• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্য ২০২১ : বিজেপিক ওফৰোৱাৰ লক্ষ্যৰে পুনৰ একত্ৰিত KMSS কে ধৰি ৭০ জাতীয় সংগঠন

আকৌ সক্ৰিয় ৭০ সংগঠন! ২১ ত দিচপুৰ দখলৰ লক্ষ্যৰে গঠন কৰিব ৰাজনৈতিক দল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 2, 2020 8:49 pm
031a4031-213c-422d-b7a0-664847985bbc
660
VIEWS
Share on FacebookShare on Twitter

২০১৯ বৰ্ষত হোৱা ‘কা’ বিৰোধী আন্দোলনৰ পাছত পুনৰ একত্ৰিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, সদৌ কলিতা ছাত্ৰ সন্থা, সদৌ গৰীয়া যুৱ পৰিষদ, স্বৰাজ অসম, আদিবাসী ছাত্ৰ সন্থাকে ধৰি মুঠ ৭০ টাকৈ সংগঠন।

দেওবাৰে এই ‘কা’ বিৰোধী ৭০ টাকৈ জাতীয় সংগঠনৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হয় এখন জৰুৰী বৈঠকত।

উক্ত বৈঠকতে মূল বিষয় হিচাপে স্থান পাই ২১ত বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন হ’বলগীয়া ৰাজনৈতিক দলৰ প্ৰসংগ। সভাত অনুষ্ঠিত থকা নেতাসকলৰ মাজৰে এক উচ্চস্তৰীয় সুত্ৰই আমাৰ সাংবাদিকক জনাইছে এই কথা।

সূত্ৰটোৱে জনোৱা অনুসৰি ‘অসমৰ ৰাইজে যদি বিচাৰে তেন্তে অচিৰেই ৰাজনৈতিক দল গঠন কৰা হ’ব। আমি ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামী সংসদীয় ৰাজনীতিৰ পোষকতা কৰিছো।‘

‘বিজেপি চৰকাৰৰ দীৰ্ঘদিনীয়া যি শোষণ নিষ্পেষণ, ভ্ৰষ্টাচাৰ উৎখাত কৰাৰ স্বাৰ্থত এটা প্ৰগতিশীল সংগ্ৰামী সংসদীয় ৰাজনীতিৰ পোষকতা কৰি ৰাইজৰ আহ্বানত গুৰুত্ব দিহে এই ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত লৈছো।‘ সুত্ৰটোৱে লগতে কয়।

ইপিনে, নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৰ বেনাৰত প্ৰায় গোটেইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে ৭০ সংগঠনে।

অৱশ্যে, ৰাজ্যৰ কেবাখনো জিলালৈ গৈ এই প্ৰসংগত তেওঁলোকে আলোচনা কৰিব আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে একাংশ বৰ্ষীয়ান ৰাজনৈতিক নেতাৰ সৈতেও আলোচনা কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

আনহাতে, আজিৰ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ EIA আইন, নতুন শিক্ষা নীতি, কা বিৰোধী আন্দোলনৰ ভৱিষ্যৎ পৰিকল্পনা, অখিল গগৈৰ মুক্তিৰ দাবী সম্পৰ্কেও আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

এইখিনিতে, আৰু এক প্ৰশ্নৰ সূচনা হৈছে যে কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজনৈতিক দলৰ পোষকতা কৰা মূল কাণ্ডাৰীকেইগৰাকী কোন কোন?

এই সন্দৰ্ভত সূত্ৰটোৱে দাবী কৰা মতে অখিল গগৈৰ অনুপস্থিতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস, অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকা, মদ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ দাস, সদৌ অসম গৰীয়া পৰিষদৰ সভাপতি মিৰ্জা বৰা, সদৌ কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ কলিতা, আহোম সেনাৰ মুখ্য সেনাধক্ষ্য অংকুৰণ ফুকন, ছাত্ৰ যুৱ সন্মিলনীৰ সভাপতি মাধূৰ্য্য বৰুৱা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক মুকুট ডেকা আৰু স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈ।

ইপিনে, কাইলৈৰে পৰা ৰাজ্যজুৰি ‘কা’ বিৰোধী প্ৰতিবাদ অনুষ্ঠিত কৰিব ৭০ টাকৈ জাতীয় সংগঠনে।

এটা কথা উল্লেখ কৰিব পাৰি যে, আছু আৰু ৩০ টাকৈ জাতীয় সংগঠনৰ নেতৃত্বতো এটা ৰাজনৈতিক দল গঠনৰ কুছকাৱাজ ইতিমধ্যে চলি আছে। গতিকে ৭০ টাকৈ জাতীয় সংগঠন আৰু ৩০ টাকৈ জাতীয় জনহগোষ্ঠীয় সংগঠন লগ হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিয়ে নে অকলশৰীয়াকৈ ২১ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব সেয়া সময়ত লক্ষণীয় হ’ব।

Recent News

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd