আৰক্ষীৰ জালত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ-সভানেত্ৰী ৰেণুমাই টেৰনপি

e00d6a94-ba0f-41ac-ab41-b0184d828543

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ সভানেত্ৰী ৰেণুমাই টেৰনপি। ফটো : নৰ্থইষ্ট নাও

অৱশেষত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ সভানেত্ৰী ৰেণুমাই টেৰনপি আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য যে, যোৱা ২৩ আগষ্টত গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দলে ৰেণুমাই টেৰনপিৰ কামপুৰ চাইবক গাঁৱত থকা বাসগৃহত অভিযান চলাইছিল। অভিযানকাৰী দলটোৱে বাসগৃহটোৰ পৰা বৃহৎ পৰিমানৰ সূতা, কম্বল, স্কুল বেগ আদি জব্দ কৰিছিল।

অকৰ্তৃত্বশীলভাৱে চৰকাৰী আঁচনিৰ বৃহৎ পৰিমাণৰ সামগ্ৰী মজুত কৰি ৰখাৰ অভিযোগত টেৰনপিৰ বিৰুদ্ধে চানমাৰি আৰক্ষী থানাৰ লগতে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে। আৰক্ষীয়ে অভিযান চলোৱা সময়ৰ পৰাই তেওঁ আত্মগোপন কৰি আছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেৰনপিক কাৰ্বি আংলং জিলাৰ পৰা কৰায়ত্ত কৰে।

উল্লেখ্য যে, টেৰনপিৰ বিৰুদ্ধে নগাঁও জিলা পৰিষদৰ লগতে আমৰি কাৰবি উন্নয়ন পৰিষদৰ বিভিন্ন আঁচনিৰ ধনো লুন্ঠন কৰাৰ অভিযোগ আছে। ইয়াৰ উপৰি টেৰনপিৰ বিৰুদ্ধে বিগত সময়ছোৱাত আমৰি কাৰবি উন্নয়ন পৰিষদলৈ অহা প্ৰায় ১৪ কোটি টকাৰ অধিকাংশই আত্মসাৎ কৰাৰ অভিযোগ আছে।

অভিযোগ অনুসৰি, ২০১২-১৩, ২০১৩-১৪ আৰু ২০১৪-১৫ এই বিত্তীয় বৰ্ষ কেইটাত আমৰি কাৰবি উন্নয়ন পৰিষদৰ সূতা ক্ৰয়ৰ নামতে ৬ কোটিৰো অধিক ধন ব্যয় কৰা হৈছিল যদিও কোনো হিতাধিকাৰীয়ে সূতা লাভ নকৰিলে। এই ধনৰ সিংহভাগ পৰিষদৰো উপাধ্যক্ষৰ দায়িত্বত থকা অৱস্থাত ৰেণুমাই টেৰনপি আৰু তেওঁৰ সহযোগী সকলে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

একেদৰে ৰংগমঞ্চ নিৰ্মাণৰ নামত প্ৰায় ৮০ লাখ টকা, ৰাজহুৱা ভৱন নিৰ্মাণৰ নামত ১ কোটিৰো অধিক ধন টেৰনপিয়ে লুণ্ঠন কৰাৰ অভিযোগ আছে। এনে বহু অভিযোগৰ ভিত্তিতে চানমাৰি আৰক্ষী থানাকে ধৰি অন্য আৰক্ষী থানাতো ৰেণুমাই টেৰনপিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।

পূৰ্বতে কংগ্ৰেছত থকা টেৰনপিয়ে তেওঁৰ এনেবোৰ কুকীৰ্তি ফাদিল হোৱাৰ ভয়তে দুটা বছৰৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল। কিন্তু বিজেপিত যোগদান কৰিও ৰক্ষা নপৰিল টেৰনপি। ইপিনে দিচপুৰ আৰক্ষীৰ লগত ৰেণুমাই টেৰনপিৰ গ্ৰেপ্তাৰৰ প্ৰসংগত যোগাযোগ কৰাত তেওঁক পাঁচদিনৰ আৰক্ষীৰ জিম্মাত লোৱা বুলি অৱগত কৰে।