কাৰ্গিলত প্ৰধানমন্ত্ৰী মোডী; সেনা জোৱানসকলৰ সৈতে উদযাপন কৰিব দেৱালী

প্ৰতি বছৰে দেৱালীত এই পৰিকল্পনা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই বছৰ তাৰ অন্যথা নহ’ল। এইবাৰো দেশৰ অতন্দ্ৰ প্ৰহৰীসকলৰ সৈতে উদযাপন কৰিব দেৱালী।

যেতিয়াৰ পৰা তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিছে, মোডীয়ে জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰি আহিছে। সেয়ে, এইবাৰো তেওঁ কাৰ্গিল পাইছে। তেওঁ জোৱানসকলক পৰিয়াল বুলি উল্লেখ কৰিছে আৰু কৈছে যে তেওঁলোকৰ সৈতে সময় কটোৱাতকৈ আৰু ভাল দেৱালী  উদযাপন কৰিব নোৱাৰি।

লগতে পঢ়ক: শক্তি বৃদ্ধি কৰি আগবাঢ়িছে ঘূৰ্ণীবতাহ চিত্ৰাং! ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাত ৰেড এলাৰ্ট জাৰি

প্ৰধানমন্ত্ৰী মোডীয়ে সৈনিকসকলৰ সাহসিকতাৰ প্ৰশংসা কৰিছে। তেওঁ কৈছে, “পাকিস্তানৰ সৈতে কেতিয়াও যুদ্ধ হোৱা নাই য’ত কাৰ্গিলে বিজয় দেখা নাই।‘’

সোমবাৰে ৰাতিপুৱা প্ৰধানমন্ত্ৰী মোডীয়ে দেৱালী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। টুইটাৰত সকলোকে শুভেচ্ছা জনাই তেওঁ লিখিছে, “দীপাৱলী পোহৰ আৰু উজ্জ্বলতাৰ সৈতে জড়িত। এই শুভ উৎসৱে আমাৰ জীৱনৰ আনন্দ আৰু কল্যাণ বৃদ্ধি কৰক।” 

লগতে পঢ়ক: সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে; কাৰ অভিযোগ?

উল্লেখ্য যে মোডী কালি অযোধ্যাত উপস্থিত হৈছিল। তেওঁ ৰাম মন্দিৰত প্ৰাৰ্থনা কৰি দীপোৎসৱত অংশগ্ৰহণ কৰিছিল। দেওবাৰে নিশা তাত ১৫ লাখতকৈও অধিক চাকি জ্বলোৱা হৈছিল।