বিৰোধীক টেঁটুচেপা! কংগ্ৰেছৰ কঁকাল ভাঙিবলৈ তৎপৰ প্ৰধানমন্ত্ৰী মোদী!

দেশৰ বৰ্তমান ৰাজনৈতিক পৰিৱেশত বিজেপিৰ অশ্বমেধ ঘোঁৰাক স্তব্ধ কৰাটো প্ৰায় অসম্ভৱ বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। ২০২৪ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনতো জয়ী হৈ বিজেপিয়ে ক্ষমতা দখল কৰিব বুলিয়ে সকলো পক্ষই পূৰ্বানুমান কৰি লৈছে। আগ্ৰাসী বিজেপিৰ কেটবোৰ ৰাজনৈতিক কাণ্ডই এই পূৰ্বানুমানৰ ভিত্তি গঢ়ি তুলিছে বুলিও কোৱা হৈছে।

অৰ্থাৎ, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি বিৰোধী শিবিৰৰ কঁকাল ভাঙিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিজেপি চৰকাৰে অহৰহ চেষ্টা কৰি অহা বুলিও সৰ্বত্ৰে অভিযোগ উঠি আহিছে। নৰেন্দ্ৰ মোদীয়ে ক্ষমতা অধিষ্ঠিত হোৱাৰ পাছৰে পৰা, অৰ্থাৎ ২০১৪ চনৰ পৰাই মোদীৰ বিজেপি চৰকাৰে বিৰোধীৰ ৰাজনৈতিক দলৰ বচা বচা নেতাৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি অহাটো দিনৰ পোহৰৰ দৰেই সত্য। আক্ৰোশমূলকভাৱে বুলি এইবাবেই কোৱা হৈছে যে যোৱা প্ৰায় ৯ টা বছৰে বিজেপিৰ যিমান নেতা-মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উঠিছে তেওঁলোকৰ বিৰুদ্ধে মোদীৰ বিজেপি চৰকাৰে কোনো পদক্ষেপে গ্ৰহণ কৰা নাই। বৰং ক্লীণশ্বীট দিয়াহে পৰিলক্ষিত হৈ আহিছে।

নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এই দলটোৰ হৃদপিণ্ড স্বৰূপ গান্ধী পৰিলায়ৰ ওপৰতো বিভিন্ন সময়ত তদন্তকাৰী সংস্থাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠি আহিছে। কংগ্ৰেছ দলৰ কামি হাড়েই নহয় ৰাজহাড় ভাঙি দেশত বিৰোধী শক্তিক একেবাৰে নিশকতীয়া কৰাৰ অগণতান্ত্ৰিক, ফেচিষ্ট চৰিত্ৰ প্ৰদৰ্শন কৰা বুলিও মোদীৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠি আহিছে। প্ৰশ্নৰ উদয় হ’ব পাৰে ৰাহুল গান্ধীসহ গান্ধী পৰিয়ালক কিয় লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে?

২০১৪ চনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰএছএছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ আহিছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন সভাপতি ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কেৱল সৰৱ হৈ অহাই নহয়, মোদীৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা বিষয়ে আগতীয়াকৈ পূৰ্বানুমানো কৰি প্ৰায়ে মোদী চৰকাৰক অস্বস্তিত পেলাই আহিছে। ৰাহুল গান্ধীয়ে বিমুদ্ৰাকৰণ, ক’লা ধন ওভতাই অনা, নিবনুৱাক সংস্থাপন দিয়া, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা, দেশৰ কৃষকৰ সমস্যা সমাধান, শ্ৰমিক-নিম্ন মধ্যবিত্ত-ক্ষুদ্ৰ-মজলীয়া ব্যৱসায়ী আদিক সকাহ দিয়া আদি সকলো ক্ষেত্ৰতে মোদীৰ বিজেপি চৰকাৰে হোৱা ধাৰাবাহিক ব্যৰ্থতাক জনতাৰ সন্মুখত উন্মুক্ত কৰি আহিছে। লগতে উন্মুক্ত কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেকৈ ভুৱা প্ৰচাৰেৰে দেশৰ জনসাধাৰণ মুৰ্খ সজাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে। দেশৰ অৰ্থনৈতিক অৱস্থা দুৰ্দশাগ্ৰস্ত হোৱাৰ লগতে কৰোণা মহামাৰী নিয়ন্ত্ৰণ, চীনৰ সৈতে দ্বিপাক্ষিক আৰু সামৰিক সম্পৰ্কৰ ক্ষেত্ৰতো মোদী চৰকাৰৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা আৰু আদানীক বিশেষ অনুগ্ৰহ দেখুওৱাই বিশ্বৰ দ্বিতীয় ধনাঢ্য ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাহুল গান্ধীয়ে। যি অভিযোগে কেৱল প্ৰধানমন্ত্ৰী মোদীকেই নহয় বিজেপি দল আৰু সংঘ পৰিবাৰকো অস্বস্তিত পেলাই আহিছে। গালৱান উপত্যকাত ২০ গৰাকীকৈ ভাৰতীয় সেনাক চীনা সেনাই হত্যা কৰাৰ পাছতো মোদী চৰকাৰে ভয়াতুৰ হৈ কোনো কূটনৈতিক প্ৰত্যুত্তৰ দিব নোৱাৰিলে বুলিও ক্ষুৰধাৰ সমালোচনা কৰিলে ৰাহুল গান্ধীয়ে। ইফালে পাকিস্তানী সেনাৰ বিৰুদ্ধে মোদী চৰকাৰে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি প্ৰধানমন্ত্ৰী মোদীক বিব্ৰত কৰি আহিছে কংগ্ৰেছ নেতাগৰাকীয়ে। এইদৰে ৰাহুল গান্ধীয়ে খোজেপতি প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক ‘টু দ্য পইণ্ট’ত আক্ৰমণেৰে বিব্ৰত কৰি অহাৰ বাবেই বিজেপিয়ে ৰাহুল গান্ধীসহ কংগ্ৰেছক আক্ৰোশমূলকভাৱে প্ৰত্যাক্ৰমণ কৰি অহাৰ গুৰুতৰ অভিযোগ কৰিছে কংগ্ৰেছে। এই বিজেপিয়ে ৰাহুল গান্ধীক পাপ্পু বুলি তাচ্ছিল্যও কৰি আহিছে। ইফালে ৰাহুল গান্ধীয়ে কৰি আৰু অভিযোগ আৰু প্ৰশ্নৰ উত্তৰ দিয়াত ব্যৰ্থ হৈ মোদী চৰকাৰে ৰাজনৈতিক আক্ৰমণ কৰি অহা বুলি অভিযোগ উঠাই নহয় বহু ক্ষেত্ৰত প্ৰমাণো হৈ আহিছে।

ইয়াৰ পোতক তোলাৰ লগতে দীৰ্ঘদিন ক্ষমতাত থকাৰ কৌশলেৰে গান্ধী পৰিয়ালৰ ওপৰত ৰাজনৈতিক আক্ৰোশ পূৰণ কৰি টেঁটুচেপা দিয়াৰ প্ৰয়াস কৰা বুলিহে অভিযোগ উঠিছে মোদী চৰকাৰৰ বিৰুদ্ধে। মোদীৰ বিজেপি চৰকাৰৰ EDএ নেচনেল হেৰাল্ড কাণ্ডৰ গোচৰত ৰাহুল গান্ধীক দৈনিক ১০ ঘণ্টাকৈ পাঁচদিন ধৰি প্ৰায় ৫০ ঘণ্টাজুৰি মাৰাথান জেৰা চলায়। আনকি কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীকো সকাহ নিদিলে মোদীৰ চৰকাৰে। ক্ষমতালৈ আহিয়ে ২০১৪ চনত মোদী চৰকাৰে গান্ধী পৰিয়ালে নেচনেল হেৰাল্ডৰ নামৰ অধুনালুপ্ত কাকতখনৰ ধন সৰবৰাহৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগত তদন্ত আৰম্ভ কৰিছিল (যিটো অভিযোগ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীয়ে প্ৰথমে উত্থাপন কৰিছিল)। ইমান দীঘলীয়া সময় অৰ্থাৎ ৯ টা বছৰে এই গোচৰটোত ED বিশেষ অগ্ৰগতি লোৱাৰ পৰিৱৰ্তে যোৱা জুন মাহত ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীক মাৰাথান জেৰা কৰে। এই দীঘলীয়া জেৰাত EDএ কি কি তথ্য লাভ কৰিলে সেয়া এতিয়াও ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই। এই গোচৰটোৰ তদন্ত অযথা দীঘলীয়া কৰি মোদী চৰকাৰে বিৰোধীৰ কঁকাল ভঙাৰেই কৌশল যে লোৱা নাই সেই কথা নস্যাৎ কৰিব নোৱাৰি। ইফাল গান্ধী পৰিয়ালৰ দুই বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে বিদেশী অনুদান নিয়ন্ত্ৰণ আইন (FCRA) অনুজ্ঞা পত্ৰো বাতিল কৰিছে। যাৰফলত ছোনিয়া গান্ধীৰ নেতৃত্বত গঠিত দুটা এন জি অ’ ক্ৰমে ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন (RGF) আৰু ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট (RGCT)এ কোনো বিদেশী অনুদান লাভ কৰাৰ বঞ্চিত হ’ব।

ইফালে মাজতে গুজৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধী ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে। কোৱা হৈছে যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীকে নহয় ‘মোদী’ সম্প্ৰদায়ক অপমান কৰিছে। ২০১৯ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে দুই গুজৰাটী মহাপ্ৰৱঞ্চক নীৰৱ মোদী আৰু ললিত মোদীৰ উদাহৰণেৰে প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়?’ প্ৰশ্ন কৰিছিল। ইয়াতে ক্ষুণ্ণ হৈ গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে এক গোচৰ ৰুজু কৰে, যি গোচৰত দোষী সাব্যস্ত হৈ ৰাহুল গান্ধীয়ে দুবছৰৰ কাৰাদাণ্ডৰ সন্মুখীন হৈছে। ৰাহুল গান্ধীৰ শাস্তি ঘোষণা হোৱাৰ পাছতে স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে। বিৰোধী নেতা হোৱাৰ বাবেই ৰাহুল গান্ধীক লক্ষ্য কৰি লোৱা হৈছে নেকি? ৰাহুল গান্ধীৰ মাতৃ তথা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে বহু আপত্তিজনক আৰু মানহানিকাৰক মন্তব্য কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ন্যূনতম শালীনতা ৰক্ষা নকৰি ছোনিয়া গান্ধীক কংগ্ৰেছী বিধৱাই ধন লুটা বুলিও আক্ৰমণ কৰিছিল। আনকি ৰাহুল গান্ধীৰ উপাধিক লৈও আপত্তিজনক মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইমানেই নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম সীমা অতিক্ৰম কৰি ৰাহুল গান্ধী ৰাজীৱ গান্ধীৰ সন্তান হয় নে নহয় বুলিও প্ৰশ্ন কৰিছিল। বিজেপিৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱাৰ বাবেই শালীনতা আৰু পদমৰ্যদাৰ চূড়ান্ত সীমা অতিক্ৰম কৰি আপত্তিজনক, মানহানিকাৰক আৰু অসন্মানজনক মন্তব্য কৰি সুৰক্ষিত হৈ আছে নেকি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই?

বিজেপি চৰকাৰে কেৱল গান্ধী পৰিয়ালকে লক্ষ্য কৰি লোৱা নাই, কংগ্ৰেছ আন বহু নেতাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে, যিসকলে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সততে সৰৱ হৈ আহিছে। কংগ্ৰেছ নেতা পৱণ খেৰাৰ মতে ২০১৪ চনৰ পৰা মোদী চৰকাৰে এতিয়ালৈকে ২৪ বাৰকৈ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে EDৰ দ্বাৰা ৰেইড মাৰোৱাইছে। ইফালে মোদীৰ বিজেপি চৰকাৰৰ এই তালিকাত আছে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰাম, ছত্তিশগড়ৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু তেওঁৰ চৰকাৰ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰৱণ খেৰা আদি নেতা। প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমক INX মেডিয়া কেলেংকাৰিত জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছিল। তিহাৰ জে’লত ১০০ দিন কটোৱাৰ পাছত চিদাম্বৰমক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে। ED আৰু CBI উক্ত গোচৰত উচ্চতম ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিলেও সংস্থা দুটাই দাঙি ধৰা যুক্তি আৰু তথ্যসমূহে তেওঁলোকৰ সততা আৰু তদন্তৰ স্বাধীনতাৰ ওপৰত সন্দেহ ঘণীভূত হয়। ইফালে এই গোচৰত কেন্দ্ৰ চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেতিয়াও মুখামুখি নোহোৱা কাল্পনিক সাক্ষীৰ দৰে অদ্ভূত সাক্ষী দাখিল কৰা বুলিও গুৰুতৰ অভিযোগ উঠিছিল। ছোহৰাবুদ্দিন শ্বেখ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অমিত শ্বাহে গৃহমন্ত্ৰী হোৱাৰ পিছতেই চিদাম্বৰমৰ বিৰুদ্ধে এইদৰে ৰাজনৈতিক আক্ৰোশ পূৰণ কৰা বুলিও গুৰুতৰ অভিযোগ উঠিছিল। ইফালে কংগ্ৰেছ শাসিত ৰাজ্য ছত্তিশগড়ত ED তালাচী অভিযান চলাই বিৰোধীক নিশকতীয়া কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে। আনফালে ৰায়পুৰৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণৰ বাবে যোৱা কংগ্ৰেছ নেতা পৱণ খেৰাক অসমৰ হাফলং আৰক্ষীয়ে দিল্লীৰ বিমানবন্দৰতে গৈ গ্ৰেপ্তাৰ কৰিছিল।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাই ব্যাপক জনসমৰ্থন লাভ কৰাৰ পাছতো বিজেপিয়ে বিভিন্ন ধৰণে কংগ্ৰেছক আক্ৰমণ কৰি আহিছে। ভাৰত জোড়ো যাত্ৰাই বিজেপি শাসিত ৰাজ্য মধ্য প্ৰদেশত প্ৰৱেশ কৰাৰ লগে লগেই কোভিড আচৰণ বিধিৰ দোহাই দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ভাৰত জোড়ো যাত্ৰাক বন্ধ কৰিবলৈ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰে। কিন্তু ৰাহুল গান্ধীসহ কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰা বন্ধ নকৰি আগুৱাইহে নিয়ে। এই যাত্ৰাকো বিজেপিৰ লগতে মোদী চৰকাৰে বিভিন্ন প্ৰকাৰে ব্যৰ্থ কৰাৰ লগতে জনতাৰ মাজত ভুৱা প্ৰচাৰ চলাবলৈ যৎপৰোনাস্তি চেষ্টা কৰা দেখা গৈছিল। বিশেষকৈ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে ৰাহুল গান্ধীৰ জোতাৰ লেচ বান্ধি দিয়া, ৰাহুল গান্ধীয়ে টি চাৰ্ট পিন্ধা আদি বিভিন্ন ভুৱা প্ৰচাৰ কৰিবলৈ যৎপৰোনাস্তি কৰিছিল বিজেপি দল আৰু বিজেপি চৰকাৰে। অৰ্থাৎ বিৰোধী কংগ্ৰেছক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ জান-প্ৰাণ দি লাগিছিল বিজেপিয়ে।

ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জৰ্জ বিজনেছ স্কুলত ভিজিটিং ফেলো হিচাপে বক্তৃতা প্ৰদান কৰে। ইমানেই নহয় ৰাহুল গান্ধীয়ে ব্ৰিটছ সংসদটো ভাষণ প্ৰদান কৰে। ৰাহুল গান্ধীয়ে ব্ৰিটেইনত ভাৰতত কেনেকৈ গণতন্ত্ৰক নিঃশেষ কৰি নিয়া হৈছে, বিৰোধীৰ ওপৰত কেনেকৈ তদন্তকাৰী সংস্থাক ৰাজনৈতিক স্বাৰ্থ ব্যৱহাৰ কৰা হৈছে, আদানীৰ বিত্তীয় জালিয়াতিৰ বিৰুদ্ধে কিয় মোদী চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই আদি কথা মুকলিলৈ উল্লেখ কৰে। বিশ্বৰ সৰ্ববৃহৎ ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত নহয় বুলিও মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে আমেৰিকা আৰু ইউৰোপৰ দৰে গণতন্ত্ৰৰ তথাকথিত ৰক্ষকসকলে ভাৰতত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে কোনো সহযোগিতা কৰা নাই বুলিও আক্ষেপ কৰিছিল। এই কথাষাৰকে বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৰাহুল গান্ধীয়ে ইউৰোউপীয় ইউনিয়ন আৰু আমেৰিকাই ভাৰতৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হস্তক্ষেপ কৰিবলৈ কোৱা বুলি বিকৃত ৰূপ দিয়ে। অৰ্থাৎ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ৰাহুল গান্ধীয়ে বৰ্হিশক্তিৰ হস্তক্ষেপ বিচৰা বুলি বিজেপি নেতাই ৰবি শংকৰ প্ৰসাদে ৰাহুল গান্ধীৰ বক্তব্যক বিকৃত কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল।ৰবিশংকৰ প্ৰসাদে কয় যে বিদেশৰ মাটিত দেশৰ বদনাম কৰাটো ৰাহুল গান্ধীৰ অভ্যাসত পৰিণত হৈছে। বিজেপিৰ অভিযোগ যে ৰাহুল গান্ধীয়ে বিশ্বৰ ৰাজনৈতিক মানচিত্ৰত ভাৰতক বদনাম কৰিছে। এই অভিযোগ তুলি আনকি বিজেপিৰ এগৰাকীৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাৰতত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ লগতে সাংসদ পদ খাৰিজ কৰিবলৈও দাবী উত্থাপন কৰে। বিষয়টোক লৈ শাসকীয় সাংসদসকলে সংসদো উত্তাল কৰি তোলে। ইফালে ৰাহুল গান্ধীয়ে শাসকীয় পক্ষৰ উত্তৰ সংসদত দিয়াৰ অনুমতি বিচাৰি লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হয়। যিটো ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত ক’বলৈ গ’লে একপ্ৰকাৰে নোহোৱা নোপোজা ঘটনা।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়েও নিজৰ পদমৰ্যাদা ৰক্ষা নকৰি বিদেশৰ মাটিত দেশ আৰু দেশবাসীৰ বাবে অপমানজনক বহু মন্তব্য কৰি আহিছে। দক্ষিণ কোৰিয়াৰ ভ্ৰমণলৈ গৈ প্ৰৱাসী ভাৰতীয়ৰ আগত এবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে পাপৰ ফলতহে ভাৰতৰ মানুহে ভাৰতত জন্ম জন্মগ্ৰহণ কৰিছে। অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বিষয়ে এইদৰে কোৱাটো দেশক অপমান কৰা নহয় কিন্তু ৰাহুল গান্ধীয়ে দেশৰ ন্যায়পালিকা, সংবাদ মাধ্যম, বিৰোধীৰ স্বাধীনতা কেনেকৈ মোদীৰ বিজেপি চৰকাৰে খৰ্ব কৰি অহাৰ তথ্যসিদ্ধ বিষয়বোৰ স্পষ্টকৈ উল্লেখ কৰাটো হ’ল দেশক অপমান কৰা।

ৰাহুল গান্ধী বা কংগ্ৰেছ দলক আমি সমৰ্থন নকৰিলেও এইটো স্বীকাৰ কৰিবই লাগিব যে ৰাহুল গান্ধীয়ে মোদীৰ আমোলৰ ভাৰতৰ গণতন্ত্ৰ প্ৰমূল্য কেনেকৈ দোপতদোপে লোপ পাবলৈ ধৰিছে তাক দ্বিধাহীন ভাষাৰে উল্লেখ কৰি আহিছে, যিটো এজন বিৰোধী নেতাৰ কৰ্তব্য আৰু দায়িত্বৰ ভিতৰত পৰে। সেই দায়িত্বশীল বিৰোধী নেতা ৰাহুল গান্ধীৰ বাক স্বাধীনতাতো হস্তক্ষেপ কৰিবলৈ লাগিছে মোদীৰ কেবিনেটৰ কে’বগৰাকীও মন্ত্ৰীয়ে। ইয়াৰ মাজত আইন মন্ত্ৰী কীৰেণ ৰিজিজুও অন্যতম। ৰবিশংকৰ প্ৰসাদ আৰু কীৰেণ ৰিজিজুৰ লগত চামিল হৈছে পীয়ুষ গোৱেল আৰু প্ৰহ্লাদ যোশী আদি কেন্দ্ৰীয় মন্ত্ৰী। তেওঁলোকৰ দাবী যে ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত ভাৰতক বদনাম কৰিছে আৰু তেওঁ সংসদত ক্ষমা খুজিব লাগিব। এগৰাকী বিৰোধী সাংসদ তথা নেতাৰ কণ্ঠৰোধ কৰিবলৈ এইদৰে বলপ্ৰয়োগ কৰিবলৈ মোদীৰ কেবিনেট মন্ত্ৰীয়ে।

মুঠৰ ওপৰত নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে এইদৰে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু ইয়াৰ হৃদপিণ্ডস্বৰূপ ৰাহুল গান্ধীক বশ কৰিবলৈ বিভিন্ন কূটকৌশল প্ৰয়োগ কৰা বুলি অভিযোগ উঠি আহিছে। ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে এইদৰে বিভিন্ন হেঁচা ধৰণৰ কূট কৌশল, ক্ষমতাৰ অপব্যৱহাৰ, তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি কংগ্ৰেছকো টেঁটুচেপা দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে। মোদী চৰকাৰৰ এই প্ৰচেষ্টা কিমান ফলপ্ৰসূ হ’ব বা ২০২৪ৰ পূৰ্বে কংগ্ৰেছ দলসহ ৰাহুল গান্ধীয়ে মোদীৰ বিজেপি চৰকাৰৰ এই কূটকৌশল কেনেকৈ বুমেৰাং কৰে সেয়া লক্ষণীয় হ’ব। কিন্তু আমাৰ এই পৰ্যালোচনাত এটা কথা স্পষ্ট হৈ পৰিছে যে পুনৰ ক্ষমতা থকাৰ স্বাৰ্থত মোদীৰ বিজেপি চৰকাৰে যিকোনো পৰ্যায়লৈ গৈ বিৰোধীক টেঁটুচেপা দিয়াটো কেতিয়াও বন্ধ নকৰিব।

এইদৰে বিৰোধী নেতাৰ কণ্ঠৰোধ কৰিবলৈ বলপ্ৰয়োগ কৰাতো কেনেধৰণৰ গণতন্ত্ৰ? এয়া গণতন্ত্ৰক হত্যা কৰিবলৈ কৰা চেষ্টাৰ এক অংশ নহয় নে? এই প্ৰশ্নসমূহ এই সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।