আম্ফানে বিধ্বস্ত কৰা পশ্চিম বংগলৈ ৰাওনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি চাইক্ল’ন আম্ফানে বিধ্বস্ত কৰা পশ্চিমবংগ আৰু ওড়িছা ভ্ৰমণ কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে আকাশমাৰ্গেৰে ৰাজ্য দুখনৰ ক্ষয়-ক্ষতিৰ বুজ লৈ এখন পৰ্যালোচনা বৈঠকত অংশ ল’ব।

ইতিমধ্যে প্ৰধান মন্ত্ৰী মোদীয়ে নতুন দিল্লীৰ পৰা পশ্চিমবংগলৈ ৰাওনা হৈছে।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী গৰাকীয়ে সুদীৰ্ঘ দিন অৰ্থাৎ ৮৩ দিনৰ মূৰত কোনো ৰাজ্য ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ পূৰ্বে মোদীয়ে চলিত বছৰৰ ২৯ ফেব্ৰুৱাৰিত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ভ্ৰমণ কৰিছিল আৰু সেইটোৱেই আছিল তেওঁৰ অন্তিম ভ্ৰমণ কাৰ্যসূচী।

এই দুয়োখন ৰাজ্যতে ধুমুহা আম্ফানৰ ফলত হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে প্ৰধান মন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।

বৃহস্পতিবাৰে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্য ভ্ৰমণৰ বাবে প্ৰধান মন্ত্ৰীক আহ্বান জনাইছিল, আৰু এই আহ্বানৰ সহাঁৰি জনাই প্ৰধান মন্ত্ৰী মোদীয়ে আজি ৰাজ্য দুখন ভ্ৰমণ কৰাৰ সিদ্ধান্ত লয়।

জানিব পৰা মতে মোদী আৰু মমতা বেনাৰ্জীয়ে বিশেষ বিমানেৰে উত্তৰ ২৪ আৰু দক্ষিণ ২৪ পৰগানা জিলাৰ পৰিস্থিতিৰ বুজ ল’ব।

পশ্চিম বংগৰ পিছতে প্ৰধান মন্ত্ৰী মোদী ওড়িছা ভ্ৰমণলৈ যাব য’ত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কৰ লগত দুপৰীয়া প্ৰায় ১.৩০ মান বজাত আকাশমাৰ্গেৰে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব।

উল্লেখ্য যে বুধবাৰে নিশাৰ পৰা তীব্ৰ বেগত অহা ধুমুহা আম্ফানে পশ্চিম বংগত ৭২ জন লোকৰ প্ৰাণ লৈছে। মৃত লোক কেইজনৰ পৰিয়ালক মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ২.৫০ লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।