NORTHEAST NOW (Assamese)

৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া প্ৰফুল্ল মহন্ত : প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ

January 3, 2020 2:22 pm · কল্পজ্যোতি শইকীয়া
Updated: January 3, 2020 3:14 pm

“”বিজেপিয়ে বিদেশী খেদাতকৈ এতিয়া মাটিছেহে। ‘৭১ ৰ পাছত অহা সকলো বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগিব। বিজেপিয়ে দুমুখীয়া স্থিতি লৈছে। কংগ্ৰেছক ভোটবেংকৰ বাবে বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বুলি কটাক্ষ কৰাতকৈ তেওঁলোকে বহিষ্কাৰ কৰি দেখুৱাওক।” এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লাষ্টগেটস্থিত হোটেল ‘ৰিভিয়াৰা’ত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কথাৰ প্ৰত্যুত্তৰ দি কয়, “শ্বহীদ কৰালে কোনে? তাৰ বাবে জৰগীয়া প্ৰফুল্ল মহন্ত। ১৯৮০ চনত ইন্দিৰা গান্ধী অসমলৈ আহি ১৯৬৬ৰ ভিত্তিবৰ্ষ কথা কৈছিল, কিন্তু মহন্তই নামানিলে বাবে ৮৫৫ জন শ্বহীদ হ’ল।”

”কংগ্ৰেছে ‘২১ ত চৰকাৰ গঠন কৰিবই, কিন্তু সংখ্যাগৰিষ্ঠ পাম বুলি নকওঁ।” সংবাদমেলত মন্তব্য তৰুণ গগৈৰ।

সাংবাদিকে হিমন্ত বিশ্ব শৰ্মা পুনৰ কংগ্ৰেছলৈ আহিব নিকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে, “হিমন্ত মোৰ কাষলৈ নাহে বুলিও নকওঁ। তেওঁ professional singer। কেতিয়া কি কৰে ঠিক নাই।”

“অসমৰ সুৰক্ষাৰ স্বাৰ্থত ‘কা’ বিৰোধী শক্তিৰ সৈতে একত্ৰিত হ’ম। পৰিস্থিতি সাপেক্ষে বিকল্প ৰাজনৈতিক দল যদি গঠন হৈ আমাৰ লগত মিত্ৰতা কৰিব বিচাৰিলে আপত্তি নাই।” সংবাদমেলত এই মন্তব্য কৰে ৰিপুন বৰাই।

আনহাতে অখিল গগৈ, শৃংখল চলিহা, জীতেন দত্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মৃণাল শইকীয়াই উচটনিমূলক মন্তব্য কৰাৰ পাছতো গ্ৰেপ্তাৰ নকৰিলে বুলি ৰিপুন বৰাই তীব্ৰ সমালোচনা কৰে।

লগতে বৰাই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই এক উচিত ন্যায়িক তদন্ত কৰি হিংসাত্মক কাৰ্যৰ লগত কংগ্ৰেছ জড়িত থকা বুলি প্ৰমাণ কৰি দেখুৱাবলৈ কয়।

সংবাদমেলত উপস্থিত থকা ৰকিবুল হুছেইনে চৰকাৰক প্ৰশ্ন কৰি কয়, “চেম ষ্টেফৰ্ড, দীপাংকৰ দাস, ঈশ্বৰ নায়ক, আৰু অন্য শ্বহীদ সকল কংগ্ৰেছী আছিল নেকি? যদি কংগ্ৰেছী নহয়েই তেন্তে কিয় গুলীওৱা হ’ল? দিপাঞ্জলক পিছফালৰ পৰা গুলীওৱা হ’ল কিয়?”

লগতে তেওঁ যদি কংগ্ৰেছ ধ্বংসাত্মক কামৰ সৈতে জড়িত বুলি বিজেপিয়ে ভাবিছে তেন্তে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

 

Related News