NORTHEAST NOW (Assamese)

বানৰ প্ৰভাৱ : পহিলা অক্টোবৰত মুকলি নহয় পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য

September 29, 2018 2:38 pm · এন ই নাও নিউজ
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। ফটো ন ইন্টাৰনেটৰ সৌজন্যত

পৰ্যটকৰ আকৰ্ষণ হিচাপে পৰিচিত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যকেইখন পূৰ্বতে পৰ্যটকৰ বাবে নৱেম্বৰৰ প্ৰথম দুদিনতে মুকলি কৰা হৈছিল যদিও যোৱা দুবছৰ ধৰি ৰাজ্যৰ বন বিভাগে অক্টোবৰৰ ১, ২ তাৰিখে মুকলি কৰি দিয়াৰ কাৰ্যসূচী হাতত লৈছিল।

জানিব পৰা মতে চলিত পৰ্যটন বৰ্ষত অক্টোবৰৰ প্ৰথমভাগত পৰ্যটকৰ বাবে পবিতৰাৰ দ্বাৰ মুকলি কৰি দিব পৰা অৱস্থাত নাই। বানপানীৰ কবলত পৰা অভয়াৰণ্যৰ ভিতৰৰ বাট-পথসমূহত এতিয়াও ঠায়ে ঠায়ে একঁকাল, একাঁঠু পানীত বুৰ গৈ আছে।

তদুপৰি এইবোৰ শুকাই বাট-পথ সুচল হ’বলৈ ভালেখিনি সময় লাগিব। বিশেষকৈ জীপ ছাফাৰী কেন্দ্ৰৰ পৰা অভয়াৰণ্যলৈ প্ৰৱেশ কৰা পথটো সুচল হৈ উঠিবলৈ এতিয়াও কেইবা দিনৰ প্ৰয়োজন হ’ব। ইয়াৰ ফলত অক্টোবৰত পৰ্যটকে জীপ ছাফাৰী কৰিব নোৱাৰিব।

এই দিশসমূহলৈ লক্ষ্য ৰাখি বন বিভাগে পবিতৰাত জীপ ছাফাৰীৰ পৰিৱৰ্তে হাতী ছাফাৰী মুকলি কৰিবলৈ সাত অক্টোবৰৰ দিনটো স্থিৰ কৰিছে। অভয়াৰণ্যখনত এইবাৰ পৰ্যটকৰ আগমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related News