NORTHEAST NOW (Assamese)

কোভিড-১৯ যুদ্ধৰ সময়ত ভাৰতে বিশ্বৰ ১৫০ দেশলৈ সাহায্য আগবঢ়াইছে : প্ৰধান মন্ত্ৰী

July 17, 2020 10:45 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক কাউঞ্চিলৰ উচ্চ পৰ্যায়ৰ এখন বৈঠকত সম্বোধন কৰে।

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক কাউঞ্চিলৰ ভাৰ্চুৱেল বৈঠক সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না মহামাৰীৰ সময়ত ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ সাহায্য আগবঢ়াইছে বুলি কয়।

”কোভিড-১৯ৰ বিৰুদ্ধে আমাৰ সংঘবদ্ধ প্ৰচেষ্টাত আমি বিশ্বৰ ১৫০ খন দেশলৈ চিকিৎসা আৰু অন্যান্য সাহায্য আগবঢ়াইছো,” নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।

আনহাতে, মোদীয়ে ভাষণত ভাৰত বিশ্বৰ এক ষষ্ঠাংশ লোকৰ বাসস্থান বুলি উল্লেখ কৰি ভাৰতবাসীয়ে বিশ্বৰ বাবে নিজৰ ওজন আৰু দায়িত্ব বুজি পায় বুলিও লগতে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰতে বিভিন্ন দেশলৈ জীৱন দায়িনী ঔষধ প্ৰেৰণ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, অষ্ট্ৰেলিয়া আদি দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলেও ভাৰতৰ এই অৱদানৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰিছিল।

Related News