দুর্গা পূজাৰ পূর্বে গুৱাহাটীত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বা:)ৰ!, কি ক’লে আৰক্ষী আয়ুক্তই?

index

আৰক্ষীৰ জিম্মাত আলফা স্বাধীনৰ কেডাৰ দিগন্ত অসম। ফটো : নৰ্থইষ্ট নাও

গুৱাহাটীত দুৰ্গা পূজাৰ পূৰ্বে কূটাঘাত সংঘটিত কৰিব আহিছিল নেকি মিঠু চুতীয়া ওৰফে দিগন্ত অসম?

আলফা স্বাধীনৰ কেডাৰ দিগন্ত অসম কেৰালাৰ পৰা আহি আছিল। বুধবাৰে কামাখ্যা ৰেইলৱে ষ্টেশ্যন পৰা দিগন্ত অসমক গ্ৰেপ্তাৰ কৰা হৈছিল।

২০১৮’ ৰ ডিচেম্বৰত আলফাত ভৰ্ত্তি হৈছিল কেডাৰজন। ম্যানমাৰৰ মোবাইল ১ নং কেম্পত প্ৰশিক্ষণ প্ৰাপ্ত আছিল কেডাৰজন।

চলিত বৰ্ষৰ জুন মাহলৈকে আলফা কেডাৰজনে প্ৰশিক্ষণ লৈছিল। প্ৰশিক্ষণৰ পাছত অসমলৈ ঘূৰি আহি কেৰালালৈ গৈছিল।

আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে আলফা কেডাৰজনে।

তেওঁ কি উদ্দেশ্যে অসমলৈ আহিছিল তথা তেওঁৰ সৈতে কোন কোন জড়িত আছে সেই সম্পৰ্কত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

মহানগৰ আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে নিজ কাৰ্যালয়ত কেডাৰ জনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে যোৱা বছৰ পূজাৰ আগে আগে গুৱাহাটীৰ ফাঁচিবজাৰত  বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।

জালুকবাৰী আৰক্ষীয়ে বুধবাৰে পুৱাৰ ভাগত যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল। কেডাৰজনৰ ঘৰ ধেমাজিত।