হেভীৱেইট প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ মনোনয়ন দাখিল

পুনৰ উদ্ধাৰ কৰা হব বিটিচি : প্ৰমিলা

a prami

একেৰাহে ষষ্ঠবাৰ অৰ্থাৎ ৩০ বছৰ ধৰি নিৰ্বাচনত জিকি অভিলেখ গঢ়া বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই আজি ৩০ নং কোকৰাঝাৰ পুৱ (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে নিজ মনোনয়নপত্ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে ।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ এনআৰএল পেট্ৰল ডিপোৰ সমীপৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লৈ সমদলেৰে আহি নিজ মনোনয়ন দাখিল কৰি তেওঁ সপ্তমবাৰৰ বাবেও নিৰ্বাচনত জয়ী হব বুলি দাবী কৰিছে ।

৩০ বছৰ বিধায়িকা হৈ থকাৰ বাবে তেওঁৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ উঠিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে ভোটাৰ ৰাইজ তেওঁৰ প্ৰতি আস্থাশীল আৰু এইবাৰো ৰেকৰ্ডসংখ্যক ভোটেৰে নিৰ্বাচনত জয়লাভ কৰিব।

নিৰ্বাচন ইমান সহজ নহয় বুলি দাবী কৰি ইউপিপিএলৰ বিৰুদ্ধেই তেওঁৰ যুঁজ হব বুলি মন্তব্য কৰিছে প্ৰমিলা ৰাণী ব্ৰহ্মই । নিৰ্বাচনত জিকাৰ পিছত মুল লক্ষ্য কি হব বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত বিটিচি পুনৰ উদ্ধাৰ কৰা হব বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে প্ৰমিলা ৰাণী ব্ৰহ্মই ।

উল্লেখ্য যে এইবাৰ প্ৰমিলা ৰাণী ব্ৰহ্মৰ ভেঁটি কপাই মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অবতীৰ্ণ হৈছে এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা ইউপিপিএলৰ যুৱনেতা লৰেঞ্চ ইছলাৰী ।

লৰেঞ্চ ইছলাৰীৰ জনপ্ৰিয়তাই এইবাৰ ৩০ নং কোকৰাঝাৰ পুৱ (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল ওলোট পালট হব পাৰে ।

ইপিনে ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিত যোগ দি ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে আজি ৩০নং কোকৰাঝাৰ পুৱ(জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজ মনোনয়ন দাখিল কৰে লৰেঞ্চ ইছলাৰীয়ে ।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গ্ৰীণ ফিল্ডৰ পৰা কেবা সহস্ৰাধিক সমৰ্থকৰ সতে কেবা কিলোমিটাৰ সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ৰিটাৰ্নিং বিষয়াৰ ওচৰত নিজ মনোনয়নপত্ৰ দাখিল কৰে লৰেঞ্চ ইছলাৰীয়ে ।