ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে ৱাকফ বিধেয়কত সন্মতি দিলে। এই বিধেয়কখন উত্থাপন হোৱাৰ পিছত লোকসভা আৰু ৰাজ্যসভাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। সংসদৰ দুয়োটা সদনত দীঘলীয়া আলোচনাৰ অন্তত বিধেয়কখন গৃহীত হয়। এইবাৰ ৱাকফ বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিলে।
জানিব পৰা মতে, ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে ৱাকফ বিধেয়কত স্বাক্ষৰ কৰিছে। ফলত বিধেয়কখন আইনত পৰিণত হ’ব। তাৰ লগতে পূৰ্বৰ ৱাকফ বিধেয়কখনো সলনি হ’ব।
বুধবাৰ আৰু বৃহস্পতিবাৰে সংসদৰ দুয়োটা সদনত ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত আলোচনা হয়। লোকসভাৰ পাছত এই বিধেয়কখন ৰাজ্যসভাতো ধ্বনি ভোটৰ জৰিয়তে গৃহীত হয়। ৰাজ্যসভাত এই বিধেয়কখনৰ সপক্ষে ১২৮ জন আৰু বিৰুদ্ধে ৯৫ জনে ভোটদান কৰে। ইয়াৰ পূৰ্বে লোকসভাত ২৮৮ জনে বিধেয়কখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ২৩২ জনে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে।
কিন্তু সংসদৰ দুয়োটা সদনত কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলৰ সাংসদসকলে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ আপত্তি প্ৰকাশ কৰে। এই বিধেয়কখনে ভাৰতৰ সংখ্যালঘুসকলৰ অধিকাৰ কাঢ়ি নিব বুলি তেওঁলোকৰ অভিযোগ। বিজেপিয়ে তেওঁলোকৰ ওপৰত ধৰ্মীয় আঘাত দিবলৈ এই আইনখন আনিছিল।
যদিও সংসদৰ দুয়োটা সদনত এই বিধেয়কখন গৃহীত হৈছে, তথাপিও বিৰোধীয়ে এই প্ৰস্তাৱিত আইনখনক বাধা দিবলৈ ককালত টঙালি বান্ধিছে। এই বিধেয়কখনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে দুই সাংসদ। ইয়াৰে এজন হৈছে AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইছি। লগতে কংগ্ৰেছে ৱাকফ (সংশোধনী) বিধেয়কক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাবলৈ বাৰ্তা প্ৰদান কৰিছে। এই বিধেয়কখনৰ বিৰোধিতা কৰি আম আদমী পাৰ্টীয়েও উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
নতুন বিধেয়কখনত প্ৰথমবাৰৰ বাবে দুজন অমুছলমানক ৱাকফ কাউন্সিলত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কংগ্ৰেছেও এই প্ৰস্তাৱৰ বিৰুদ্ধে আপত্তি আৰু প্ৰতিবাদ কৰিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে বিৰোধীৰ এই অভিযোগ খাৰিজ কৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে দাবী কৰিছে যে এই আইনখন মুছলমান বিৰোধী নহয়।
এই সকলোবোৰৰ মাজতে শনিবাৰে ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত অনুমোদন জনায়।