• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয় খুৱাব নালাগে, জনসাধাৰণৰ ওচৰ চাপিব লাগে আৰক্ষী: হীৰেন নাথ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2018 11:54 pm
hiren nath ips assam police

হীৰেন নাথ। ছবি- ইণ্টাৰনে’টৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত শিক্ষকৰ হাতত আছিল বেত, কোৱা হৈছিল চেকনিৰ আগত বিদ্যা; কিন্তু আজি সেয়া এক অপৰাধ। সময়ৰ সৈতে আৰক্ষীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি এই ৰিজনিৰে শুকুৰবাৰে গুৱাহাটীৰ এক আলোচনা চক্ৰত স্মাৰ্ট পুলিচ সন্দৰ্ভত বক্তব্য ৰাখে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথে।

পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘আইনা’ নামৰ বেচৰকাৰী সংস্থা এটাৰ উদ্যোগত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ আলোচনা চক্ৰত অসম আৰক্ষীক লৈ জনসাধাৰণৰ বিভিন্ন সমস্যাৰ লগতে আৰক্ষীসকলে সন্মুখীন হোৱা সমস্যাৰ ওপৰতো আলোকপাত কৰে হীৰেন নাথে।

‘অপৰাধ নিয়ন্ত্ৰণ আৰু আৰক্ষীৰ আধুনীকিকৰণ, জনসাধাৰণৰ সৈতে আৰক্ষী সম্পৰ্ক’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি নাথে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত ডেৰ মাহৰ বাবে থাকোতে তেওঁ দেখিছিল যে তাত আৰক্ষীৰ বাহনসমূহ  অতি উন্নতমানৰ আৰু সহজতে অপৰাধী এগৰাকীক কৰায়ত্ত কৰিব পৰা ধৰণৰ আছিল। তদুপৰি আৰক্ষীৰ সকলোবোৰ গাড়ীৰে আকৃতি একেধৰণৰ আৰু সুবিধাসমূহো একেধৰণৰ বুলি তেওঁ কয়।

আনহাতে, ভাৰতৰ আৰক্ষী ব্যৱস্থাৰ সৈতে আমেৰিকাৰ আৰক্ষীৰ এটি তুলনা কৰি তেওঁ কয়, ‘আমেৰিকাৰ আৰক্ষীৰ বাহনসমূহৰ সোঁফালৰ দৰ্জাৰ কাষতে কম্পিউটাৰ অথবা অন্যান্য সা-সঁজুলি থাকে। বাওঁফালৰ দৰ্জাখন এনেদৰে নিৰ্মাণ কৰা হৈছে যেন সৰু-সুৰা এখন জে’লহে। এজন মানুহক যদি গবা মাৰি ধৰি দৰ্জাখনেৰে ভৰাই দিয়ে, তেখেত কোনোপধ্যে ভিতৰৰ পৰা দৰ্জাখন খুলিব নোৱাৰে।’

ইয়াৰ বিপৰীতে ভাৰতৰ থানাত বিচিত্ৰ ধৰণৰ গাড়ী দেখিবলৈ পোৱা যায় বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘আমাৰ দেশতটো আৰক্ষীৰ বাহন দেখিছে আপোনালোকে। যদি থানাত চাৰিখন গাড়ী থাকে, তাৰে দুখন গাড়ী ঠেলিবলগীয়া হয় বা এখন ষ্টাৰ্টেই নহ’ব, গতিকে তেনেক্ষেত্ৰত আত্ম সন্মান ক’ত থাকিব?’

ইয়াৰোপৰি তেওঁ পুনৰবাৰ উদাহৰণ দি কয়, ‘মই আজি যদি ইয়াৰ পৰা তেনেকুৱা বাহন এখনেৰে বিমান বন্দৰলৈ যাবলগীয়া হয়, তেনেক্ষেত্ৰত মহা পৰিদৰ্শক পৰ্য্যায়ৰ বিষয়া এজনে যদি বেগতে চলা, মোৰ ফ্লাইট আছে বুলি চিঞৰি থাকিবলগীয়া হয়, তেন্তে মোৰ আত্মসন্মানটো ক’ত থাকিব?’

‘আৰক্ষী ব্যৱস্থাটোক যদি জনসাধাৰণৰ কাষ চপাই নিব বিচাৰে তথা বৰ্তমান যুগৰ লগত খাপ খুৱাব বিচাৰে, তেন্তে আমাৰ প্ৰথম কামটো হ’ব আত্মসন্মান। প্ৰত্যেকজন ব্যক্তিয়ে গৰ্বৰে ক’ব লাগিব যে, মই আৰক্ষীত কাম কৰো,‘ এইদৰে নাথে নিজৰ বক্তব্যৰ মাজতে উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ কয় ‘আৰ্মিবিলাকৰ দৰে থানাতো আচলতে আবাসিক এলেকাৰ ব্যৱস্থা থাকিব লাগে। ঠিক যিদৰে ৰিফাইনেৰি এলেকাতো নিজৰ চহৰৰ দৰে থাকিব পাৰে।‘

আৰক্ষী বিভাগত যদি সা-সুবিধাসমূহ ভালদৰে প্ৰদান কৰা হয়, তেনেহ’লে আৰক্ষীৰ আত্মসন্মান বাঢ়িব বুলি তেওঁ কয়। তেওঁ লগতে কয় ‘এইবিলাক সুবিধা নাই কাৰণে টেবুলৰ তলেৰে আদান-প্ৰদান কৰা, লাঠিৰ আগত, কিবা-কিবিবোৰ চলি থাকে, কাৰণ তেওঁলোকো চলি থাকিব লাগিব।‘

সেয়েহে আৰক্ষীৰ আত্মসন্মান বৃদ্ধি কৰিবৰ বাবে সকলোবোৰ সা-সুবিধা আৰক্ষী বিভাগত থাকিব লাগিব আৰু আত্মনিৰ্ভৰশীল হ’ব লাগিব বুলি তেওঁ ভাষণৰ মাজত কয়।

ভাৰতৰ আৰক্ষী ব্যৱস্থাটোৰ ২শ বছৰো সম্পূৰ্ণ হোৱা নাই বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।

ইয়াৰোপৰি ট্ৰেফিক পুলিছ এজনে বিনা কাৰণত কোনো লোকৰ গাড়ীখন সংকেত দি নৰখাই বুলি মন্তব্য কৰি  তেওঁ লগতে কয়, ‘তেওঁ আপোনাৰ গাড়ীখন ৰখাই আপোনাৰ অধিকাৰ খৰ্ব কৰিছে যদিও অন্য এজনক ৰাস্তাৰে পাৰ হৈ যোৱাৰ সুবিধা কৰি দিয়ে। এই কথাটো বহুতেই বুজি নাপায়।‘

এই সাধাৰণ কথাবোৰ জনসাধাৰণে অনুধাৱন কৰিব লাগে বুলি তেওঁ ভাষণ প্ৰসংগতে উল্লেখ কৰে।

আনহাতে, গুৰুতৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ সক্ষমতা বৃদ্ধি কৰিব লাগিব বুলিও তেওঁ কয়।

তদুপৰি আৰক্ষীক কেইখনমান গাড়ী ক্ৰয় কৰি দিলেই বা এটা ঘৰ নিৰ্মাণ কৰি দিলেই নাইবা কেইবিধমান সঁজুলি তথা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰি দিলেই আধুনিকীকৰণ হোৱাটো নুবুজায় বুলি তেওঁ কয়।

তেওঁ লগতে কয়, ‘মানুহৰ মনবোৰ আধুনিক হ’ব লাগিব।‘

এই সন্দৰ্ভত তেওঁ উদাহৰণ সহকাৰে কয়, ‘এজন কনিষ্টবল অথবা এজন আৰক্ষী বিষয়াই যদি নিজৰ ঘৰত পত্নীক যদি গালি-গালাজ কৰে, নিজৰ ল’ৰা-ছোৱালীক যদি জন্তুৰ নাম ধৰি গালি পাৰে, তেন্তে আমি কেনেকৈ বিশ্বাস কৰিম যে থানাখনত অহাৰ লগে লগে তেওঁৰ মনটো সম্পূৰ্ণ আধুনিক হৈ যাব বা মানুহক ভাল ব্যৱহাৰ কৰিব?’

যোৱা তিনি-চাৰিবছৰে আৰক্ষী বিভাগত খুব সুন্দৰভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন  হৈছে বুলি দাবী কৰি তেওঁ লগতে কয়, ‘যথেষ্ট সংখ্যক শিক্ষিত যুৱক-যুৱতীক আৰক্ষী বিভাগত নিয়োগ কৰা হৈছে। এপিএছচি, য়ুপিএচছিৰ দৰে আৰক্ষীৰ কনিষ্টবলৰো লিখিত পৰীক্ষা অনুষ্ঠিত হয়।‘

আৰক্ষী বিভাগৰ আধুনিকিকৰণ  কৰিবলৈ হ’লে শিক্ষিত যুৱক-যুৱতীক নিয়োগ কৰিব লাগিব, নিযুক্তিত কোনো দুই নম্বৰী কাম হ’ব নালাগিব, উচ্চ প্ৰশিক্ষিত হ’ব লাগিব আৰু প্ৰশিক্ষণ লৈ  কোনো জিলাত যোগদান কৰিলে সা-সুবিধাসমূহ ভালদৰে পাব লাগিব বুলি তেওঁ কয়।

মহাপৰিদৰ্শকজনে ভাষণত উল্লেখ কৰাৰ দৰে যদি অসম আৰক্ষীৰ এনে দুৰৱস্থা হয়, তেন্তে স্মাৰ্ট পুলিছৰ বাবে বহুখিনি কৰিব লগীয়া নাইনে পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd