NORTHEAST NOW (Assamese)

বিধানসভাৰ পৰা বিৰোধী বিধায়কক চোঁচৰাই বাহিৰ কৰি আনিলে আৰক্ষীয়ে, ক’ত?

March 24, 2021 1:26 pm · এন ই নাও নিউজ

বিহাৰ বিধানসভাত সংঘটিত হোৱা এটা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।

মঙলবাৰে সদনৰ পৰা আৰক্ষীয়ে ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ বিধায়কসকলক চোঁচৰাই বাহিৰ কৰি আনে।

বাতৰি অনুযায়ী, সংঘাতৰ গুৰি হৈছে আৰজেডি নেতৃত্বাধীন বিৰোধী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিনহাক তেওঁৰ চেম্বাৰত আৱদ্ধ কৰি ৰাখিছিল।

আৰজেডিৰ সুধাকৰ সিং, চিপিএমৰ সত্যেন্দ্ৰ যাদৱকে ধৰি কেইবাজনো বিৰোধী বিধায়ক ঘটনাটোত আঘাটপ্ৰাপ্ত হয়।

সত্যেন্দ্ৰ যাদৱ থিতাতে অচেতন হৈ পৰাত এম্বুলেন্সযোগেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পাছতে সামাজিক মাধ্যমত ঘটনাটোৰ ভিডিঅ’টো ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত দেখা গৈছে আৰজেডি বিধায়ক সুধাকৰ সিঙক আৰক্ষীয়ে চোঁচৰাই বিধানসভাৰ পৰা বাহিৰ কৰি দিছে।

ঘটনাটোৰ সূত্ৰপাত হয় বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে সদনত উত্থাপন কৰা এখনি বিধেয়কক লৈ।

‘বিহাৰ স্পেছিয়েল আৰ্মড পুলিছ বিল ২০২১’ নামৰ বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী দল আৰজেডিৰ বিধায়কসকলে সদনত হুলস্থূলীয়া পৰিস্থিতৰ সৃষ্টি কৰে।

তদুপৰি বিৰোধী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক কেইবাবাৰো সদন স্থগিত কৰিবলৈও বাধ্য কৰে।

বিৰোধীয়ে বিধেয়কখনক টাডা আইন হিচাপে অভিহিত কৰি কয় যে এই আইনৰ দ্বাৰা আৰক্ষীয়ে যিকোনো লোককে বিনা বিচাৰে গ্ৰেপ্তাৰ কৰি জনসাধাৰণক হাৰাশাস্তি কৰিব।

কেইবাবাৰো প্ৰতিবন্ধকতাৰ অন্তত, অৱশেষত কেবিনেট মন্ত্ৰী বিজেন্দৰ যাদৱে বিয়লি ৩ বজাত ব্যাপক প্ৰতিবাদৰ মাজতে বিধেয়কখন উত্থাপন কৰিবলৈ সক্ষম হয়।

বিধেয়কখন উত্থাপন কৰাৰ পাছতে, অধ্যক্ষই ৪.৩০ বজা পৰ্যন্ত সদন স্থগিত ৰাখে।

তাৰপাছতে পৰিস্থিতিয়ে চূড়ান্ত পৰ্যায় লাভ কৰে আৰু আৰক্ষীয়ে হস্তক্ষেপ কৰিব লগা হয়।

সদন স্থগিত কালত বিৰোধী বিধেয়কসকলে অধ্যক্ষৰ চেম্বাৰলৈ যায় আৰু তাত তেওঁক আৱদ্ধ কৰি ৰাখিব বিচাৰে যাতে সদনৰ পাছৰ কাৰ্যসূচী সম্পাদন কৰিব নোৱাৰে।

পাটনা আৰক্ষী আহি তাত উপস্থিত হয় আৰু মহিলা পুৰুষসহিতে বিৰোধী বিধায়কসকলক তাৰপৰা উলিয়াই আনে।

”প্ৰশাসনে কেইবাজনো বিৰোধী বিধায়কক সদনৰ ভিতৰতে মাৰপিট কৰে।”- আঘাটপ্ৰাপ্ত আৰজেডি বিধায়িকা কিৰণ দেৱীয়ে এইদৰে কয়।

ঘটনাটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰজেডিয়ে কয় যে নীতিশ কুমাৰ চৰকাৰৰ দিন চমু চাপি আহিছে।

”প্ৰতিবাদ আৰু শ্লোগান দিয়াটো অবৈধ নেকি?”- আৰজেডিয়ে এটা টুইটযোগে এইদৰে কয়।

শিৱসেনা সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে ঘটনাটোক গৰিহণা জনাইছে।

”বিহাৰত কি ঘটি আছে? বিধানসভাৰ মজিয়াত নিৰ্বাচিত বিৰোধী জনপ্ৰতিনিধিসকলক এইদৰে আচৰণ কৰাটো অতি গৰিহণাযোগ্য আৰু গ্ৰহণযোগ্য নহয়।”- চতুৰ্বেদীয়ে কয়।

আনহাতে, আৰডেডি নেতা তেজস্বী যাদৱে টুইটযোগে এনডিএ নেতৃত্বাধীন চৰকাৰক গৰিহণা জনাইছে।

”চিএম নীতিশ, আপোনাৰ ক্ষমতাশালী দিনবোৰ চমু চাপি আহিছে। আপোনাৰ প্ৰতিটো পাপৰ বাবে আপুনি উত্তৰ দিব লাগিব।”- তেজস্বীয়ে কয়।

আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে টুইটাৰযোগে নীতিশ কুমাৰক হিটলাৰৰ স’তে তুলনা কৰিছে।

Related News