মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰদূষণকে ধৰি বিভিন্ন কাৰকৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। সেয়ে, সাধাৰণ মানুহবোৰ অধিক ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। দৈনন্দিন জীৱনৰ বাবে ঔষধেই আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী। ইয়াৰ দাম বাঢ়িলে মধ্যবিত্ত শ্ৰেণীৰ মূৰত মাধমাৰ পৰে। অহা ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহুকেইবিধ ঔষধৰ দাম।

১ এপ্ৰিলৰ পৰা পেৰাচিটামলকে ধৰি কমেও ৮০০ ঔষধৰ দাম বৃদ্ধি পাব। এই তালিকাত পেইনকিলাৰ, এন্টিবায়টিকৰ দৰে ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে হাৰ্টৰ ঔষধৰ দামও বৃদ্ধি পাব পাৰে।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (NPPA) প্ৰতি বছৰে ঔষধৰ পাইকাৰী মূল্য সূচকাংক (WPI) নিৰ্ধাৰণ কৰে। কোনো বছৰত এই সূচকাংক বৃদ্ধি পায়, আন কোনো বছৰত কমে। সেই দৃষ্টিকোণৰ পৰা চলিত বিত্তীয় বৰ্ষত পুনৰ বৃদ্ধি পাইছে ঔষধৰ মূল্য।

লগতে পঢ়কঃ ভোকৰ গৰাহত ৭৮ কোটি মানুহ : তথাপি পেলনি যায় পৃথিৱীৰ ১৯% খাদ্য

২০২২ আৰু ২০২৩ চনত অত্যাৱশ্যকীয় ঔষধৰ মূল্য ১০ৰ পৰা ১২ শতাংশ বৃদ্ধি পাইছিল। ঔষধৰ মূল্য বৃদ্ধিৰ আঁৰত মুদ্ৰাস্ফীতিৰ কাৰণ বুলি বাৰে বাৰে দাবী কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে। বাৰ্ষিক মূল্য সূচকাংক পৰিৱৰ্তনৰ লগত সংগতি ৰাখি কোম্পানীসমূহক ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

এই মাহত কেন্দ্রীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধৰ দাম নিয়ন্ত্রণৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ কথা জনা গৈছিল৷ ডায়েবেটিছ, ৰক্তচাপৰ ঔষধকে ধৰি ৬৯টা ঔষধৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।

লগতে পঢ়কঃ কেজৰিৱালৰ গ্ৰেপ্তাৰ প্ৰসঙ্গঃ আমেৰিকা, জাৰ্মানীৰ পিছত এইবাৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ তথ্য অনুসৰি এনে ঔষধৰ মূল্য ৮ টকা ৯২ পইচাৰ পৰা ১৩ টকা ২৫ পইচালৈকে নিৰ্দ্ধাৰণ কৰা হৈছে। আগন্তুক দিনত আৰু অধিক ঔষধৰ দামৰ সন্দৰ্ভতো এনে সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি ইংগিত দিয়া হৈছে।