গুৱাহাটীত পুনৰ বাঢ়িল গাখীৰৰ দাম। এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ পাম সন্থাই।
শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৫ টকা বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ লগে লগে আজিৰ পৰা প্ৰতি লিটাৰ গাখীৰ ৫৮ টকাত বিক্ৰী হ’ব। পূৰ্বতে প্ৰতি লিটাৰ গাখীৰৰ মূল্য আছিল ৫৩ টকা।
বৃহত্তৰ গুৱাহাটী দুগ্ধ পাম সন্থাই দাবী কৰিছে যে শেহতীয়াকৈ গৰুৰ খাদ্যৰ দাম বৃদ্ধি পোৱাৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে।
উল্লেখ্য যে, ইয়াৰ লগে লগে পাইকাৰীযোগানকাৰীয়ে এতিয়া দুগ্ধ পালকৰ পৰা গাখীৰ কিনিব লগা হৈছে প্ৰতি লিটাৰত ৫৮.৬০ টকাকৈ। এনে মূল্যবৃদ্ধিৰ বাবে পাইকাৰী যোগানকাৰীয়ে গাখীৰ ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে।
আনহাতে, বৃহত্তৰ গুৱাহাটী দুগ্ধ পাম সন্থাই দাবী কৰিছে যে পাইকাৰী যোগানকাৰীয়ে যদি তেওঁলোকৰ গাখীৰ ক্ৰয় নকৰে তেন্তে তেওঁলোকে পোনপটীয়াকৈ গ্ৰাহকক গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব।