বিহুৰ পিছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য ; কিন্তু কিয়?

নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত : এৰিডা

বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য। নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত।

তাৰ প্ৰভাৱতে ফ্লেটৰ দাম বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডাই।

সোমবাৰে এক সংবাদমেল এৰিডাই জানিবলৈ দিয়ে যে বিহুৰ পিছতে ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকাকৈ। এই মূল্যবৃদ্ধিৰ আঁৰত জড়িত হৈ আছে বহুকেইটা কাৰণ। ফ্লেটৰ মূল্যবৃদ্ধি হ’বলগীয়া কাৰণ সম্পর্কে অৱগত কৰে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডাৰ সভাপতি পি কে শৰ্মাই।

তেওঁ কয় “নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত। ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ প্রকল্পসমূহ প্রায় স্থবিৰ হৈ পৰিছে।

বিশেষকৈ বহনযোগ্য ঘৰ এতিয়া অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় “অসমৰ বিল্ডাৰসকল বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এই পৰিস্থিতিত কেতবোৰ পদক্ষেপ গ্ৰহণৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে। নির্মাণ প্রকল্পবোৰৰ পৰা আৰ্জিত ৰাজহে আনকি নিৰ্মাণৰ ব্যয়ো সামৰি ল’ব পৰা নাই।”

তেওঁ পুনৰ কয় “২০২০ চনৰ পৰা নিৰ্মাণ খণ্ডৰ বাবে প্রয়োজন হোৱা সামগ্ৰীৰ মূল্য প্রতি বর্গফুটত ৬০০ টকা পর্যন্ত বৃদ্ধি পাইছে। নিৰ্মাণত ব্যৱহাত ৰড় আৰু চিমেণ্টৰ দৰে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পাইছে। ইফালে, বিক্রেতাসকলে মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত ইউক্ৰেইনৰ যুদ্ধৰ ফলত বিশ্বব্যাপী যোগান শৃংখলা ব্যাহত হোৱাকে ধৰি বিভিন্ন কাৰণ উল্লেখ কৰে।”

তেওঁ লগতে কয় “কভিড-১৯ৰ পাছত বৰ্তমানৰ মূল্যবৃদ্ধিৰ সংকটে ৰিয়েল ইষ্টেট ডেভ’লপাৰ্ছসকলৰ ওপৰত দ্বৈত আঘাত দিছে। কিয়নো তেওঁলোকৰ বাবে আনুমানিক সময়সীমা আৰু ব্যয়ৰ ভিতৰত প্ৰকল্প সম্পূৰ্ণ কৰাটো অসম্ভৱ হৈ পৰিছে।”

বিশেষকৈ ৰডৰ ক্ষেত্ৰত পৰিস্থিতি ইমানেই বেয়া হৈছে যে যোগানকাৰীসকলে উচ্চমূল্যতো অৰ্ডাৰ ল’বলৈ ইচ্ছুক নহয়। বর্তমান পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ আবাস যোজনাই হওক বা চৰকাৰৰ আন আন্তঃগাঁথনি প্রকল্পই হওক, সকলো নির্মাণ কার্য গুৰুতৰভাবে প্রভাবিত হৈছে।

তেওঁ কয় “বিক্ৰী নোহোৱা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা নাই যদিও অগ্রিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা আছে। কিন্তু বর্তমান পৰিস্থিতিত পূৰ্বতে বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো অসম্ভৱ হৈ পৰিছে। কাৰণ নির্মাণ ব্যয় বহু বৃদ্ধি পাইছে।

বর্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰ আৰু এনচিআৰ ডেভ’লপাৰ্ছসকলে ইতিমধ্যে নির্মাণ সামগ্রী ক্রয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসঙ্গত নোহোৱালৈকে কাম বন্ধ কৰি দিছে। দেশৰ বহু ৰাজ্যই এই সিদ্ধান্ত লৈছে।

বিগত আঢ়ৈ বছৰত ৰড, চিমেণ্ট আৰু অন্যান্য নির্মাণ সামগ্ৰীৰ মূল্য ক্রমান্বয়ে বৃদ্ধি হৈ আহিছে। এইবোৰ এতিয়া এক স্তৰত আকাশচুম্বী হৈছে আৰু যিটো সকলো ডেভ’লপাৰ্চৰ সামৰ্থৰ বাহিৰত। ইয়াত ১৯টা মুখ্য নির্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰিসংখ্যা সকলোৰে তথ্যৰ বাবে এক দৃষ্টান্ত হিচাপে দাঙি ধৰিছোঁ।

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এৰিডাৰ ২৬ মাৰ্চত অনুষ্ঠিত সাধাৰণ সভাত নিৰ্মাণৰ বৰ্ষিত ব্যয় পূৰণ কৰাৰ বাবে সর্বসম্মতিক্রমে ব’হাগ বিহুৰ পাছত সকলো ফ্লেটৰ মূল্য প্রতি বর্গফুটত ৬০০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ব্যয় বৃদ্ধিৰ এই বাস্তব সত্যৰ পৰা কোনেও পৰিত্ৰাণ পাব নোৱাৰে। সেয়া নিজৰ ঘৰ নিৰ্মাণ কৰা ব্যক্তি হওক নাইবা ফ্লেটৰ ক্রেতাই হওক। প্ৰকল্পৰ সময়ছোৱাত ভৱিষ্যতৰ ব্যয়ৰ সঠিক ভবিষ্যতবাণী কোনেও কৰিব নোৱাৰে আৰু প্ৰকল্পটোৰ অস্তিত্ব ৰক্ষাৰ বাবে সকলো বিক্ৰী চুক্তি বৃদ্ধিৰ ধাৰা থকাটো অত্যাবশ্যকীয়। কিয়নো সেয়া সাম্প্রতিক পৰিস্থিতিত স্পষ্টভাবে প্রতিষ্ঠিত হৈছে।

উল্লেখ্য, আৰু ই আৰ এ আইন ২০১৬-এ নির্মাতা ক্ৰেতাৰ চুক্তি বৃদ্ধিৰ ধাৰা অন্তর্ভুক্ত কৰা নাছিল। দুর্ভাগ্যবশতঃ ৰাজ্যিক আৰ ই আব এৰ নিয়মসমূহে বাধ্যতামূলক ন’ এস্কেলেচন ধাৰাৰ সৈতে এখন খচৰা চুক্তি আৰোপ কৰিছিল। ইয়াৰ মাজতে কেইবাটাও ৰায় দিয়া হৈছে- যত কোৱা হৈছে যে ঘোষিত নিয়মবোৰে কোনো পৰিস্থিতিত আইনখন অগ্রাহ্য কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ দেশতে প্রযোজ্য ৰাষ্ট্ৰীয় ক্রেতা-নির্মাতা চুক্তি প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

এৰিডায়ে চুক্তিখনত এটা বৃদ্ধিৰ ধাৰা অন্তর্ভূক্ত কৰাৰ বাবে জোৰ দি আহিছে। সংশ্লিষ্ট সকলোৱে বুজিব লাগিব যে যদি নিৰ্মাণৰ অস্বাভাবিক বৃদ্ধিৰ বাবে বা আন কোনো বৈধ কাৰণত এজন প্ৰমটাৰ দেউলিয়া হৈ পৰে, তেন্তে প্রকল্পটো সম্পূর্ণ কৰাটো তেওঁৰ বাবে অসম্ভৱ হ’ব আৰু এয়া কেতিয়াও ফ্লেট ক্রেতাৰ সর্বোত্তম হিতব বাবে হ’ব নোৱাৰে। আমি প্রকল্প সম্পূর্ণ হোৱাৰ ম্যাগত ৬ মাহৰ সম্প্ৰসাৰণৰ বাবে আৰু ই আৰ এ কর্তৃপক্ষৰ ওচৰত আবেদন কৰি আহিছে।