চামগুৰিত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক কৰায়ত্ত আৰক্ষীৰ; নগদ ধন, মটৰ চাইকেলো জব্দ

WhatsApp Image 2021-05-27 at 7.13.27 PM

ফটো: নৰ্থইষ্ট নাও।

নগাঁও জিলাৰ চামগুৰিত আজি আৰক্ষীই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে লগতে ৫.৮১ গ্ৰাম হেৰ‌’ইন সহ নগদ ৭৮০০ টকা আৰু এখন মটৰ চাইকেল জব্দ কৰে।

চামগুৰি সাপ্তাহিক বজাৰৰ সমীপৰ ড্ৰাগছ ব্যৱসায়ী হজৰত বিল্লালৰ ঘৰত অভিযান চলাই বিল্লালৰ পত্নী নাজিমা খাতুন(২৪)ৰ লগতে বিল্লালৰ সহযোগী বাজিয়াগাঁৱৰ মাইনুল হক(৩৫) নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে তালাচী চলাই ৫.৮১ গ্ৰাম হেৰ’ইন, এছ ০২ এম ২২০৯ নম্বৰৰ এখন বাইকসহ ৭৮০০টকা নগদ ধন জব্দ কৰে।

আনহাতে, ড্ৰাগছ ব্যৱসায়ী হজৰত বিল্লালে আৰক্ষীৰ উমান পাই‌ পলায়ন কৰে।