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
June 25, 2024 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূৰ্বাঞ্চলক কাল অমানিশালৈ নমাব পৰা সৰ্বনাশী পাম অইল খেতিক যি সময়ত ভাৰতবৰ্ষৰ ১১১ জন বিশেষজ্ঞ তথা বিজ্ঞানী আৰু অৰণ্য মানব যাদৱ পায়েং ডাঙৰীয়াই অনুপযোগী তথা জলস্তৰ, পৰিৱেশ তথা জৈৱবৈচিত্ৰৰ পৰিপন্থী বুলি চিহ্নিত কৰি এই খেতিৰ বিৰোধ কৰিছে ; তেনে সময়ত অসম তথা উত্তৰ-পূবৰ জনতাৰ মত নোলোৱাকৈ অতি কৌশলৰে আৰু গোপনে চিধাচিধি খেতি কৰাৰ প্ৰশিক্ষণ দিয়াৰ কামত অগপ কৰ্মীক নিয়োজিত কৰা ঘটনা আজি জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিয়ে ধৰা পেলাবলৈ সক্ষম হ’ল। তেনে ঘটনা সংঘটিত হৈছে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ দুসূঁতিমুখ পঞ্চায়তত।
আশ্চৰ্যকৰ ঘটনাটো হ’ল একাংশ কেৱল অগপ কৰ্মীক লৈ অনুষ্ঠিত কৰা গোপনীয় প্ৰশিক্ষণক ধৰা পেলাই বাধা আৰোপ কৰা জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিৰ ওপৰত ক্ষুব্ধ হয় অগপৰ পালি নেতা কেইজন।

সৰ্বস্তৰৰ ৰাইজৰ ওপৰত দম্ভালি মাৰি হ’লেও সৰ্বনাশী পাম অইল খেতি কৰি ভাতৃঘাতী সংঘৰ্ষ নমাবলৈও কুন্ঠাবোধ নকৰা অতুল বৰাৰ কাণ্ডক লৈ তীব্ৰ ক্ষোভ উজাৰে জীপালৰ প্ৰতিনিধি বৰ্গই। এই কাণ্ডৰ যোগেদি কৰ্প’ৰেটৰ ধন ঘটা আৰু কেন্দ্ৰীয় চৰকাৰৰ তুষ্টিকৰণেই যে মূল এজেণ্ডা ইয়াত কোনো সন্দেহ নাই। লাগিলে অসমৰ কৃষি ভূমি শেষ হওক, পৰিবেশ তথা জৈৱবৈচিত্ৰ ধ্বংস হওক আৰু ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰি হলেও কৰ্প’ৰেটক ৰঙা দলিচা পাৰি দিব তাত মন্ত্ৰী অতুল বৰাৰ একো আহে নাযায় বুলি তীব্ৰ ক্ষোভ উজাৰে জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে।

সোমবাৰে এক সূত্ৰমতে জানিব পাৰি বিভিন্ন প্ৰান্তৰ পৰা লগ হৈ দিনৰ ১২ বজাত উক্ত স্থান দুসূতিমুখ পঞ্চায়তত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিয়ে
পাম অইল খেতিৰ প্ৰশিক্ষণ কাৰী কৃষি বিভাগৰ কৰ্মীক থলিতেই তীব্ৰ বিৰোধিতা কৰে।

বোকাখাতৰ নৈপৰীয়া অঞ্চলত সৰ্বনাশী পাম অইল খেতিৰ ক্ষেত্ৰত কেৱল ধনৰ প্ৰলোভনক আধাৰ কৰি কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই প্ৰৰোচনামূলক অভিসন্ধিত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।ইতিমধ্যে এই কাণ্ড নিজ চকুৰে প্ৰত্যক্ষ কৰি পূৰ্বৰ সন্দেহ সঁচা প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে সংগঠনটোৱে।

সোমবাৰে ইয়াৰেই অংশ হিচাপেই বোকাখাত বিধান সভা সমষ্টিৰ দুসুঁতিমুখ পঞ্চায়তত NMEO – OP আঁচনিৰ অধীনত তৈল পাম খেতিৰ ওপৰত থলুৱা কৃষকক লৈ ২ দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰাৰ নামত মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগ‌ আৰু Luit Educational Services Pvt. Ltd. নামৰ কোম্পানীটোয়ে উক্ত প্ৰশিক্ষণত পাম অইলৰ ক্ষতি আৰু অপকাৰীতাৰ প্ৰসঙ্গ সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি পৰম্পৰাগত কৃষিতকৈ অধিক উৎপাদন আৰু সহজ বিপনণৰ টোপহে দি আছিল।

উল্লেখযোগ্য যে, ইণ্ডোনেচিয়াকে আদি কৰি বিভিন্ন দেশত এই পাম অইলে মাতি অনা বিৰুপ প্ৰভাৱ আৰু যাদৱ পায়েঙে পাম অইল সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যকো কৌশলৰে সাধাৰণ কৃষকৰ সন্মুখত নাকচ কৰা হ’ল উক্ত প্ৰশিক্ষণত। পাম অইল খেতিৰ কোনো অপকাৰীতা বা ক্ষতিকাৰক দিশ নাই বুলি কৃষকে পৰম্পৰাগত ভাৱে কৰি অহা তামোল, নাৰিকল আনকি বন্ধাকবি খেতিৰ লগত পাম অইল খেতিক তুলনা কৰাৰ দুসাহসত লিপ্ত হ’ল প্ৰশিক্ষক দুগৰাকীয়ে। অৱশ্যে জীপাল কৃষক শ্ৰমিক সংঘৰ সদস্যসকলে উক্ত প্ৰশিক্ষণ শিৱিৰতে দুয়োগৰাকী প্ৰশিক্ষকক পাম অইলৰ ক্ষতিকাৰক দিশসমূহ আঙুলিয়াই দিয়াত “ওপৰ”ৰ নিৰ্দেশত আমি কাম কৰিব লগীয়া হৈছে বুলিও অকপট স্বীকাৰোক্তি দিয়ে প্ৰশিক্ষক দুগৰাকীয়ে। পাছত দুদিনীয়া প্ৰশিক্ষণ শিবিৰ সামৰি প্ৰশিক্ষণ কাৰী দলে অনুষ্ঠান সামৰি উক্ত স্থান ত্যাগ কৰে।

উল্লেখযোগ্য যে প্ৰশিক্ষণটোত উপস্থিত কৃষকক উৎসাহিত কৰিবলৈ চৰকাৰে অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰাৰ কথা উল্লেখ কৰাৰ লগতে গোলাঘাট জিলাত এই দায়িত্ব পতঞ্জলিক দিয়া বুলিও অৱগত কৰে। পতঞ্জলিৰ লগত এই খেতিৰ বাবে কৃষক চুক্তিবদ্ধ হোৱাৰ পাছতেই পাম অইলৰ বিনামূলীয়া পুলি আৰু লাগতীয়াল সকলো সুবিধা প্ৰদান কৰিব পতঞ্জলিয়ে।

পূৰ্বৰ পৰাই অসমত এই পাম অইল খেতিৰ বিৰোধিতা কৰি অহা জীপাল কৃষক শ্ৰমিক সংঘই সোমবাৰৰ পৰাই পাম অইল বিৰোধী প্ৰচাৰ পত্ৰ, বেনাৰ আৰু সজাগতামূলক গীতেৰে দুসুঁতিমুখ অঞ্চলত অব্যাহত ৰাখিছে প্ৰতিৰোধ কাৰ্যসূচী। এই ক্ষেত্ৰত জীপালৰ যুটিয়া সম্পাদক দেৱ পেগুয়ে কয় – “বোকাখাতৰ নৈপৰীয়া অঞ্চল দুসঁতিমুখতো বাদেই দিয়ক মন্ত্ৰী অতুল বৰাই অসমৰ য’তেই পাম অইলৰ খেতি কৰিবলৈ চেষ্টা কৰিব তাতেই জীপালে গঢ়ি তুলিব তীব্ৰ প্ৰতিৰোধ সংগ্ৰাম”।

এই ক্ষেত্ৰত পাম অইলৰ খেতিৰ প্ৰতি অসমৰ কৃষকক প্ৰৰোচিত কৰি কৃষকৰ মাজত এক ভাতৃঘাটি সংঘাত সৃষ্টি কৰিবলৈ ওলোৱা বুলি কৃষি মন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয়, “এই পৰিস্থিতি ভয়াবহ হলে তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ’ব কৃষি মন্ত্ৰী অতুল বৰা”। লগতে ” উত্তৰ পূৰ্বাঞ্চলৰ মনিপুৰ, নাগালেণ্ড, মিজোৰামত পাম অইলৰ খেতি কৰা খেতিয়কে ইতিমধ্যে নিজ হাতেৰে কাটি খাস্তাং কৰিছে। উপলব্ধি কৰিছে পৰিবেশ তন্ত্ৰৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে। ইয়াৰ বিপৰীতে পৰিবেশ তন্ত্ৰ আৰু থলুৱা কৃষিৰ ওপৰত মোক্ষম আঘাট হনা পাম অইলৰ খেতি মন্ত্ৰী অতুল বৰাই কোৱাৰ দৰে বহনক্ষম খেতি হ’বই নোৱাৰে”। “অসমৰ জলস্তৰ, পৰিবেশ তন্ত্ৰক কেৱল শকত ধনৰ লালসাত বনীয়া গোষ্ঠীক চমজাই দি অসমত পাম অইলৰ খেতি কৰিলে অনাগত সময়ত কৃষি মন্ত্ৰী গৰাকী জীপালৰ তীব্ৰ প্ৰতিৰোধ সংগ্ৰামৰ মুখামুখি হ’ব লাগিব বুলিও সকিয়াই দিয়ে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা গৰাকীয়ে। লগতে বিবৃতিৰ যোগেদি সভাপতি হেম ফুকন, যুটীয়া সম্পাদক জেহিৰুদ্দিন আহমেদ , মুখপাত্ৰ প্ৰবীণ পেগু, মণিকংকণা বৰবৰা, সাংগঠনিক সম্পাদক পবিত্ৰ টাইদ আৰু অভি কুটুমে স্পষ্ট কৰি দিয়ে জনতাৰ পথাৰত প্ৰতিৰোধ সংগ্ৰামত নামি পৰিব জীপাল কৃষক শ্ৰমিক সংঘই।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd