চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ মূৰত গুলি কৰি আত্মহত্যা

চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াই আজি দুপৰীয়া আত্মহত্যা কৰে৷

নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলি কৰি আৰক্ষী বিষয়াজনে আত্মহত্যা l

কি কাৰণত তেওঁ আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

উচ্চ পদস্থ আৰক্ষী বিষয়া আহি তদন্ত আৰম্ভ কৰিছে৷

বিষয়াগৰাকীয়ে আত্মহত্যা কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চল জুৰি ভীষণ চাঞ্চল্য বিয়পি পৰিছে l

আৰক্ষী চকীৰ কাষত থকা নিজৰ চৰকাৰী আবাসগৃহতে তেওঁ আত্মহত্যা কৰে৷

দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত গাতো বেয়া লগাত জিৰণি লবলৈ আহিছিল নিজৰ ঘৰলৈ আহিছিল বিষয়াজনে l

লখিমপুৰ লীলাবাৰীত ঘৰ আছিল ভূপেন দিহিঙ্গীয়াৰ l

দুদিন পূৰ্বে তেওঁ চেলেংহাট আৰক্ষী চকীত দায়িত্ব গ্ৰহণ কৰিছিল৷