সকলোকে ধন্যবাদ জনাই নগাঁও এৰিলে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই, গুৱাহাটীত উপস্থিত

তদন্ত কমিটিৰ প্ৰতিবেদন কোনোৱাই হেয় কৰিব বিচাৰিলে ভাল নালাগে: মুখ্যমন্ত্ৰী

ফাইল ফটো

অৱশেষত সকলোকে ধন্যবাদ জনাই নগাঁও এৰিলে জিলা খনৰ সদ্য অপসাৰিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ ক্ষেত্ৰত সংবাদমাধ্যমে কৰা সহায় আৰু সহযোগিতাৰ বাবে আনন্দ মিশ্ৰই ধন্যবাদ জ্ঞাপন কৰি আজি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে।

ইপিনে আজি জিএমচিএইছত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনন্দ মিশ্ৰৰ বদলি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কীৰ্তিকমল ভূঞাৰ ঘটনাটোত তদন্ত কমিটিয়ে আনন্দ মিশ্ৰক দোষাৰোপ কৰা নাই।

কিন্তু তেওঁ সংবাদমেল পাতি তদন্ত কমিটিৰ প্ৰতিবেদনক হেয় প্ৰতিপন্ন কৰিব বিচৰা কথাটো ভাল লগা নাই।

আৰক্ষীয়ে নিৰীহ লোকক সদায় নিৰাপত্তা দি তেওঁলোকৰ আস্থা ভাজন হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে। তেওঁ কয় যে কোনোৱাই যদি আৰক্ষীক গালিও পাৰে তথাপি কোনো আৰক্ষীৰে ষ্টাৰ এটা কমি নাযায়।

সেয়া হজম কৰি নিৰীহৰ আস্থাভাজন হৈ থাকিবলৈ তেওঁ আৰক্ষীৰ লোক সকললৈ বাৰ্তা দিয়ে। ইপিনে জিএমচিএইছতে চিকিৎসাধীন হৈ থকা কীৰ্তিকমল ভূঞাই কি কাৰণত আনন্দ মিশ্ৰই তেওঁৰ সৈতে জেদ ধৰিছে সেয়া ভাবি আচৰিত হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

আনন্দ মিশ্ৰই কালি সংবাদমেল পাতি কীৰ্তিকমল ভূঞা ড্ৰাগছ চক্ৰৰ সৈতে জৰিত বুলি একপ্ৰকাৰ প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছিল। আনন্দ মিশ্ৰই যিজন ড্ৰাগছ ব্যৱসায়ীক কীৰ্তিকমলে সহায় কৰা বুলি কৈছে তেওঁ চিনিয়েই নাপায় বুলিও কীৰ্তিকমলে সাংবাদিকৰ আগত কয়।

উল্লেখ্য কালি অসম চৰকাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক জিলা খনৰ আৰক্ষী অধীক্ষক পদৰ পৰা অব্যাহতি দি গুৱাহাটীলৈ তলব কৰিছিল।

অসম চৰকাৰৰ গৃহ বিভাগে আনন্দ মিশ্ৰক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গুৱাহাটীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কাৰ্য নিৰ্বাহ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। একেদৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক সাময়িক ভাবে জিলা খনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন কৰা হৈছে। আনন্দ মিশ্ৰক নগাঁৱৰ পৰা অপসাৰণ কৰাৰ বিষয়টোক সকলোৱে আদৰণি জনাইছে।

নগাওঁ জিলাৰ কেইবাটাও দল-সংগঠনে আদৰণি জনাইছে। তদুপৰি এই দল-সংগঠন কেইটা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয়।

ইপিনে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কালি সংবাদ মেলত কৈছিল-“তদন্তৰ প্ৰতিবেদনক আমি গ্ৰহণ কৰিছোঁ।

এনকাউণ্টাৰৰ লগত জড়িত প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। কিন্তু আমি লগতে ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনক কিয় কীৰ্তিকমলে বচাবলৈ গৈছিল তাৰ ওপৰত তদন্ত হোৱাটোও বিচাৰোঁ।”

কিছু সময় পূৰ্বে আনন্দ মিশ্ৰই গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছে।