লকডাউনৰ পাছত দেশৰ কৰ’না পৰিস্থিতিক লৈ আজি প্ৰধান মন্ত্ৰীৰ প্ৰথম ‘মন কি বাত’

unnamed

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

দেশৰ কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ দেওবাৰে পুৱা ১১ বজাত প্ৰধান মন্ত্ৰী মোদীৰ ‘মন কি বাত’ সম্প্ৰচাৰ কৰা হ’ব।

শনিবাৰে প্ৰধান মন্ত্ৰীয়ে কৰ’না ভাইৰাছৰ মোকাবিলা কৰাৰ স্বাৰ্থত সাহায্য ও জৰুৰীকালীন পৰিস্থিতিৰ সাহায্য কোষ গঠনৰ কথা ঘোষণা কৰিছিল।

টুইটাৰ যোগে তেওঁ জনাইছিল যে এই সাহায্য কোষে ভৱিষ্যতেও স্বাস্থ্যকৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব।

আজি ‘মন কি বাত’ অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীলৈ সহায় আগবঢ়োৱাৰ বাবে আহ্বান জনাব বুলি অনুমান কৰা হৈছে।

অল ইণ্ডিয়া ৰেডিঅ’ত ‘মন কি বাত’ অনুষ্ঠানটো ২০১৪চনৰ পৰা নিয়মিতভাৱে প্ৰচাৰিত হৈ আহিছে। ইতিমধ্যে ইয়াৰ ৬১ টা খণ্ড সম্প্ৰচাৰিত হৈ গৈছে।

বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাৰ বৰ্তমান পৰিস্থিতিক লৈ আজি প্ৰধান মন্ত্ৰীয়ে বক্তব্য ৰাখিব।

তদুপৰি, স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু কৰ’না বিৰুদ্ধে ভাৰতৰ যুঁজ সম্পৰ্কেও প্ৰধান মন্ত্ৰীয়ে ক’ব বুলি জানিব পৰা গৈছে।

আনহাতে, কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ, আৰক্ষীসকলকো ‘মন কি বাত’ত বিশেষভাৱে ধন্যবাদ জনোৱাৰ সম্ভাৱনা আছে।