NORTHEAST NOW (Assamese)

শিৱসাগৰত মহাজোঁট বন্ধনৰ সংবাদমেল; বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে, কংগ্ৰেছে দিছে গ্যেৰাণ্টি

March 15, 2021 12:18 pm · পাৰ্শ্বজ্যোতি গগৈ

আজি শিৱসাগৰৰ ৰাজীৱ ভৱৱত কংগ্ৰেছ চিপিআইকে ধৰি মহাজোঁট বন্ধনৰ বহু কেইটা ৰাজনৈতিক দলে এক যৌথ সংবাদ মেলৰ আয়োজন কৰে।

নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সম্বোধন কৰা সংবাদ মেলত ১০৮ নং সন্মানীয় শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা মহাজোঁটৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈক ভোট দি জয়ী কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি সমষ্টিবাসীক আহ্বান জনায়।

নাগপুৰৰ আৰএছএছৰ দ্বাৰা পৰিচালিত বিজেপি দলটো সাম্প্ৰদায়িক আৰু ধৰ্ম উন্মাদ বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে শাসনলৈ আহিবলৈ বিজেপি দলে বহু প্ৰতিশ্ৰুতি দিলে, কিন্তু এইবাৰ কংগ্ৰেছ দলে গ্যেৰাণ্টি দিছে।

মুঠ পাঁচটা গ্যেৰাণ্টি লৈ এইবাৰ কংগ্ৰেছ দল নিৰ্বাচনত নামিছে।

পাঁচ বছৰত পাঁচ লাখ চাকৰি প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৬৫ টকালৈ বৃদ্ধি,২০০ ইউনিট বিজুলী ৰেহাই, কা’ অসমত প্ৰযোজ্য হবলৈ দিয়া নহব আৰু অসমৰ প্ৰতিগৰাকী গৃহিনীলৈ ২০০০ টকা শাসনলৈ আহি কংগ্ৰেছ দলে প্ৰদান কৰাৰ গ্যেৰাণ্টি দিছে।

তেওঁ কয়, বিজেপি দলৰ মিছাৰ ৰাজনীতি উফৰাই পেলাবলৈ এইবাৰ কংগ্ৰেছ দলে মিত্ৰ দলৰ সৈতে সক্ষম হ’ব বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে শিৱসাগৰ সমষ্টিৰ বাবে শুভ্ৰমিত্ৰ গগৈ এক যোগ্য প্ৰাৰ্থী বুলি ঘোষণা কৰে।

শাসকীয় বিজেপি দলৰ লগতে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হলেও আগৰ নিৰ্বাচন বোৰৰ দৰে এইবাৰো কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হব বুলি সাংসদ গৰাকীয়ে কয়।

শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰলৈ আহি সাংসদ গৰাকীয়ে শিৱ দ’লত সেৱা লৈ আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ প্ৰাৰ্থনা জনায়।

Related News