NORTHEAST NOW (Assamese)

ক্ৰমাৎ ৰাজনৈতিক আকৰ্ষণ বৃদ্ধি তামুলপুৰত, দলীয় নেতা-কৰ্মীৰে উদুলি-মুদুলি তামুলপুৰ

October 25, 2021 5:36 pm · এন ই নাও নিউজ, গুৱাহাটী

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে তামুলপুৰ সমষ্টিত। সমষ্টিটোত সমাৱেশ ঘটিছে বহু ৰাজনৈতিক নেতা-কৰ্মীৰ।

আজি তামুলপুৰত এক সভাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিসদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। তামুলপুৰত উপস্থিত হৈ সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে লুৰীণজোতি গগৈয়ে।

তেওঁ কয় যে বিগত নিৰ্বাচনত মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ বাবেহে বিজেপি দলক ভোট দিছিল। কিন্তু এইবাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজে ভোট দিব লাগে।

বিজেপিয়ে জনতাৰ তেজ শুহি খায় বুলি তেওঁ ভাষ্যত উল্লেখ কৰে। লগতে তেওঁ কয় যে, বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰে।

আনহাতে উপ নিৰ্বাচনৰ প্ৰাকক্ষনত তামুলপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ মাৰাথন প্ৰচাৰ চলাইছে।

তামুলপুৰত ইউপিপিএলৰ মনোনীত মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে বহু ভোটত জয়ী হ’ব বুলি ভৱিষ্যত বাণী কৰে প্ৰমোদ বড়োৱে।

তেওঁ কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তামুলপুৰত আহি ক’ত দলং লাগে, ক’ত ৰাস্তা লাগে, ক’ত স্কুল কলেজ লাগে সেই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।সেয়ে মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় নেতাজনে।

মূল্য বৃদ্ধিৰ প্ৰসঙ্গত বড়োৱে কয় যে গোটেই ভাৰতৰ পলিচিৰ লগত জড়িত। মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে প্ৰমোদ বড়োৱে।

ইফালে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনৰ ডেৰ শতাধিক নেতা কৰ্মীয়ে তামুলপুৰৰ গয়বাৰী মণ্ডল বিজেপিত যোগদান কৰে।

কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত দলত যোগদান কৰে এই নেতা-কৰ্মীসকলে। 

Related News