আমেৰিকাৰ মন্টানা প্ৰদেশৰ কেলিস্পেল চিটি বিমানবন্দৰত অৱতৰণ কৰি থকা অৱস্থাত এখন বিমান ৰখাই থোৱা কেইবাখনো বিমানত খুন্দা মৰাৰ ফলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।
স্থানীয় সময় অনুসৰি সোমবাৰে (১১ আগষ্ট) বিয়লি অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে চাৰিজন লোক থকা একক ইঞ্জিনৰ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত বিমানখন ৰৈ থকা কেইবাখনো বিমানত খুন্দা মৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। জুই ক্ষীপ্ৰতাৰে ওচৰৰ ঘাঁহনি অঞ্চললৈ বিয়পি পৰে যদিও পিছত নিয়ন্ত্ৰণলৈ অনা হয়।
অৱশ্যে কেলিস্পেলৰ আৰক্ষী অধীক্ষক জৰ্ডান ভেনেজিয়া আৰু আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, কোনো ডাঙৰ হতাহতৰ ঘটনা সংঘটি হোৱা নাই।
কেলিস্পেলৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী জে হেগেনে কয় যে দুৰ্ঘটনাৰ সময়ত যাত্ৰীসকলে নিজেই বিমানখনৰ পৰা নামিবলৈ সক্ষম হৈছিল। ইয়াৰে দুজন সামান্য আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক বিমানবন্দৰত চিকিৎসা প্ৰদান কৰা হয়।
স্থানীয় প্ৰত্যক্ষদৰ্শী তথা ওচৰৰ এখন পানাশালাৰ পৰিচালক ৰন ডেনিয়েলছনে কয় যে তেওঁ দুৰ্ঘটনাটোৰ শব্দ শুনিছিল আৰু কিছু মুহূৰ্তৰ পিছতে আকাশত ডাঠ ক’লা ধোঁৱাই ছানি ধৰা দেখিছিল।
উত্তৰ-পশ্চিম মন্টানাত প্ৰায় ৩০ হাজাৰ লোকৰ বসতিপ্ৰধান কেলিস্পেল চহৰখনৰ দক্ষিণ প্ৰান্তত বিমানবন্দৰটো অৱস্থিত। দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে।