ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উত্থাপন কৰিছে বিস্ফোৰণ অভিযোগ। বুধবাৰে ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত অভিযোগ কৰে যে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। কিয়নো, তেওঁৰ হাত-ভৰি বন্ধা। তেওঁ আদানীয়ে আমেৰিকাত কৰা বৃহৎ বিনিয়োগৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ ওপৰত উচ্চ ৰপ্তানি শুল্ক আৰোপ কৰিছে। ট্ৰাম্পে সকীয়াই দিছে যে যদি ভাৰতে ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰা বন্ধ নকৰে তেন্তে অধিক শুল্ক আৰোপ কৰা হ’ব।
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু বিৰোধী শিবিৰে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে যে প্ৰধানমন্ত্ৰীয়ে নিজৰ স্বাৰ্থৰ বাবে দেশৰ অপমান হজম কৰিছে।
লোকসভাত অপাৰেচন সিন্দুৰ বিতৰ্কত ৰাহুলে কয় যে ইন্দিৰা গান্ধীৰ ত্ৰিশ শতাংশ সাহস নৰেন্দ্ৰ মোডীৰ হাতত থাকিলে ড’নাল্ড ট্ৰাম্পক পোনপটীয়াকৈ উত্তৰ দিলেহেঁতেন।বুধবাৰে পুনৰ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি ৰাহুলে আদানীৰ নাম উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ হাত-ভৰি বন্ধা আছে। কাৰণ তেওঁ গৌতম আদানীয়ে আমেৰিকাত কৰা বিনিয়োগক ৰক্ষা কৰিব লাগিব। সেইবাবেই তেওঁ ট্ৰাম্পৰ বিৰুদ্ধে মাত মাতিব পৰা নাই।