কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ওপৰত আৰক্ষীৰ ‘অপ্ৰৰোচিত আক্ৰমণ’!

prb-copy-1-1024x512

দেওবাৰে শেষ নিশা বিধানসভা নিৰ্বাচনৰ কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসভৱনত আৰক্ষীয়ে এক অপ্ৰৰেচিত অভিযান চলায়।

অভিযোগ অনুসৰি আৰক্ষীয়ে কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসভৱনত তালাচী চলায়।

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি মন্ত্ৰীগৰাকীৰ বাসভৱনত বিপুল সংখ্যক লোকৰ সমাগম হোৱাৰ খৱৰ লাভ কৰি এই অভিযান চলোৱা বুলি কোৱা হৈছে।

আনহাতে, বিপিএফে এই অভিযোগ অস্বীকাৰ কৰি শাসকীয় বিজেপি দলক অভিযুক্ত কৰি ইয়াক ‘ৰাজনৈতিক স্বাৰ্থত আৰক্ষীৰ শক্তি ব্যৱহাৰ’ কৰাৰ অভিযোগ তুলিছে।

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসভৱনত ‘আৰক্ষীক অভিযান’ক গৰিহণা  দি এই ঘটনাৰ বাবে ‘কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ’ কৰাৰ বাবে নিৰ্বাচন আয়োগক আহ্বান জনাইছে।

‘’মই আমাৰ ৩০নং কোকৰাঝাৰ পূব সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসভৱনত আৰক্ষীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছো। মই ভাৰতৰ নিৰ্বাচন আয়োগক নিকা আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। হতাশাগ্ৰস্ত বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত আৰক্ষীৰ শক্তিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে,’’-বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয়।

অভিযোগ অনুসৰি, আৰক্ষীয়ে প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উপস্থিত হৈ তাত সমবেত লোকৰ ওপৰত লাঠীচালনা কৰাৰ লগতে প্ৰাৰ্থীগৰাকীৰ দেহৰক্ষীকো টানি আজুৰি থানালৈ লৈ যায়।

উল্লেখ্য যে কোকৰাঝাৰ পূব সমষ্টিত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৬ এপ্ৰিল অৰ্থাৎ মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।