ছয় বছৰীয়া নিজৰ সন্তানক ডিঙি কাটি হত্যা এগৰাকী গৰ্ভৱৰ্তী মাতৃৰ

index.jpgkkkk

এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছে এগৰাকী গৰ্ভৱৰ্তী মহিলাই।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণি অনুসৰি দেওবাৰে পুৱা ৪ মান বজাত কেৰেলাৰ পোলাক্কাড়ত চাহিদা নামৰ গৰ্ভৱৰ্তী মহিলাগৰাকীয়ে ডিঙি কাটি হত্যা কৰে নিজৰে ছয় বছৰীয়া সন্তানক।

হত্যাকাণ্ড সংঘটিত কৰা চাহিদা তিনি সন্তানৰ মাতৃ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

স্বামী আৰু আন সন্তানকেইটা শুই থকা অৱস্থাতে মাতৃগৰাকীয়ে নিজ ছবছৰীয়া তিনি নম্বৰ সন্তানক বাৰ্থ ৰুমলৈ নি ডিঙি কাটি হত্যা কৰে।

হত্যাকাণ্ডটো সংঘটিত কৰাৰ খবৰ পায়ে প্ৰতিৱেশীয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়।

মাতৃগৰাকীয়ে পৰমেশ্বৰ পৰা নিজ পুত্ৰক হত্যা কৰিবলৈ এটা অলৌকিক ফোন কল লাভ কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে বুলি জনাইছে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে মাতৃগৰাকীক নিজৰ জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।