অসম আন্দোলনৰ নেতা সমাজকৰ্মী প্ৰদীপ হাজৰিকাৰ দেহাৱসান; গৌৰীসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

Pradeep Hazarika

প্ৰদীপ হাজৰিকা। ফাইল ফটো।

অসম আন্দোলনৰ নেতা, প্ৰাক্তন আছু কৰ্মী তথা সমাজকৰ্মী শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ নিৱাসী প্ৰদীপ  হাজৰিকা(৫৯)ৰ ৯ অক্তোবৰৰ পুৱা নিজা ঘৰতে পৰলোকপ্ৰাপ্তি ঘটে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পৰিবহণ বিভাগৰ বিষয়া হাজৰিকা দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ  আছিল।

অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হাজৰিকা গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আছিল।

সেই সময়ত নৱ যুৱ যোগনিয়াৰ নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন ছাত্ৰ-কৰ্মীসকলকো আত্মসংস্থাপনৰ বাট দেখুৱাইছিল।

পৰৱৰ্তী পৰ্য্যায়ত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চাকৰিত যোগদান কৰিছিল। অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকা হাজৰিকা অঞ্চলটোৰ মঞ্চ বিহুৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক আছিল আৰু লগতে ভটীয়াপাৰ যুৱ সংঘৰ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ দুবাৰকৈ সভাপতি তথা শেনচোৱা যুৱ সংঘৰ  ৰঙালী বিহু উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

ইয়াৰ উপৰি গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদযাপন সমিতিৰো উপসভাপতি আছিল।

সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ পুৱা  বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধই তেখেতৰ বাসগৃহত ভিৰ কৰাৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হৈ যায়। গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট, গৌৰীসাগৰ চেণ্ট্ৰেল পাব্লিক হল, গৌৰীসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, আইলা হাবি বৰনামঘৰ, ভটীয়াপাৰ যুৱ সংঘ, ভটীয়াপাৰ বৰনামঘৰ, ৰূপহীকিনাৰ বৰনামঘৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰুদ্ৰসাগৰ আঞ্চলিক সমিতি, ৰুদ্ৰসাগৰ মণ্ডল কংগ্ৰেছ সমিতি আদিকে ধৰি বিভিন্ন সংগঠনে সমাজকৰ্মীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায়।

একেদৰে ৰুদ্ৰসাগৰ শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰুদ্ৰসাগৰ আঞ্চলিক সমিতি, কৈৱৰ্ত যুৱ ছাত্ৰ সন্থাৰ জিলা সমিতি, দিখৌপৰীয়া সন্মিলীত যুৱ সংঘ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম ৰয়েল ছ’চইটিৰ শিৱসাগৰ জিলা সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি, বৰ্ণালী সংঘ, বীণাপাণি সংগীত মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত সমাজকৰ্মীগৰাকীয়ে পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।