মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

কোন দলে মোক টিকটৰ পৰা বঞ্চিত কৰিলে? প্ৰফুল্ল কুমাৰ মহন্ত

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত হৈছেহি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত।

গুৱাহাটী বৰঝাৰ বিমান বন্দৰত পত্নী জয়শ্ৰী মহন্তৰ সৈতে নিশা ৮:৫০ বজাত উপস্থিত হয়হি প্ৰফুল্ল কুমাৰ মহন্ত।

শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল মহন্তক। এতিয়া সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

ইপিনে, বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ টিকট কৰ্তন কৰি বিজেপিৰ জিতু গোস্বামীক প্ৰাৰ্থিত্ব দিয়াৰ পাছতে পুনৰ অসম গণ পৰিষদ প্ৰগতিশীলৰ প্ৰাৰ্থী হিচাপে থিয় দিব প্ৰফুল্ল কুমাৰ মহন্ত।

অৱশ্যে বঢ়মপুৰ নে কলিয়াবৰ সমষ্টিৰ পৰা মহন্তই প্ৰতিদ্বন্দিতা কৰিব সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই।

এক সুত্ৰ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই।

মুঠ ১৫ টা সমষ্টিত অসম গণ পৰিষদ প্ৰগতিশীলে প্ৰাৰ্থী থিয় কৰাব বুলি চৰ্চা চলি আছে যদিও কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰতাত চামিল হ’লে তিনিখন আসনৰ পৰা প্ৰাৰ্থী থিয় কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, কমলপুৰ সমষ্টিৰ অগপ বিধায়ক সত্যব্ৰত কলিতা, তেজপুৰ সমষ্টিৰ বৃন্দাবন গোস্বামী, লখিমপুৰত উৎপল দত্ত টিকটৰ পৰা বঞ্চিত হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে।

চৰ্চা চলিছে কমলপুৰ সমষ্টিৰ পৰা অগপ প্ৰগতিশীলৰ প্ৰাৰ্থী হিচাপে থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। য’ত নেকি কংগ্ৰেছ মহাজোঁটে কোনোধৰণৰ প্ৰাৰ্থী থিয় নকৰায় বুলি আমাৰ হাতলৈ খবৰ আহিছে।

ইপিনে, বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়ে প্ৰফুল্ল কুমাৰ মহন্তৰ স্পষ্ট ঘোষণা ‘মই কা বিৰোধী শক্তিৰ সৈতে আছো। কোনটো দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই?’

তেওঁৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে অসম গণ পৰিষদ প্ৰগতিশীল গঠন হ’বলৈ গৈ আছে তথা অগপ দুফাল হ’বলৈ গৈ আছে।

আনহাতে, এক সুত্ৰই জনোৱা অনুসৰি আজি গুৱাহাটীৰ কোনো স্থানত অসম গণ পৰিষদ প্ৰগতিশীল আৰু কংগ্ৰেছৰ মহাজোঁটৰ নেতৃত্ব মিলিত হ’ব।

এয়ে যদি হয় তেন্তে ৰাজ্যত ৰাজনৈতিক দৃশ্যপট অধিক জিলিকি উঠিব বুলি বুলি অনুমান কৰিব পাৰি।