যাত্ৰীসকলে দেওবাৰে ৰাতিপুৱা ষ্টেচনত এখন ৰে’ল ধৰাত ব্যস্ত হৈ আছিল। এনে দৌৰাদৌৰিৰ সময়তে সকলোৰে মাজত হঠাতে হুলস্থূল লাগিল। কাৰণ? ৰে’ল ষ্টেচনৰ টেলিভিছন স্ক্ৰীণত বিজ্ঞাপনৰ পৰিৱৰ্তে চলি আছে পৰ্ণ ফিল্ম। এনে এক কাণ্ড দেখি যাত্ৰীসকলৰ চকু কপালত উঠিল।
ঘটনাটো বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ ১০ নম্বৰ প্লেটফৰ্মত সংঘটিত হৈছিল। দেওবাৰে পুৱা প্ৰায় ৯-৩০ বজাত প্লেটফৰ্মত থকা একাধিক টিভিত ৩ মিনিট ধৰি নিৰন্তৰ পৰ্ণ ফিল্ম চলি আছিল। সেই সময়ত বহুতো মহিলা আৰু শিশুও তাত উপস্থিত আছিল।
লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে এলডিপি চামিল হোৱাৰ কথা ঘোষণা কৰিলে প্ৰতিষ্ঠাপক প্ৰদ্যুৎ বৰাই
তেনে এক মুহূৰ্তত সকলোৱে অস্বস্তিবোধ কৰিছিল। যাত্ৰীসকলে খৰখেদাকৈ গৈ জিআৰপি আৰু আৰপিএফ বিষয়াসকলৰ ওচৰত অভিযোগ কৰিছিল। কিন্তু ইয়াক বন্ধ কৰিবলৈ যথেষ্ট সময় লাগে।
বাতৰি অনুসৰি, ৰে’ল ষ্টেচনৰ দূৰদৰ্শনৰ বিজ্ঞাপন দিয়াৰ দায়িত্ব আছিল দত্ত কমিউনিকেশ্বন নামৰ এটা কোম্পানীৰ ওপৰত। যদিও জিআৰপিৰ ফালৰ পৰা পলম হৈছিল, আৰপিএফে দ্ৰুততাৰে কোম্পানীটোৰ সৈতে যোগাযোগ কৰিছিল। বিষয়াসকলে অতি সোনকালে ৰে’ল ষ্টেচনৰ টিভিত অশ্লীল চলচ্চিত্ৰ বন্ধ কৰাৰ নিৰ্দেশ দিছিল।
লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ নিৰ্দেশ কিমৰ!
কিন্তু ঘটনা ইয়াতে শেষ হোৱা নাই। দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে ৰে’লৱেৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে। কোম্পানীটোক ব্লেকলিষ্ট কৰাৰ উপৰিও ইয়াক আৰ্থিক জৰিমনা পৰিশোধ কৰিবলৈও কোৱা হৈছে।