লকডাউনৰ সময়ত জনসাধাৰণলৈ প্ৰধান মন্ত্ৰী মোদীৰ ৭টা পদক্ষেপ গ্ৰহণৰ আহ্বান

index 3

দেশবাসীলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আহ্বান জনায়।

ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱ ১০বজাত ৰাষ্ট্ৰৰ উদ্দেশ্যে ভাষণ দিয়ে।

দেশবাসীয়ে এতিয়াই লকডাউনৰ পৰা সকাহ নোপোৱাৰ কথা জানিবলৈ দি প্ৰধান মন্ত্ৰী মোদীয়ে সকলোৰে স্বাস্থ্যৰ কথা মনত ৰাখি তথা ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ পৰামৰ্শৰ আধাৰত লকডাউনৰ ম্যাদ অহা ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

দেশৰ এই জটিল পৰিস্থিতিত সকলোকে একগোট হৈ কৰ’নাৰ বিৰুদ্ধে যুঁজ চলাই যোৱাৰ আহ্বান জনায় প্ৰধান মন্ত্ৰীয়ে।

আনহাতে, কৰ’না মোকাবিলাৰ ক্ষেত্ৰত সাতটা পদক্ষেপ গ্ৰহণ কৰিবলৈকো তেওঁ আহ্বান জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা সেই সাতটা পদক্ষেপঃ-

১, প্ৰধান মন্ত্ৰীয়ে ঘৰৰ বয়সস্থসকলৰ প্ৰতি বিশেষ যতন ৰখাৰ অনুৰোধ জনায়। বিশেষকৈ যিসকলে পূৰ্বৰে পৰা অসুস্থতাত ভূগী আছে তেওঁলোকক নিৰাপদে ৰখাৰ বাবে তেওঁ আহ্বান জনায়।

২. তেওঁ লকডাউন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ নিৰ্দেশ দিয়ে। ঘৰতে বনোৱা কাপোৰৰ মাস্ক পৰিধান কৰাৰো পৰামৰ্শ দিয়ে প্ৰধান মন্ত্ৰী মোদীয়ে।

৩. শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে আয়ুস মন্ত্ৰ্যালয়ৰ পৰা যি নিৰ্দেশনা দিয়া হৈছে সেয়া মানি চলাৰো পৰামৰ্শ দিছে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

৪. প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰত্যেককে মোবাইলত Arogya Setu এপ ডাউন কৰিবলৈকো অনুৰোধ জনাইছে।

৫. দেশৰ এই জটিল সন্ধিক্ষণত দেশখনৰ দৰিদ্ৰ লোকৰ কাষত থাকি তেওঁলোকৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ বাবেও প্ৰধান মন্ত্ৰীয়ে অনুৰোধ জনায়।

৬. প্ৰধান মন্ত্ৰীয়ে লগতে এই কঠিন সময়ত সংস্থাসমূহক কৰ্মচাৰীসকলক কামৰ পৰা যাতে বিতাৰিত নকৰে তাৰ বাবেও অনুৰোধ কৰে। মানুহৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ তেওঁ অনুৰোধ কৰে।

৭. প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী, ছাফাইকৰ্মীসকলৰ প্ৰতি অসহিষ্ণু আচৰণৰ বিপৰীতে তেওঁলোকৰ কামৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনায়।