NORTHEAST NOW (Assamese)

প্ৰকৃত ক’ভিড যোদ্ধা! গৰ্ভৱতী অৱস্থাৰেই ৰোগীক সেৱা কৰি আছে এইগৰাকী নাৰ্ছে, ক’ত?

April 24, 2021 4:22 pm · এন ই নাও নিউজ

ক’ভিড-১৯ৰ স’তে যুঁজা যুদ্ধখনত যে চিকিৎসাকৰ্মীসকল মূল যোদ্ধা, সেয়া প্ৰমাণ কৰিছে গুজৰাটৰ এগৰাকী মানৱদৰদী নাৰ্ছে।

ছুৰাটৰ এখন হস্পিতালত কৰ্মৰত নাৰ্ছগৰাকী চাৰি মাহৰ গৰ্ভধাৰণ অৱস্থাত আছে কিন্তু এই পৰিস্থিতিতো তেওঁ নিজৰ কৰ্তব্য পালন কৰি আছে।

নেন্সী আয়েজা মিস্ত্ৰী নামৰ এই নাৰ্ছগৰাকীয়ে নিজৰ গৰ্ভাৱস্থাৰ উপৰিও নিজা ধৰ্মীয় বিশ্বাস অনুসৰি ৰমজানৰ ৰোজাও পালন কৰি আছে।

মহামাৰীক প্ৰত্যাহ্বান হিচাপে লৈ তেওঁ দৈনিক আঠৰ পৰা দহ ঘণ্টাধৰি আলথান কমিউনিটি হলত থকা অটল ক’ভিড-১৯ কেন্দ্ৰত নিজৰ বৃত্তিগত সেৱা আগবঢ়াই আহিছে।

ইয়াৰ প্ৰতিদান হিচাপে তেওঁ জন্ম হ’ব লগা সন্তানৰ বাবে আৰ্শীবাদ লাভ কৰিছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে গৰ্ভত সন্তান ধাৰণ কৰিলেও তেওঁৰ বাবে দায়িত্ব পালন বেছি প্ৰয়োজনীয়।

”ভগৱানৰ আৰ্শীবাদত, পবিত্ৰ ৰমজান মাহতে মই ৰোগীসকলক সেৱা প্ৰদান কৰাৰ সুবিধা লাভ কৰিছো।”- তেওঁ কয়।

 

Related News