• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ জুবিন : জানুৱাৰীৰ পৰা কৰিব ‘কা’ আন্দোলন

‘ৰাজনৈতিক দলৰ হৈ গীত গাই লাভ নাই, বিতৰ্কহে হয়’ জুবিন গাৰ্গ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 7, 2020 8:21 pm
508
VIEWS
Share on FacebookShare on Twitter

পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গ’ল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।

জানুৱাৰী মাহৰ পৰা বিজেপি চৰকাৰে ‘কা’খন সমগ্ৰ দেশতে বলবৎ কৰাৰ সময়তে ‘কা’ৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জুবিনে।

আজি সংবাদমাধ্যমৰ আগত জুবিনে কয় ‘ইতিমধ্যে চিন্তা-চৰ্চা কৰিছো ‘কা’ৰ বিষয়টো। ‘কা’ৰ কাৰণে আমাৰ মাজৰ বহু ল’ৰা শ্বহীদ হ’ল। ‘কা’ৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰি যুদ্ধ কৰিলো। মই ইমান সহজে এৰি নিদিওঁ। কা যদি বলবৎ হয় মই আকৌ ওলাই আহিম।‘

‘প্ৰতিবাদ কৰি আছিলো আৰু সদায় ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। যদি ক’ৰ’নাৰ কাৰণে ৰাজপথত অসুবিধা হয় তেন্তে বেলেগ পন্থা ল’ম।‘ জুবিনে লগতে হুংকাৰ দি কয়।

ইপিনে, নতুনকৈ খোলা ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন কৰি জুবিনে লগতে কয় ‘নতুনকৈ ৰাজনৈতিক দল খুলিছে কিন্তু ৰাইজে তেওঁলোকক কিমান বিশ্বাসত লয় সেয়া সময়ত গম পাব। আমাৰ দৰে ৰাজনীতিত নোযোৱা মানুহ বহুত আছে। গোটেইখিনি লগ হৈ কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম।‘

আনহাতে, সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈক মুক্তি দিবলৈ পুনৰবাৰ দাবী কৰে জুবিন গাৰ্গে।

তেওঁ কয় ‘অখিল গগৈৰ বহুদিন জেইলৰ ভিতৰত আছে। তেওঁক বাহিৰলৈ উলিয়াই দিলে ভাল হয়। তেওঁৰ মাজতে স্বাস্থ্যৰ অৱনতিও হৈছিল গতিকে তেওঁক জেইলৰ পৰা উলিয়াই আনিব পাৰিলে ভাল হয়।‘

‘বিতৰ্ক মই ভাল নাপাওঁ, বিতৰ্কই মোক ভাল পায়।‘ জুবিনে লগতে কয়।

ইপিনে, জীৱনত কোনোদিন নিৰ্বাচনী প্ৰচাৰ গীত কোনো ৰাজনৈতিক দলৰে হৈ নাগায় বুলি দাবী কৰি জুবিনে কয় ‘জীৱনত আৰু কোনো নিৰ্বাচনী গীত নাগাওঁ। আগতে কংগ্ৰেছৰ গাইছিলো, বিজেপিৰো গাইছিলো কিন্তু এইবোৰ গাই লাভ নাই। এইবোৰ অদৰকাৰী। এইবোৰ গীত গালে বিতৰ্কও হয়। নিৰ্বাচনৰ গীত ইমান গুৰুত্বপূৰ্ণ নহয়, অন্য গীত গোৱাই ভাল।‘

আছুৰ উপদেষ্টা হৈয়ে থাকি যোৱা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ সন্দৰ্ভত মন্তব্য কৰি জুবিনে লগতে কয় ‘সমুজ্জ্বল ভট্টাচাৰ্য্যৰ দৰে লোক ছাত্ৰ সন্থাত থকাটো দৰকাৰ। মই তেওঁ আছুত থাকি যোৱাৰ বাবে ভাল পাইছো।‘

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd