• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬০গৰাকীৰো অধিক সাংবাদিকৰ অংশগ্ৰহণেৰে নলবাৰীত ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ৰ উদ্যোগত ‘বাৰ্তালাপ’ শীৰ্ষক আঞ্চলিক কৰ্মশালা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 17, 2022 7:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ৰ উদ্যোগত নলবাৰীত আজি ‘বাৰ্তালাপ’ শীৰ্ষক আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৬০গৰাকীৰো অধিক সংবাদিকে অংশগ্ৰহণ কৰে।

সাম্প্ৰতিক প্ৰেক্ষাপটত কাৰ্যনিৰ্বাহ কৰা সাংবাদিকসকল ডিজিটেল দক্ষতাৰে পাৰদৰ্শী হ’ব লাগিব-‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’, গুৱাহাটীয়ে নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা‘বাৰ্তালাপ’ শীৰ্ষক সংবাদ সেৱীসকলৰ আঞ্চলিক কৰ্মশালাত আজি এই অভিমত ব্যক্ত কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। তেওঁ জিলাখনত এনে এক কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ৰ শলাগ লয়।

তেওঁ কৰ্মশালাত অংশগ্ৰহণ কৰা সাংবাদিকসকলক চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ সন্দৰ্ভত জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালনৰ আহ্বান জনায়। আঁচনিসমূহৰ জৰিয়তে চৰকাৰে সৰ্বসাধাৰণ ৰাইজক সহায় কৰাৰ উদ্যোগ গ্ৰহণ কৰে, সেয়ে এই আঁচনিসমূহে আগবঢ়াব পৰা উপকাৰিতাসমূহৰ বিষয়ে ৰাইজক তথ্য অৱগত কৰোৱাতো আক্ষৰিক অৰ্থতে গুৰুত্বপূৰ্ণ কাৰ্য বুলি তেওঁ উল্লেখ কৰে। তেওঁ এনেধৰণৰ আঁচনিসমূহৰ সন্দৰ্ভত সমাজত ইতিবাচক বাৰ্তা দিয়াৰ ব্যৱ্স্থা কৰি সাংবাদিকসকলক ৰাইজক উপকৃত কৰাৰ লগতে চৰকাৰকো এনেবোৰ উদ্যোগ সফল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

কৰ্মশালাত ভাষণ দি ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ উত্তৰপূবমণ্ডলৰসঞ্চালক প্ৰধান বি নাৰায়ণনে কয় যে চৰকাৰী নীতিসমূহৰ লগতে চৰকাৰৰ বিভিন্ন কৰ্যক্ৰমসমূহৰ বিষয়ে সংবাদসেৱীসকলৰ সৈতে তথ্যৰ বিনিময় কৰাৰ উপৰি এইসমূহৰ বিষয়ে আলোচনাৰ এক সুন্দৰ মঞ্চ আগবঢ়াই এই ‘বাৰ্তালাপ’-কাৰ্যসূচীয়ে। সংবাদসেৱীসকলে তথ্যসমূহ জনগণৰ মাজলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি শ্ৰী নাৰায়ণে চৰকাৰী বিভাগসমূহে চৰকাৰী পদক্ষেপসমূহ কেনেদৰে ৰূপায়ণ কৰে আৰু এই ক্ষেত্ৰত সংবাদমাধ্যমে শুদ্ধ তথ্য প্ৰচাৰৰে সমাজক কেনেধৰণে উপকৃত কৰিব পাৰে সেই বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানত উপস্থিত থাকি ‘নলবাৰী জিলা পৰিষদ’ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ জয়ন্ত কুমাৰ গোস্বামীয়ে সংবাদসেৱীসকলৰ বাবে এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ৰ শলাগ লয়। তেওঁ সৰ্বসাধাৰণ ৰাইজে যাতে চৰকাৰী আঁচনিসমূহে আগবঢ়োৱা সা-সুবিধাসমূহৰ সৰ্বাধিক সুযোগ গ্ৰহণ কৰিব পাৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সাংবাদিকসকলে সবিশেষ তথ্য অৱগত কৰাৰ ভূমিকা পালন কৰা উচিত বুলি মন্তব্য কৰে।
বাৰ্তালাপৰ অংশ হিচাপে আজি ‘নিউ টুলছ অব জাৰ্ণেলিজম’ শীৰ্ষক এক আলোচনা চক্ৰৰো দিহা কৰা হয়। এই আলোচনাত সাংবাদিক নৰেশ কলিতাই কয় যে সাংবাদিকসকলে শুদ্ধ তথ্যৰ আধাৰত বাতৰি প্ৰকাশ কৰিব লাগে। তেওঁ সমাজৰ কল্যাণৰ লক্ষ্যৰেহে সাংবাদিকসকলে কাৰ্যনিৰ্বাহ কৰাত গুৰুত্ব আৰোপ কৰে আৰু তাকে কৰিবলৈ প্ৰকৃত আৰু পক্ষপাতিত্বহীন তথ্য আধাৰিত বাৰ্তা সমাজলৈ আগবঢ়াব লাগিব বুলি মন্তব্য কৰে।

আলোচনাত ভাগ লৈ দূৰদৰ্শনৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী অংকুৰ লাহতীয়ে কয় যে সাংবাদিকসকলে সামাজিক মাধ্যমক ইতিবাচক ৰূপত ব্যৱহাৰ কৰাত গুৰত্ব আৰোপ কৰাউচিত। তেওঁ বাতৰিসমূহৰ জৰিয়তে শুদ্ধ তথ্য জনাসাধাৰণলৈ প্ৰেৰণৰ ক্ষেত্ৰত সাংবাদিকসকল সচেষ্ট হ’ব লাগিব বুলি মন্তব্য কৰে। এই আলোচনা পৰিচালনা কৰে ‘পিআইবি’, গুৱাহাটী-ৰ ‘মিডিয়া আৰু কমিউনিকেশ্যন বিষয়া’ স্মিতা শইকীয়াই।

‘পিআইবি’ৰ উপ সঞ্চালিকা পাৱনী গুপ্তাই অংশগ্ৰহণকাৰীসকলক পিআইবি গুৱাহাটীয়ে হাতত লোৱা জন সজাগতা কাৰ্যক্ৰমসমূহৰ বিষয়ে তথ্য অৱগত কৰে। তেওঁ সমাজৰ তৃণমূল পৰ্যায়লৈকে চৰকাৰী আঁচনি-কাৰ্যক্ৰমসমূহৰ তথ্যসমূহ লৈ যোৱাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ সাংবাদিকসকলৰ প্ৰতি গোঁহাৰি জনায়।

‘বাৰ্তালাপ’ত নলবাৰী জিলাত ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে বিশেষ অধিবেশনৰ ব্যৱস্থা কৰা হয়। এই অধিবেশনত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ সুভাষ চন্দ্ৰ শৰ্মাই আয়ুষ্মান ভাৰতে নলবাৰীৰ জন-স্বাস্থ্য খণ্ডলৈ অনা ৰূপান্তৰণ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। নলবাৰী জিলাৰ মীন বিষয়া শ্ৰী ত্ৰৈলোক্য শালৈয়ে ‘প্ৰধানমন্ত্ৰী মত্স্য সম্পদা যোজনা’, নলবাৰীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাই ‘স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয়’ আৰু নলবাৰীৰ কৃষি বিশেষজ্ঞ হবিবুল হকে ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ৰ বিষয়ে বক্তব্য প্ৰদান কৰে।

কৰ্মশালাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে কৰ্মশালাৰ উদ্দেশ্য ব্যাখা কৰে ‘চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেশ্যন’, গুৱাহাটীৰ ‘ক্ষেত্ৰ প্ৰচাৰ বিষয়া’ বৰ্ণালী মহন্তই। ‘চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেশ্যন’গুৱাহাটীৰ ‘ক্ষেত্ৰ প্ৰচাৰ বিষয়া’ সুছৰিতা সাহুৱে শলাগৰ শৰাই আগবঢ়ায়।

জিলা আৰু মহকুমা পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা সংবাদসেৱীসকলৰ সৈতে ‘পিআইবি’-ৰ পোনপটীয়াকৈ মত বিনিময়ৰ উদ্দেশ্যেই আজিৰ কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছিল। আজিৰ কৰ্মশালাত জিলাখনৰ ৬০গৰাকীৰো অধিক সংবাদসেৱীয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd