টীয়কৰ সাপ্তাহিক বজাৰত শাক পাচলিৰ উৰ্ধমুখী দাম : বিপাঙত সাধাৰণ জনতা

Screenshot_2020-10-29-17-26-39_1

ৰাজ্যৰ বজাৰ সমূহত শাক পাচলিৰ উৰ্ধমুখী দামে বিপাঙত পেলাইছে সাধাৰণ জনতাক ।

শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম নিয়ন্ত্ৰণ কৰাৰ সলনি ৰাজ্য চৰকাৰ  ব্যস্ত বিভিন্ন বিষয়কলৈহে l

কায্যত: দিশহাৰা জনসাধাৰণ l ৰাজনৈতিক দল সমূহো ব্যস্ত  দিছপুৰ দখলৰ অংকত ।

জাতীয়তাবাদী সংগঠন সমূহো প্ৰায় নিৰৱ l বিপৰীতে নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী। আজি পুৱা যোৰহাট জিলাৰ  টীয়কৰ হাঁহচৰাৰ সপ্তাহিক বজাৰত দেখা গ’ল শাক পাচলিৰ উৰ্ধমুখী দাম l

বিপাঙত  সাধাৰণ জনতা, ক্ৰেতা । প্ৰতিটো পাচলিৰ মূল্য প্ৰায় ৫০ -৬০ টকাৰ ওপৰত। তথাপি পুৱাই অত্যধিক মূল্য বৃদ্ধি হ’লেও প্ৰয়োজনীয় শাক পাচলি কিনিবলৈ  বজাৰত ভিৰ কৰিছে সাধাৰণ ক্ৰেতাই।

জনতা এতিয়া উপায়হীন। নাই কাৰো প্ৰতিবাদ l সকলো নিৰৱ l