প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতে দেওবাৰে নিশা বিদ্যু যোগান ব্যাহত কৰাৰ প্ৰস্তুতি পাৱাৰ গ্ৰীডৰ

powergrid-gets-unified-licence-to-offer-telecom-services

নিজৰ টুইটাৰ একাউন্টত এটা ভিঢিঅ’ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে বিজুলী বাতি বন্ধ কৰি আন্ধাৰত ম’মবাতি, তেলৰ চাকি আদি জ্বলাবলৈ দেশবাসীক আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰীৰ মোদীৰ এই আহ্বানৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

তেনে এক সময়তে পাৱাৰ গ্ৰীডে দেওবাৰে নিশা ৯ বজাত বিদ্যুৎ যোগান ব্যাহত কৰিব বুলি বাতিৰ প্ৰকাশ পাইছে।

শক্তি মন্ত্ৰালয়ৰ সচিব এছ এন ছাহায়ে কয় যে ১৫ গিগাৱাট বিদ্যুৎ প্ৰৱাহ হঠাতে উক্ত দিনা বন্ধ কৰি দিয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ইফালে দেশৰ আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশৰ পাৱাৰ ট্ৰেঞ্চমিশ্যন ক্ৰ’পে উক্ত দিনা বিদ্যুৎ সেৱা বন্ধ কৰাৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে।

ছাহাই আৰু কয় যে দেশৰ সমগ্ৰ হাইড্ৰ’পাৱাৰ প্ৰতিষ্ঠানবোৰে বিদ্যুৎ সেৱাৰ যোগান হঠাৎ বন্ধ কৰাৰ বাবে এক বুজাবুজিত উপণীত হৈছে।

উল্লেখ্য যোৱা ২২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে দেশজোৰা জনতা কাৰ্ফিউ পালনৰ দিনা সন্ধিয়া পাঁচ বজাত দেশবাসীক কাঁহি-বাতি বজাই দেশৰ চিকিৎসা কৰ্মীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু উক্তা দিনা দেশৰ বিভিন্ন প্ৰান্তত জনতাই হাতে হাতে কাঁহি-বাতি লৈ বজাই বজাই এক প্ৰকাৰৰ নাভূতনুশ্ৰূত কাণ্ড কৰা দেখা গৈছিল।