• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈৰী বন্ধুৰ প্ৰচাৰৰ যুঁজত নিৰ্বাচনী বতৰৰ আমোদ! কিহৰ বাবে কাক ভোট দিব বিভ্ৰান্তিত ভোটাৰ

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 30, 2021 1:03 pm
friends and enimey
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও লোকেল ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ যুদ্ধই ভোটাৰক বেচ আমোদ দিয়া দেখা গৈছে।

সভ্যতাৰ যুঁজৰ আহ্বানেৰে নিৰ্বাচনী প্ৰচাৰ যুদ্ধৰ আৰম্ভণি ঘটোৱা বিজেপিৰ প্ৰধান সেনাপতিগৰাকীয়ে নিজৰ ৰণনীতিৰে ঠিকেই আগবাঢ়িছিল যদিও তেওঁৰ সন্মুখতো যে ডাঙৰ প্ৰত্যাহ্বান আহিব পাৰে তাৰ উমান পোৱা নাছিল।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আশা কৰা মতে ফলাফল লাভ কৰাৰ কোনো সম্ভাৱনা নথকাৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত শাসকীয় মিত্ৰজোঁটৰ হাতত ক’বলৈ নতুন বিষয় প্ৰায় নোহোৱাই হৈ পৰিল।

হয়, বিজেপি মিত্ৰজোঁটৰ প্ৰধান সেনাপতি হিমন্ত বিশ্ব শৰ্মাই নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলালে ঠিকেই, কিন্তু ভোটাৰক প্ৰকৃততে কিমান আকৰ্ষিত কৰিব পাৰিলে?

বিপক্ষক ধৰাশায়ী কৰিবলৈ মাত্ৰ কেইটামান কৌশলী ‘বেদবাক্য’ উচ্চাৰণ কৰিলেই নিৰ্বাচনী ৰণ জিকা সম্ভৱ?

হয়তো নহয়, কিয়নো সন্মুখত বিপক্ষৰ সেনাপতি ৰূপত থিয় দিছে তেওঁৰেই একালৰ বন্ধু, সহযোগী ৰাজনৈতিক নেতাই প্ৰতিদ্বন্দ্বী ৰূপত। তাকো তীব্ৰ আক্ৰমণৰ লক্ষ্য আগত ৰাখি।

হাগ্ৰামা মহিলাৰী, ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ কথাকেই ক’ব বিচৰা হৈছে।

এই তিনিওজনেই ৰাজনৈতিক বন্ধুত্বৰে হিমন্ত বিশ্ব শৰ্মাৰ এসময়ৰ অতি নিকট ব্যক্তি। ৰাজনৈতিক বৈৰীতাৰ বাবে এতিয়া দুই মেৰুত থিয় হোৱা তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ যুঁজখন সঁচাকৈয়ে আকৰ্ষণীয় হৈ পৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ একঘেয়ামী প্ৰচাৰৰ কৌশল তথা নিৰ্বাচনী ভাষণসমূহে দলীয় সমৰ্থকৰ মন জয় কৰিলেও নতুন ভোটাৰক আকৰ্ষণ কৰিব পৰা নাই।

আনহাতে, সম্পূৰ্ণ স্বভাৱসুলভ ভংগীৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰত সংবাদ মাধ্যমৰো মধ্যমণি হৈ পৰিছে। তাকো হিমন্ত বিশ্ব শৰ্মাৰ দৰে ‘নিপুন’ সেনাপতিৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বানেৰে।

হাগ্ৰামাই বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ কিছুমান কটাক্ষমূলক কথা কৈছে। দেখাত সেইবোৰ তৰল যেন লাগিব পাৰে, কিন্তু সেইবোৰে বহুতৰে মনত ‘কিংমেকাৰ’ৰ নতুন ৰূপটো আৱিষ্কাৰ কৰিছে।

মহাজোঁটৰ মহা সেনাপতিৰ ৰূপত হাগ্ৰামাই আন সকলো ষ্টাৰ কেম্পেইনাৰকে ম্লান কৰি তুলিছে। তাৰ মাজতে কৌশলপূৰ্ণ আক্ৰমণেৰে উদ্বিগ্ন কৰি তুলিছে বিজেপিৰ ‘থিংক টেক’ক।

সোমবাৰে হাগ্ৰামাই প্ৰায় এক বিস্ফোৰণ ঘটাই কয় যে নেডাৰ মিটিঙত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ পাছৰে পৰাই হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে লাগি পৰিছে আৰু বিটিচি নিৰ্বাচনৰ পৰাই তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

বিটিচিৰ লগতে অসমৰ বড়ো অধ্যুষিত অঞ্চলটো বিপিএফৰ যথেষ্ট প্ৰভাৱ থকাৰ দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁ যিটো দলৰ লগতে থাকে সেইটো দলেই চৰকাৰ গঠন কৰে।

তেওঁ কয়, “মই নেডাৰ মিটিঙত সৰ্বানন্দক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিলোঁ আৰু তাকে লৈ হিমন্তই মোৰ লগত কাজিয়া কৰিছে। হিমন্ত বিটিচিত আহি লাভ নাই। মই ইয়াৰ ৰজা। আৰ এছ এছ আৰু বিজেপিয়ে জনজাতীয়লোকসকলক নিঃশেষ কৰিব বিচাৰিছে। মোক বিটিচি নিৰ্বাচনত ঠগাইছে। মই পুনৰ অসমৰ কিংমেকাৰ হ’ম।‘’

হাগ্ৰামাৰ সমান্তৰালকৈ বদৰুদ্দিন আজমলেও এইবাৰ হিমন্তৰ ৰণ কৌশলৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে। আজমলে স্পষ্ট কৰি দিছে যে মহাজোঁটে চৰকাৰ কৰিলে কংগ্ৰেছৰ পৰাই এগৰাকী ‘ভূমিপুত্ৰ’ক মুখ্যমন্ত্ৰী হিচাপে বহুওৱা হ’ব।

আনহাতে, এসময়ৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ৰকিবুল হুছেইনেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ এৰা নাই। প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে হিমন্ত বিশ্বক পুৰণি কথা মনত পেলাই দি এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে হুছেইনে।

নিৰ্বাচনী প্ৰচাৰৰ এই স্নায়ু যুঁজত বৈৰী বন্ধুৰ এনে আক্ৰমণ-প্ৰত্যাক্ৰমণ সঁচাকৈয়ে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

Tags: Assam Election
ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd