জম্মু আৰু কাশ্মীৰ বিষয়ক ৩৭০ অনুচ্ছেদ বাতিলক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ত

CJI case: Apex court rubbishes report of judges meeting in-house panel

সৰ্বোচ্চ ন্যায়ালয়। ছবি সৌজন্য-- Mint।

জম্মু আৰু কাশ্মীৰৰ সংক্ৰান্তীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ অকাৰ্য্যকৰী কৰি ৰাজ্যখনক ইয়াৰ জনগণৰ কোনো মত অবিহনেই দ্বিখণ্ডিত কৰা বিষয়টো উচ্চতম ন্যায়ালয় পাইছেগৈ।

এম এল শৰ্মা নামৰ এজন ব্যক্তিয়ে এই আৱেদন দাখিল কৰিছে শীৰ্ষ আদালতখনত।

আৱেদনকাৰীয়ে ৩৭০ অনুচ্ছেদ সংবিধানৰ পৰা আঁতৰ কৰাৰ ৰাষ্ট্ৰপতীয় নিৰ্দেশটো অবৈধ বুলি দাবী কৰি ইয়াক প্ৰত্যাহ্বান জনাইছে। এই বাতৰি প্ৰকাশ পাইছে scroll নামৰ ৱেব পৰ্টেলটোত।

৩৭০ অনুচ্ছেদটোৱে জন্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা দি আছিল, যাৰ ভিত্তিত ৰাজ্যখনে সুকীয়া সংবিধান গ্ৰহণৰ সুবিধা পাইছিল আৰু ভাৰতৰ সংসদৰ আইন প্ৰণয়ন ক্ষমতাৰ বাহিৰত থকাৰ ক্ষমতা পাইছিল।

৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী অমিত শ্বাহে উচ্চ সদনত (ৰাজ্যসভা) ঘোষণা কৰে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৩৭০-অৰ অধীনত ৰাষ্ট্ৰপতীয় নিৰ্দেশ (presidential order) জাৰি কৰিছে, (যিটোৱে এই সংক্ৰান্তীয় ১৯৫৪ ৰাষ্ট্ৰপতীয় নিৰ্দেশটোৰ ঠাই ল’ব), যিটোত উল্লেখ কৰা হৈছে যে ভাৰতৰ সংবিধানখনৰ সকলো অনুচ্ছেদ জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৩৭০-অৰ দফা ১ অনুসৰি ৰাষ্ট্ৰপতীয় নিৰ্দেশ জাৰি কৰিব পাৰে, অৱশ্যেই ৰাজ্যখনৰ মন্ত্ৰী পৰিষদ বা সাংবিধানিক সভাৰ সন্মতি সাপেক্ষে।

যদিও ২০১৯ চনৰ ৫ আগষ্টৰ ৰাষ্ট্ৰপতীয় নিৰ্দেশটোত যদিও জন্মু আৰু কাশ্মীৰৰ চৰকাৰৰ সন্মতি সাপেক্ষে (“concurrence of the Government of State of Jammu and Kashmir”) জাৰি কৰা বুলি কোৱা হৈছে, ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিযুক্ত ৰাজ্যপালকহে বুজোৱা হৈছে। কাৰণ এতিয়া ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা ৰাজ্যখনত কোনো চৰকাৰ শাসনত নাই।

আৱেদনকাৰী শৰ্মাই কাইলৈ উচ্চতম ন্যায়ালয়ত বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত শুনানি লোৱাৰ বাবে আৱেদন কৰাৰ সম্ভাৱনা আছে।