NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ মাকুমত আৰক্ষীয়ে জব্দ কৰিলে অৰুণাচলৰ পৰা দুটাকৈ হাতী কঢ়িয়াই অনা এখন ট্ৰাক

April 13, 2021 4:32 pm · এন ই নাও নিউজ

তিনিচুকীয়া জিলাৰ মাকুমত যোৱা দেওবাৰে শেষৰাতি এখন ট্ৰাক জব্দ কৰে।

ট্ৰাকখনত দুটাকৈ হাতী কঢ়িয়াই নিয়া হৈছিল।

কাকপথাৰৰ আৰক্ষী তালাচী চকীৰ চকুত ধূলী দি উধাও হোৱাৰ পাছতে ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে।

হাতী দুটা অৰুণাচল প্ৰদেশৰ পৰা ঊৰিষ্যালৈ কঢ়িয়াই নিয়া হৈছিল।

আৰক্ষীয়ে ট্ৰাকখনৰ স’তে হাতী দুটাক বন বিভাগক চমজাই দিয়ে।

বন বিভাগৰ এজন বিষয়াই কোৱামতে, আৰক্ষীয়ে পৰীক্ষা-নিৰীক্ষাৰ বাবে ট্ৰাকখনৰ স’তে হাতী দুটা বন বিভাগক চমজাই দিছে।

”অৰুণাচল প্ৰদেশৰ অৰণ্য সুৰক্ষাৰ মুখ্য অধ্যক্ষ আৰু পশু চিকিৎসকসকলৰ ৰিপ’ৰ্টৰ দ্বাৰা তেওঁলোকক জন্তু দুটা কঢ়িয়াই নিবলৈ অনুজ্ঞাপত্ৰকে ধৰি কিছুমান নথিপত্ৰও প্ৰদান কৰা হৈছে”।- তেওঁ কয়।

আনহাতে, বন্যপ্ৰাণী সুৰক্ষা কৰ্মী দেৱজিত মৰাণে অভিযোগ কৰে যে বন বিভাগে চোৰাং চিকাৰীসকলৰ স’তে হাত মিলাইছে আৰু সময়ে সময়ে বিভাগটোৱে বৃহৎ অংকৰ ধনৰ বিনিময়ত বন্যহস্তীসমূহ আন ৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে।

মৰাণে ডুমডুমাৰ ডিএফঅ’ আটিকুৰ ৰহমানক অঞ্চলটোত বন মাফিয়াৰ স’তে সহযোগ কৰাৰ অভিযোগ কৰে।

তেওঁ কয় যে বন্যহস্তীসমূহ অঞ্চলটোৰ পৰা চোৰাংভাৱে কঢ়িয়াই নিয়া হয় কিন্তু কোনো বন্যপ্ৰাণী সৰুক্ষা আৰু সামাজিক সংস্থাই ইয়াৰ বিৰুদ্ধে মাত মতা নাই।

Related News