NORTHEAST NOW (Assamese)

‘এক পৃথিৱী, এক স্বাস্থ্য’: জি-৭’ৰ পৰা বিশ্ববাসীক বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

June 13, 2021 10:10 am · এন ই নাও নিউজ

সমগ্ৰ বিশ্বতে কৰ’না সংকট পৰিস্থিতিৰ মাজত জি-৭ সন্মিলনৰ পৰা ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেবল কৰ’না ভাইৰাছেই নহয়, পৰৱৰ্তী সময়ত যিকোনো স্বাস্থ্য সম্বন্ধীয় জৰুৰী পৰিস্থিতিত একেলগে যুঁজ দিয়াৰ বৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

তদুপৰি, ভাৰ্চুৱেল এই বৈঠকৰ পৰা তেওঁ কৰ’না ভেকচিনৰ পেটেন্ট প্ৰত্যাহাৰৰ আহ্বানো জনায়।

প্ৰধানমন্ত্ৰীৰ এই ‘এক পৃথিৱী, এক স্বাস্থ্য’বাৰ্তাক সমৰ্থন জনাইছে জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলা মৰ্কেলে। সেইদৰে, পেটেন্ট প্ৰত্যাহাৰৰ ক্ষেত্ৰতত ভাৰতক সমৰ্থন জনাইছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে।

ইপিনে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেৰ মেকৰনে কয় যে ভেকচিনৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতৰ দৰে বিকাশশীল দেশে পৰ্যাপ্ত পৰিমানৰ কেঁচা মাল দিব লাগিব।

কৰ’না পৰিস্থিতিৰ মাজতে দক্ষিণ-পশ্চিম ইংলেণ্ডৰ কৰ্ণৱালত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে জি-৭’ৰ অন্তৰ্বুক্ত দেশসমূহৰ তিনিদিনীয়া বৈঠক। ভাৰত জি-৭’ৰ অন্তৰ্ভুক্ত নহয় যদিও ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণত অতিথি ৰাষ্ট্ৰপ্ৰধান হিচাপে ভাৰ্চুৱেল বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উপৰি বৈঠকত অংশ গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে। তদুপিৰ, উপস্থিত থাকে জাপান, ফ্ৰান্স, জাৰ্মানী, কানাডা আৰু ইটালীৰ প্ৰধানমন্ত্ৰী।

উক্ত বৈঠকত ভাৰতৰ উপৰি দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপ্ৰধানো অতিথি প্ৰতিনিধি হিচাপে উপস্থিত আছে।

Related News