ৰাজ্যত বলৱৎ নতুন কোভিড নিৰ্দেশনা, আইন অমান্য কৰিলে পূৰ্বতকৈও কঠোৰ হ’ব আৰক্ষী; ডি জি পিৰ হুংকাৰ

আৰক্ষীৰ অমতত গলেই হ'ব পাৰে জেইল, জৰিমনা আৰু লাঠী চালনা

index.jpgaaa

দেশৰ লগতে ৰাজ্যত ক্ৰমশঃ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বলৱৎ কৰা নতুন কোভিড নীতি-নিৰ্দেশনা জনসাধাৰণে আইন উলংঘা কৰিলে আৰক্ষীয়ে পূৰ্বতকৈও অধিক কঠোৰ হ’ব বুলি আজি হুংকাৰ দিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

মঙ্গলবাৰে সচিবালয়ত সম্বোধন কৰা এক সংবাদমেলত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় “কোভিডৰ প্ৰতি লক্ষ্য ৰখি যি SOP জাৰি কৰা হৈছে সেই নিয়ম যদি জনসাধাৰণে অমান্য কৰে তেনেহ’লে পূৰ্বতকৈও কঠোৰ হ’ব আৰক্ষী। মাস্ক পিন্ধাটো বাধ্যতামূলক। যদিহে কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰে তেনেহ’লে তাৰ বিনিময়ত ১০০০ টকা জৰিমনা ভৰিব লাগিব।”

আনহাতে তেওঁ পুনৰ কয়, “যদিহে কোনো ব্যক্তিয়ে আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কি কৰিবলৈ চেষ্টা কৰে তেনেহ’লে তাৰ বিনিময়ত আৰক্ষীয়ে লাঠী চালনা বা বল প্ৰয়োগ কৰিবলৈ বাধ্য হ’ব।”

“যদিহে আইন উলংঘা কৰি আই পি চি চেকচনলৈ যায় তেনেহলে জেইললৈ যাব লাগিব। আনহাতে ডি এম এক্টত পৰিলে জৰিমনা ভৰি বেইল পাবলৈ সক্ষম হ’ব।” মহন্তই হুংকাৰ দি কয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে।

তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা নতুন কোভিড নীতি নিয়ম বলৱৎ কৰিছে ৰাজ্য চৰকাৰে। ৩০ এপ্ৰিললৈকে এইসমূহ নীতি নিৰ্দেশনা বলৱৎ থাকিব ৰাজ্যত।

এই নিৰ্দেশনা অনুসৰি সকলো লোকে মাস্ক পিন্ধাতো বাধ্যতামূলক। যদিহে কোনো ব্যক্তিয়ে ভুলক্ৰমে মাস্ক পৰিধান কৰিবলৈ পাহৰি যায় তেনে লোকক আৰক্ষীয়ে বিনামূলীয়াকৈ মাস্কৰ যোগান ধৰিব বুলিও মহন্তই সংবাদ মেলত সদৰী কৰে।