লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হৈছে প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা। ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপুৰ চাপৰি গাঁওত শুকুৰবাৰে আয়োজন কৰা এক অনুষ্ঠানত বিতৰণ কৰা হৈছিল মাহ-প্ৰসাদ । উক্ত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নাৰায়ণপুৰ চাপৰি গাঁওৰ বহু সংখ্যক ভকত-বৈষ্ণৱে ।
ঘটনা অনুসৰি শুকুৰবাৰে বিয়লি সকামত মাহ-প্ৰসাদ খোৱাৰ পাছত নিশাৰ পৰা শৌচ ,বমি ,মূৰ বিষ , পেট বিষত আক্ৰান্ত হয় লোকসকল। এই ঘটমাক সামান্য ৰোগ বুলি ভাবি থাকোতেই দুপৰীয়ালৈ গাঁওখনৰ ২০ গৰাকীৰো অধিক ব্যক্তি আক্ৰান্ত হয় । পাছত আক্ৰান্ত সকলক শনিবাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
আক্রান্ত সকলৰ ভিতৰত ৮ বছৰৰ তলৰ নাবালক কিশোৰ কিশোৰী ৫ গৰাকী আছে বুলি জানিব পৰা গৈছে । ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকে আক্ৰান্ত সকলক ক্ষীপ্ৰতাৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আছে । ইয়াৰে ৪ গৰাকীক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আক্ৰান্ত সকলৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে ।