মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাপে দায়িত্ব ল’লে প্ৰদীপ শালৈয়ে : থানাত পৰি থকা গোচৰসমূহ নিষ্পত্তিত গুৰুত্ব

Pradeep Saloi

নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈলৈ দায়িত্ব হস্তান্তৰ কৰা মুহূৰ্তত হীৰেন নাথ (বাওঁফালৰজন)।

মহানগৰীৰ থানাসমূহত বছৰ বছৰ ধৰি পৰি আছে বহু গোচৰ। এই গোচৰসমূহৰ তদন্ত আগ নবঢ়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে আজি মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাপে দায়িত্ব লোৱা প্ৰদীপ শালৈয়ে।

শনিবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই শালৈয়ে সাংবাদিকৰ আগত কয়, “আমাৰ বহু সংখ্যক গোচৰৰ তদন্ত আগ নবঢ়াকৈ পৰি আছে। ইয়াৰ বাবেই বহু অভিযুক্তক আদালতৰ কাঠগৰালৈ নিব পৰা নাই বা তেওঁলোকক দোষী প্ৰমাণিত কৰি শাস্তিৰ ৱ্যৱস্থা কৰিব পৰা নাই।”

মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈয়ে প্ৰদীপ শালৈয়ে এই গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। লগতে তদন্তৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো তেওঁ প্ৰচেষ্টা হাতত ল’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ হ্ৰাস কৰাৰ ক্ষেত্ৰত এই বিষয়ৰ গৱেষণাৰ লগত জড়িত ব্যক্তিৰ পৰা সহায় বিচাৰিব বুলি কয় নৱনিযুক্ত আয়ুক্তজনে।

উল্লেখ্য যে, শেহতীয়াভাৱে অসম আৰক্ষীৰ প্ৰশাসনিক শাখাৰ মহাপৰিদৰ্শক হিচাপে দায়িত্বত থকা প্ৰদীপ শালৈ পূৰ্বেও গুৱাহাটী মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব আছিল। মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদৰ পৰা শালৈ ২০১১ চনত বদলি হৈছিল। এতিয়া পুনৰ মহানগৰৰ দায়িত্ব লাভ কৰি আনন্দিত বুলি প্ৰকাশ কৰে শালৈয়ে।

ইপিনে, আজি প্ৰদীপ শালৈক দায়িত্বভাৰ অৰ্পণ কৰাৰ আগমুহূৰ্তত বিদায়ী আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথে দায়িত্বত সহযোগিতা আগবঢ়োৱাৰ বাবে মহানগৰ আৰক্ষীৰ সকলো বিষয়া-জোৱান-কৰ্মচাৰীৰ উপৰি অসম চৰকাৰ আৰু গুৱাহাটীবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে।

নাথে কয়, “আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা সময়ছোৱাক প্ৰত্যাহ্বান হিচাপে লৈছিলো আৰু বিভিন্ন ক্ষেত্ৰত যথেষ্ট সফলতাও লাভ কৰিবলৈ সক্ষম হৈছিলো। বিশেষকৈ শিশু অপহৰণৰ ঘটনা কেইবাটাও হৈছিল আৰু আটাইকেইটা ঘটনাতেই অক্ষত অৱস্থাত শিশুকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো।”

উল্লেখযোগ্য যে ২০১৬ চনৰ ২৬ আগষ্টৰ পৰা মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা হীৰেন চন্দ্ৰ নাথে আজি অসম আৰক্ষী বিশেষ শাখাৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণ কৰে।