মৰুভূমি আহে লাহে লাহে। নৱকান্ত বৰুৱাৰ কবিতাৰ এটা বিখ্যাত পংক্তি। এখন দেশত অনুষ্ঠান-প্ৰতিষ্ঠান কেনেকৈ গঢ়ি উঠে বা সেইবোৰ কেনেকৈ ধ্বংস হয়? সৰ্বাঙ্গীণ কল্যাণ যি কোনো প্ৰগতিশীল অনুষ্ঠান/ প্ৰতিষ্ঠানৰ লক্ষণ। এটা অনুষ্ঠান সুচাৰূৰূপে পৰিচালিত হ’লে তাৰ লক্ষ্য, উদ্দেশ্য আৰু পৰিসৰৰ পৰিসীমা ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈ গৈ থাকে।তেনেদৰেই অনুষ্ঠানটোৰ শ্ৰীবৃদ্ধি হয়।তাৰ ওলোটাটো হ’লে ক্ৰমান্বয়ে এটা অনুষ্ঠান ধ্বংসৰ গৰাহত পৰে। ভাৰতৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহ স্বায়ত্তশাসিত আৰু মজবুত হ’লে তাৰ দ্বাৰা দেশৰ সকলো অংশৰ জনসাধাৰণ সমানে উপকৃত হ’ব।কিন্তু দেশৰ গণতন্ত্ৰ মজবুত হ’লেহে এই অনুষ্ঠানসমূহ মজবুত হ’ব। গণতন্ত্ৰ দুৰ্বল হ’লে এই অনুষ্ঠানসমূহো দুৰ্বল হৈ পৰিব। বা সেই কথাটো আমি এনেকৈও ক’ব পাৰোঁ যে এখন দেশৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহ মজবুত আৰু শক্তিশালী হ’লে সেই অনুষ্ঠানসমূহেই গণতন্ত্ৰকো সুৰক্ষিত কৰি ৰাখিব।
কিন্তু প্ৰথম চৰ্তটো হ’ল, দেশখনত এটা গণতান্ত্ৰিক পৰিবেশ থাকিব লাগিব। এক গণতান্ত্ৰিক পৰিবেশতহে গণতান্ত্ৰিক অনুষ্ঠান ঠন ধৰি উঠে।ভাৰতীয় গণতন্ত্ৰ তেনেই চালুকীয়া। আমাৰ গণতন্ত্ৰৰ ১০০ বছৰো হোৱা নাই।স্বাধীনতাৰ পিছত, প্ৰথমবাৰৰ বাবে, জৰুৰীকালীন অৱস্থাৰ সময়ত, ভাৰতৰ গণতন্ত্ৰ এক সংকটৰ গৰাহত পৰিছিল। কিন্তু জৰুৰীকালীন অৱস্থা আছিল মাত্ৰ ২১ মাহৰ বাবে।তাৰ বিপৰীতে, কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত, যোৱা দহ বছৰ আমাৰ দেশৰ গণতন্ত্ৰ এক ঘোৰতৰ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কেনেকৈ হৈছে? দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান কি? সংসদ।কালি সংসদৰ শীতকালীন অধিবেশন শেষ হৈছে। এইবাৰ আমি সংসদত কি দেখিলোঁ? লোকসভা আৰু ৰাজ্যসভাত? ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধানখৰে কি কৰিছে আমি দেখি আছোঁ।এই মানুহজন যেতিয়া পশ্চিমবংগৰ ৰাজ্যপাল আছিল, সীমাহীন পক্ষপাতিত্বৰে তেওঁ ৰাজ্যপালৰ পদবীটোক ধূলিৰ লগত মিহলি কৰি দিছিল।
বোধহয়, উপ-ৰাষ্ট্ৰপতি হোৱাৰ সেইটোৱে তেওঁৰ প্ৰথম আৰু প্ৰধান যোগ্যতা আছিল। অকল জগদীপ ধানখৰেইনে? অবিজেপি ৰাজ্য চৰকাৰ থকা কোনখন ৰাজ্যত ৰাজ্যপাল গৰাকীয়ে ৰাজ্য চৰকাৰৰ কামত বিধিপথালি নিদিয়াকৈ আছে? সি কেৰালাই হওক বা তামিলনাডুৱে হওক বা দিল্লীয়ে হওক বা আন অবিজেপি-শাসিত ৰাজ্যই হওক। বিজেপি-শাসিত ৰাজ্যবোৰত কিন্তু ৰাজ্যপাল বোলা কিবা এটা পদবী আছে বুলি, আমি গমেই নাপাওঁ।
আকৌ ধানখৰলৈ উভতি গৈছোঁ। এই মানুহজনে ৰাজ্যসভা পৰিচালিত কৰোঁতে ইমান পক্ষপাতিত্ব আৰু দাদাগিৰি কৰে যে বিৰোধী পক্ষই উপায়হীন হৈ তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হ’ল। ঠিক আছে, দুয়ো সদনৰ বিজেপি আৰু বিজেপি সমৰ্থিত দলৰ সদস্য সংখ্যা যিহেতু বিৰোধীতকৈ অধিক, উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিলেও তেওঁ উপ-ৰাষ্ট্ৰপতি হৈয়ে থাকিব।কিন্তু কথাটো কি হ’ল? উপ-ৰাষ্ট্ৰপতি হ’ল ৰাজ্যসভাৰ স্থায়ী অধ্যক্ষ। অধ্যক্ষ গৰাকীৰ ওপৰত যদি বিৰোধী পক্ষৰ সকলো সদস্যৰ আস্থা নাথাকে, তেনেহ’লে, সেইখন কি ৰাজ্যসভা হ’ল? কি উচ্চ সদন হ’ল? তাৰ কি মৰ্যাদা থাকিল? তাত দেশৰ কথা আলোচনা কৰাৰ কি অৱকাশ থাকিল?
ৰাজ্যসভাৰ মজিয়াত সদস্য সকলে যদি চৰকাৰী সিদ্ধান্তৰ ভাল-বেয়া আলোচনা কৰিবই নোৱাৰে তেনেহ’লে সেইখন কি ৰাজ্যসভা হ’ল? প্ৰশ্ন হ’ল, কিয় এনে হৈছে? এইটো বিজেপিৰ কাৰণে হৈছে।গতিকে বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰাৰ ই এক অন্যতম উদাহৰণ।এইবাৰ আহিছোঁ লোকসভালৈ। লোকসভা তেওঁলোকে কেনেকৈ অকামিলা কৰিছে, ধ্বংস কৰিছে চাওক।মণিপুৰ জ্বলি আছে। না, মণিপুৰৰ আলোচনা লোকসভাত নিষেধ।চৰকাৰে আদানীক সোপাই ৰাজহুৱা সম্পদ গতাই দিছে। আদানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ফাদিল হৈছে। আমেৰিকাত গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছে। নাই, তথাপি আদানীৰ আলোচনা সদনত নাকচ। যদি দেশৰ কথা, চৰকাৰৰ হেমাহি আৰু ব্যৰ্থতাৰ কথাই লোকসভাত আলোচনা কৰা নহয়, তেনেহ’লে লোকসভাৰ উদ্দেশ্য কি? তাৰপিছত তেওঁলোকে আন এটা কাম কৰিছে।তেওঁলোকে লোক সভাক অন্য এক ধৰণে শেষ কৰাৰ উপায় এটা উলিয়াইছে। কি কৰিছে?
লোকসভাত বিৰোধীয়ে বিচৰা বিষয় আলোচনা কৰিব নিদিয়ে। বিৰোধীয়ে কি কৰিব? তেওঁলোকে কিংকৰ্তব্যবিমূঢ় হৈ সদনৰ ভিতৰতে ধৰ্ণা দিছে, আন্দোলন কৰিছে।তাতে ঠেলা-হেঁচা কৰিছে। কোনোবাই আঘাত পাইছে। বচ।বিজেপিয়ে ঠিক এইটোৱে বিচাৰিছিল। কিয়? লোকসভা জানো আন্দোলনৰ মঞ্চ? লোকসভা সমালোচনা, আলোচনা, ক্ষুৰধাৰ সমালোচনা, তথ্য, যুক্তিৰ বিতৰ্কৰ মঞ্চ। তাক যেতিয়া বিজেপিয়ে আন্দোলনৰ মঞ্চৰ পৰ্যায়লৈ নমাই আনিলে তাত আৰু কি বাকী থাকিল? গণতন্ত্ৰৰ মোক্ষম অনুষ্ঠান হিচাপে সি জানো শেষ হৈ নগ’ল? দুৰ্ভাগ্যৰ কথা যে বিৰোধীয়ে গম নোপোৱাকৈ বিজেপিৰ এই ফান্দত ভৰি দিলে।গতিকে লোকসভাও শেষ।
তাৰপিছত আহিলোঁ উচ্চতম ন্যায়লয়লৈ।সঁচা-মিছা নাজানো ঘুনক-ঘানাক কৈ খবৰ আহিছে চৰকাৰে হেনো পূৰ্বৰ ভাৰতৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব। মনত পৰিছে নে তেখেতে মোদীৰ লগত একেলগে গণেশ পূজা কৰা ছৱিখনলৈ? মনত পৰিছে নে বাবৰি-মচজিদ গোচৰৰ ৰায় দিয়াৰ সময়ত তেওঁ ভগৱানক পূজা কৰি গৈছিল বোলা কথাষাৰলৈ? আৰু মনত পেলাওক ৰঞ্জন গগৈ ভাৰতৰ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে মোদী তেওঁৰ অফিচলৈ গৈ চাহ খোৱাৰ কথা। মনত পেলাওক ধলা-শদিয়া সেঁতু মুকলি কৰিবলৈ আহোঁতে মোদীয়ে ৰঞ্জন গগৈৰ ককায়েকক লগ কৰাৰ কথা। আৰু অৱসৰৰ পিছত গগৈ গৈ ক’ত বহিল? এসময়ত বিজেপিৰ সাংসদ অৰুণ জেটলীয়ে কৈছিল ‘The desire of a post retirement job influences the pre-retirement judgement of a judge’ মানে ‘অৱসৰৰ পিছত নিয়োগৰ আকাংখ্যাই ন্যায়াধীশ এজনৰ অৱসৰৰ আগৰ ৰায়দান প্ৰভাৱিত কৰে’। এতিয়া বিজেপিয়ে কি কৰিছে? সেইটোৱে কৰা নাইনে? এতিয়া বিজেপিয়ে সকলো গণতান্ত্ৰিক অনুষ্ঠান এটাৰ পিছত এটাকৈ শেষ কৰি গৈছে। দেশ শেষ হ’বলৈ কি বাকী আছে? সেই কাৰণেই মনত পৰিছে নৱকান্তৰ ‘ইয়াত নদী আছিল’ কবিতাটিৰ ‘কিন্তু মৰুভূমি আহে, লাহে লাহে মাহে মাহে বছৰে বছৰে’ পংক্তিটোলৈ!