এইবাৰ ৯ নৱেম্বৰত গুৱাহাটী কঁপাবলৈ সাজু প্ৰাথমিক শিক্ষক
প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ ৰাজ্য চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই অহা ৯ নৱেম্বৰত গুৱাহাটী কঁপাবলৈ সাজু হৈছে ৫০ হাজাৰৰো অধিক প্ৰাথমিক শিক্ষক। বিভাগীয় অনুৰোধত তিনিবাৰকৈ প্ৰাথমিক শিক্ষকে সন্মিলনীয়ে ঘোষণা কৰা কাৰ্যসূচী স্থগিত ৰাখিছিল যদিও শিক্ষা মন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ প্ৰতিবাদত এইবাৰ তেওঁলোকে গুৱাহাটীত সমৱেত হৈ অসহযোগৰ শপত গ্ৰহণ কৰিব।
যোৱা ১৯ জুনত প্ৰাথমিক শিক্ষকে সন্মিলনীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল যদিও শিক্ষা মন্ত্ৰীৰ অনুৰোধত সেয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল।
প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ সৃষ্টি কৰি দৰমহা বিধি মতে প্ৰাপ্য দৰমহা দিয়া, স্নাতক শিক্ষকক ৮,৭০০ টকা গ্ৰেড পে’ আদায় দিয়া, কৰ্মৰত বেতন বঞ্চিত আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচৰ্তে নিয়মীয়া কৰা, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আদি বিভিন্ন দাবী পূৰণৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰীয়ে উক্ত দাবীসমূহ ৪৫ দিনৰ ভিতৰত সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সন্মিলনীয়ে শিক্ষা মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ প্ৰতিবাদত তেওঁলোকৰ স্থগিত ৰখা কাৰ্যসূচী পুনৰ ঘোষণা কৰিছে।
প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদক ক্ৰমে জীৱন চন্দ্ৰ বৰা আৰু ৰাতুল চন্দ্ৰ গোস্বামীয়ে বৃহস্পতিবাৰে এক বিবৃতিত উল্লেখ কৰে যে বৰ্তমান ৰাজ্য চৰকাৰখনে শিক্ষকক ‘দি কাঢ়ি লৈ যোৱা’ নীতি গ্ৰহণ কৰিছে।
তেওঁলোকে কয়, ‘’সকলো মন্ত্ৰী, বিষয়াই প্ৰধান শিক্ষক বুলি সম্বোধন কৰি চিঠি লিখে। ৩২টাকৈ নথিৰ ফাইলৰ তথ্য বিচাৰে কিন্তু প্ৰধান শিক্ষকৰ মৰ্যাদা নিদিয়ে।‘’
তদুপৰি, ১৭ মাহ ধৰি পাই থকা গ্ৰেড পে’ কৰ্তন কৰা, প্ৰথম কেবিনেটত ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতিৰ কথা চৰকাৰখনে পাহৰি গৈছে বুলিও তেওঁলোকে উল্লেখ কৰিছে।
আনহাতে, ৯ নৱেম্বৰৰ সমাৱেশত সকলো প্ৰাথমিক শিক্ষককে উপস্থিত থাকিবলৈ সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে আহ্বান জনাইছে।