• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত পিএম-কিষাণ আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ তদন্ত আৰম্ভ; অকৃষকক ধন ঘূৰোৱাৰ নিৰ্দেশ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 10, 2020 6:24 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

5.7k
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি (পিএম-কিষান) আঁচনিৰ অধীনৰ হিতাধিকাৰী বাছনিক লৈ ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। আৰু এই অভিযোগ তদন্তৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ নিৰ্দেশত মাজুলী জিলাত আঁচনিখনৰ হিতাধিকাৰীৰ নামৰ তালিকা পুণৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা কৃষি বিভাগে।

পিএম-কিষান আঁচনিৰ এই তালিকাত জিলাখনৰ যোগ্য কৃষক হিতাধিকাৰীসকলৰ বাদেও চৰকাৰী চাকৰিয়াল, আৰ্থিক অৱস্থাপন্ন লোক আদিৰ দৰে অযোগ্য হিতাধিকাৰীৰ নামো অন্তৰ্ভুক্ত হৈ থকাৰ অভিযোগ উঠাৰ পাছতে উপায়ুক্ত গৰাকীয়ে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

এই বিষয়ত চৰকাৰৰ নিৰ্দেশানুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দি জিলা প্ৰশাসনে পিএম-কিষান তালিকাত নাম সন্নিবিষ্ট হোৱা চাকৰিয়াল, আৰ্থিক অৱস্থাপন্ন লোক তথা অ-কৃষক হিতাধিকিৰীসকলক ইতিমধ্যে আঁচনিখনৰ অধীনত লাভ কৰা ধন ততালিকে ঘূৰোৱাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে জিলা প্ৰশাসনৰ পৰীক্ষণত ধৰা পৰা অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশাসনে সকীয়নি দিছে।

জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতে ইতিমধ্যে জিলা কৃষি বিভাগে আঁচনিখনৰ অযোগ্য, আৰ্থিক অৱস্থা উন্নত হিতাধিকাৰীসকলক চিনাক্তকৰণত সহায়ক হোৱাকৈ এনে অযোগ্য হিতাধিকাৰীৰ কেতবোৰ বৈশিষ্ট্যও ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিছে।

সেই মতে, প্ৰতিষ্ঠানিক ভূমি থকা কোনো লোকেই প্ৰধান মন্ত্ৰী পিএম-কিষান আঁচনিৰ দ্বাৰা উপকৃত হোৱাৰ যোগ্য নহয়। একেদৰে  যিবোৰ কৃষক পৰিয়ালৰ এজন বা একাধিক সদস্য কোনো সাংবিধানিক পদত বৰ্তমান বা ইতিপূৰ্বে কাৰ্যনিৰ্বাহ কৰিছে, বৰ্তমান বা ইতিপূৰ্বে মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সাংসদ-বিধায়ক বা জিলা পৰিষদৰ সভাপতি পদত আসীন হৈছে, তেওঁলোকেও এই আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰে।

তদুপৰি, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মৰত বা অৱসৰপ্ৰাপ্ত চাকৰিয়াল, স্বায়ত্ব পৰিষদ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা স্থানীয় নিকায়ৰ স্থায়ী কৰ্মচাৰী, মাহে ১০,০০০ টকাতকৈ বেছি পেন্সন লাভ কৰা অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী।

অৱশ্যে কৰ্মৰত বা অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বহুমুখী কাৰ্যত নিয়োজিত কৰ্মী (মাল্টি টাস্ক স্টাফ) এই আঁচনিৰ হিতাধিকাৰী হোৱাৰ যোগ্য হ’ব।

একেদৰে, যোৱা বিত্তীয় বৰ্ষত আয়কৰ পৰিশোধ কৰা লোক, চিকিৎসক, অভিযন্তা, অধিবক্তা, স্থপতিবিদ আদি পঞ্জীয়নভুক্ত পেচাদাৰী লোকো পিএম-কিষানৰ হিতাধিকাৰী হোৱাৰ যোগ্য নহয়।

উল্লেখ্য যে, ভাৰত চৰকাৰে এই আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰি কৃষক পৰিয়ালৰ সংখ্যাই স্বামী, পত্নী আৰু তেওঁলোকৰ ১৮ বছৰ অনুৰ্দ্ধৰ নাবালক সন্তানকহে সামৰি লৈছে।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd