ক’ৰ’নাতংক : এম্বুলেন্স প্ৰৱেশত গাঁওবাসীৰ বাধা, চিকিৎসালয়লৈ ট্ৰলীৰে নিলে গভৰ্ৱতী মহিলাক

15232230-image-crop-1110x630-1582656400-728-32e9147584-1582798914

প্ৰতিনিধিত্বমূলক ছবি, উৎস- ইন্টাৰনেট

সৰ্বত্ৰে ক’ৰ’নাতংক। ক’ৰ’নাতংকৰ বাবেই এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়া হয় এখন ট্ৰলীত।

এই দুখজনক ঘটনাটো সংঘটিত হৈছে যোৱা বুধবাৰে ওড়িশাত।

ঘটনাৰ বিৱৰণীৰ মতে ওড়িশাৰ জয়পুৰ জিলাৰ কোভিড১৯ কন্টেইনমেন্ট জ’নৰ এগৰাকী গৰ্ভৱতী মহিলাক ট্ৰলীৰে বহুকিলোমিটাৰ লৈ যোৱা হয়।

জয়পুৰ জিলাৰ বাৰী ব্লকৰ বেইনশ্ৰীয়া গাঁৱৰ হৰেকৃষ্ণ ওঝা নামৰ লোকজনৰ গৰ্ভৱতী পত্নীক সন্তান প্ৰসৱৰ বাবে হাস্পতাললৈ নিবলৈ ১০৮ হেল্পলাইনেৰে এখন এম্বুলেন্স মাতে।

কিন্তু ক’ৰ’নাতংকৰ বাবে গাঁওবাসীয়ে এম্বুলেন্সখন গাঁৱত সোমাবলৈ নিদিলে।

স্থানীয় আশা কৰ্মী আৰু মহিলাগৰাকীৰ স্বামীয়ে বহু অনুৰোধ কৰাৰ পিছতো গাঁওবাসীয়ে এম্বুলেন্সখন গাঁৱত প্ৰৱেশ কৰাৰ অনুমতি নিদিলে।

ইয়াৰ পিছতে এম্বুলেন্সত থকা ট্ৰলীখেনেৰে আশা কৰ্মী আৰু এম্বুলেন্সখনৰ ৱাৰ্ডেনে গৰ্ভৱতী মহিলাগৰাকী ততাতৈয়াকৈ গাঁওখনৰ বাহিৰলৈ কেবাকিলোমিটাৰ দূৰ লৈ যায়।

ৱাৰ্ডেন গৰাকী মতে গৰ্ভৱতী মহিলাগৰাকীক এঘণ্টাৰ ভিতৰতে প্ৰসৱ কক্ষত ভৰ্তি কৰোৱাটো অতি জৰুৰী আছিল।

‘গাঁওবাসীক বহু অনুৰোধ কৰাৰ পিছতো সৈমান কৰোৱাব নোৱাৰি এইদৰে ট্ৰীলেৰে নিবলৈ বাধ্য হৈ পৰে।’ স্থানীয় আশা কৰ্মী গৰাকীয়ে কয়।

গৰ্ভৱতী মহিলাগৰাকীক গাঁৱৰ পৰা বহুকিলোমিটাৰ দূৰ নিয়াৰ পিছতহে এম্বুলেন্সত উঠাই ১৫ কিলোমিটাৰ দূৰৈৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।